--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কালী’ শীৰ্ষক এখন তথ্যচিত্ৰৰ পোষ্টাৰে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত মা কালীয়ে ধুমপান কৰা আৰু LGBTQ ৰ পতাকা লৈ থকা দেখা গৈছে। এই পোষ্টাৰ কানাডাত আয়োজিত এক প্ৰজেক্ট অণ্ডৰ দ্যা টেন্টত প্ৰদৰ্শিত কৰা হয়। এই বিতৰ্কিত পোষ্টাৰৰ বাবে বিতৰ্কত সোমাই পৰাৰ লগতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকালাই। হিন্দু ধৰ্মক অপমান কৰাৰ দোহাই দি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। 

আৰম্ভ হোৱা বিতৰ্কৰ পাছতেই কানাডস্থিত ভাৰতীয় উচ্চায়োগে এই ঘটনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰে। এই বিবৃতিত কোৱা হৈছে যে কানাডাত বহু হিন্দু নেতাই গোচৰ ৰুজু কৰিছে। ইয়াৰ পাছতেই উচ্চায়োগে সকলো ধৰণৰ বিবাদিত পোষ্টাৰ আঁতৰাই দিবলৈ আহ্বান জনায়। এইবাৰ হৰিদ্বাৰৰ শ্ৰী পঞ্চায়তী নিৰঞ্জনী আখৰাৰ মহামণ্ডলেশ্বৰ স্বামী বৈৰাজ্ঞানন্দ গিৰি মহাৰাজ ধৰ্মগুৰু মিৰ্চি বাবাই দিছে এক বিতৰ্কিত বক্তব্য। হিন্দু দেৱীক অপমান কৰা চলচ্চিত্ৰ লীনা মণিমেকালাইৰ শিৰচ্ছেদ কৰিব পাৰিলে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ধৰ্মগুৰুগৰাকীয়ে। তেওঁ কয় যে ''হিন্দু ধৰ্মক অপমান কৰাৰ এয়া এক গভীৰ ষড়যন্ত্ৰ। মা কালীক ঘোৰ অপমান কৰা হৈছে। নিৰঞ্জনী আখৰাৰ এজন সাধু হোৱাৰ বাবে মই ঘোষণা কৰিছো যে এনে চিনেমা নিৰ্মাণ কৰাগৰাকীৰ মূৰ কাটিব পৰাজনক মই ২০ লাখ টকা পুৰস্কাৰ দিম। এই বিষয়ে সকলোতে আইনী ব্যৱস্থা গ্ৰহণ কৰা বাবে আবেদন দিয়া হৈছে, কিন্তু আইনীভাৱে একো কৰা নাই, গতিকে নিৰ্মাতাগৰাকীৰ শিৰচ্ছেদ কৰাই হ’ব উত্তম।'' 

মিৰ্চিবাবাৰ বাহিৰেও লীনা মণিমেকলাইক দুদিন পূৰ্বে মুকলিকৈ হত্যাৰ ভাবুকি দিছিল আৰু এগৰাকী হিন্দু ধৰ্মীয় সন্তই। অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস মহন্ত নামৰ সন্ত গৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ৰাজহুৱাকৈ শিৰচ্ছেদৰ ভাবুকি প্ৰদান কৰিছে। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যদি এতিয়াও ক্ষমা বিচাৰে, তেওঁ ক্ষমা কৰিব পাৰি বুলি মহন্ত ৰাজু দাসে মন্তব্য কৰিছে। সন্ত গৰাকীয়ে লগতে একপ্ৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি প্ৰত্যাহ্বান জনাই কয়, “যদি গৃহ মন্ত্ৰালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে বা যদি চিনেমাখন মুক্তি পায়, আমি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিম যে চম্ভালিবলৈ কঠিন হ’ব।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে