--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক সাত বছৰৰ ভিতৰত মানুহে অমৰত্ব লাভ কৰিবলৈ সক্ষম হ’ব৷  শেহতীয়াকৈ গুগলৰ প্ৰাক্তন অভিযন্তা ৰে কুৰ্জৱেইলে এই ভৱিষ্যদ্বাণী কৰিছে। নেন’ৰবটৰ সহায়ত এই কাম সম্ভৱ হ’ব বুলিও তেওঁ কয়।

প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰেই অসংখ্য বঁটা লাভ কৰিছে। তেওঁৰ মতে আমি জেনেটিক্স, ৰবটিক্স আৰু নেন’টেকন’লজীৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছো, তাৰ লগে লগে অতি সোনকালে আমাৰ শিৰাৰ মাজেৰে নেন’বটবোৰে খোজ কাঢ়িব পাৰিব।

এই অণুবীক্ষণিক ৰবটবোৰে বাৰ্ধক্য আৰু ৰোগ প্ৰতিৰোধ কৰিব বুলি তেওঁ দাবী কৰে, আৰু আমাৰ শৰীৰৰ কোষীয় স্তৰবোৰ গঢ়ি তুলিব, যাৰ ফলত আমি অমৰত্বৰ দিশে আগবাঢ়িব পাৰো।

৭৫ বছৰীয়া কম্পিউটাৰ বিজ্ঞানীগৰাকীয়ে স্বাস্থ্য, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ভৱিষ্যতৰ ওপৰত গ্ৰন্থ লিখিছে। বিভিন্ন সময়ত তেওঁ যিবোৰ ভৱিষ্যদ্বাণী কৰিছে, সেইবোৰ আপাত দৃষ্টিত শুদ্ধ বুলি প্ৰমাণিত হৈছে। তেওঁ কয় যে ১৯৯৯ চনৰ ভিতৰত গ্ৰাহকে ঘৰুৱা কম্পিউটাৰৰ পৰা নিজৰ সঠিক জোখ অনুসৰি কাপোৰ ডিজাইন কৰিব পাৰিব।

তেওঁ লগতে কয় যে ২০০০ চনৰ ভিতৰত বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ এজন কম্পিউটাৰৰ হাতত পৰাস্ত হ’ব। তেওঁৰ এই সকলোবোৰ দাবী সত্য বুলি প্ৰমাণিত হৈছে।

২০৪৫ চনৰ ভিতৰত মানৱ শৰীৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা এক হৈ উঠিব বুলিও ৰেই কয়। ফলত মানুহৰ দক্ষতা আৰু বুদ্ধিমত্তা কেইবাগুণো বৃদ্ধি পাব। এই পদ্ধতিক ‘The Singularity’ বোলা হয়। তেওঁৰ মতে ২০২৯ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ সদৃশ বুদ্ধিমত্তা লাভ কৰিবলৈ সক্ষম হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস