--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ নিৰাপত্তা বাহিনীৰ ওপৰত আন এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। পঞ্জাবৰ অমৃতসৰৰ খাচা গাঁৱত বিএছএফৰ এটা মেছত গুলীচালনাৰ ঘটনা সংঘটিত হয়। অমৃতসৰৰ খাচা গাঁৱত থকা বিএছএফৰ এটা মেছত গুলীচালনা এই ঘটনা সংঘটিত হয়। গুলীচালনা কৰা কনিষ্টবলজনসহ প্ৰায় পাঁচজন সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱানৰ এই ঘটনাত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আজি পুৱাৰ ভাগতে ঘটনাটো সংঘটিত হৈছিল। অমৃতসৰত বিএছএফৰ মেছৰ ভিতৰত অকস্মাৎ এজন কনিষ্টবলে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। প্ৰত্যাক্ৰমণত বিএছএফৰ কনিষ্টবলজনো নিহত হৈছে। এই ঘটনাত আন কেইবাজনো লোক আহত হয় আৰু আহত জোৱানসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই ঘটনাটোৱে ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে, চাৰিজন বিএছএফ জোৱানৰ মৃতদেহ চিকিৎসালয়লৈ নিয়া হৈছে। ঘটনা সন্দৰ্ভত বিএছএফৰ বিষয়াসকলে এক বিবৃতিত কয়, ‘এটা অতি দুৰ্ভাগ্যজনক ঘটনাত অমৃতসৰৰ বিএছএফ কেম্পত পাঁচজনকৈ জোৱানে প্ৰাণ হেৰুৱাইছে। ঘটনাটোত কেপ্টেইন সত্তেপ্পা এছ কেও আঘাতপ্ৰাপ্ত হৈছিল। আহত ৬জনৰ ভিতৰত কেপ্টেইন সত্তেপ্পাকে ধৰি ৫জনে প্ৰাণ হেৰুৱাইছে। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক। এই ঘটনাৰ এটা ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’ ইফালে, আটাইকেইজন আহত জোৱানক গুৰু নানক দেৱ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। কিহৰ পৰা এই ঘটনাৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন