--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কালী’ শীৰ্ষক এখন তথ্যচিত্ৰৰ পোষ্টাৰে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত মা কালীয়ে ধুমপান কৰা আৰু LGBTQ ৰ পতাকা লৈ থকা দেখা গৈছে। এই পোষ্টাৰ কানাডাত আয়োজিত এক প্ৰজেক্ট অণ্ডৰ দ্যা টেন্টত প্ৰদৰ্শিত কৰা হয়। এই বিতৰ্কিত পোষ্টাৰৰ বাবে বিতৰ্কত সোমাই পৰাৰ লগতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকালাই। হিন্দু ধৰ্মক অপমান কৰাৰ দোহাই দি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। 

আৰম্ভ হোৱা বিতৰ্কৰ পাছতেই কানাডস্থিত ভাৰতীয় উচ্চায়োগে এই ঘটনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰে। এই বিবৃতিত কোৱা হৈছে যে কানাডাত বহু হিন্দু নেতাই গোচৰ ৰুজু কৰিছে। ইয়াৰ পাছতেই উচ্চায়োগে সকলো ধৰণৰ বিবাদিত পোষ্টাৰ আঁতৰাই দিবলৈ আহ্বান জনায়। এইবাৰ হৰিদ্বাৰৰ শ্ৰী পঞ্চায়তী নিৰঞ্জনী আখৰাৰ মহামণ্ডলেশ্বৰ স্বামী বৈৰাজ্ঞানন্দ গিৰি মহাৰাজ ধৰ্মগুৰু মিৰ্চি বাবাই দিছে এক বিতৰ্কিত বক্তব্য। হিন্দু দেৱীক অপমান কৰা চলচ্চিত্ৰ লীনা মণিমেকালাইৰ শিৰচ্ছেদ কৰিব পাৰিলে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ধৰ্মগুৰুগৰাকীয়ে। তেওঁ কয় যে ''হিন্দু ধৰ্মক অপমান কৰাৰ এয়া এক গভীৰ ষড়যন্ত্ৰ। মা কালীক ঘোৰ অপমান কৰা হৈছে। নিৰঞ্জনী আখৰাৰ এজন সাধু হোৱাৰ বাবে মই ঘোষণা কৰিছো যে এনে চিনেমা নিৰ্মাণ কৰাগৰাকীৰ মূৰ কাটিব পৰাজনক মই ২০ লাখ টকা পুৰস্কাৰ দিম। এই বিষয়ে সকলোতে আইনী ব্যৱস্থা গ্ৰহণ কৰা বাবে আবেদন দিয়া হৈছে, কিন্তু আইনীভাৱে একো কৰা নাই, গতিকে নিৰ্মাতাগৰাকীৰ শিৰচ্ছেদ কৰাই হ’ব উত্তম।'' 

মিৰ্চিবাবাৰ বাহিৰেও লীনা মণিমেকলাইক দুদিন পূৰ্বে মুকলিকৈ হত্যাৰ ভাবুকি দিছিল আৰু এগৰাকী হিন্দু ধৰ্মীয় সন্তই। অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস মহন্ত নামৰ সন্ত গৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ৰাজহুৱাকৈ শিৰচ্ছেদৰ ভাবুকি প্ৰদান কৰিছে। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যদি এতিয়াও ক্ষমা বিচাৰে, তেওঁ ক্ষমা কৰিব পাৰি বুলি মহন্ত ৰাজু দাসে মন্তব্য কৰিছে। সন্ত গৰাকীয়ে লগতে একপ্ৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি প্ৰত্যাহ্বান জনাই কয়, “যদি গৃহ মন্ত্ৰালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে বা যদি চিনেমাখন মুক্তি পায়, আমি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিম যে চম্ভালিবলৈ কঠিন হ’ব।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ