--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক সাত বছৰৰ ভিতৰত মানুহে অমৰত্ব লাভ কৰিবলৈ সক্ষম হ’ব৷  শেহতীয়াকৈ গুগলৰ প্ৰাক্তন অভিযন্তা ৰে কুৰ্জৱেইলে এই ভৱিষ্যদ্বাণী কৰিছে। নেন’ৰবটৰ সহায়ত এই কাম সম্ভৱ হ’ব বুলিও তেওঁ কয়।

প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰেই অসংখ্য বঁটা লাভ কৰিছে। তেওঁৰ মতে আমি জেনেটিক্স, ৰবটিক্স আৰু নেন’টেকন’লজীৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছো, তাৰ লগে লগে অতি সোনকালে আমাৰ শিৰাৰ মাজেৰে নেন’বটবোৰে খোজ কাঢ়িব পাৰিব।

এই অণুবীক্ষণিক ৰবটবোৰে বাৰ্ধক্য আৰু ৰোগ প্ৰতিৰোধ কৰিব বুলি তেওঁ দাবী কৰে, আৰু আমাৰ শৰীৰৰ কোষীয় স্তৰবোৰ গঢ়ি তুলিব, যাৰ ফলত আমি অমৰত্বৰ দিশে আগবাঢ়িব পাৰো।

৭৫ বছৰীয়া কম্পিউটাৰ বিজ্ঞানীগৰাকীয়ে স্বাস্থ্য, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ভৱিষ্যতৰ ওপৰত গ্ৰন্থ লিখিছে। বিভিন্ন সময়ত তেওঁ যিবোৰ ভৱিষ্যদ্বাণী কৰিছে, সেইবোৰ আপাত দৃষ্টিত শুদ্ধ বুলি প্ৰমাণিত হৈছে। তেওঁ কয় যে ১৯৯৯ চনৰ ভিতৰত গ্ৰাহকে ঘৰুৱা কম্পিউটাৰৰ পৰা নিজৰ সঠিক জোখ অনুসৰি কাপোৰ ডিজাইন কৰিব পাৰিব।

তেওঁ লগতে কয় যে ২০০০ চনৰ ভিতৰত বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ এজন কম্পিউটাৰৰ হাতত পৰাস্ত হ’ব। তেওঁৰ এই সকলোবোৰ দাবী সত্য বুলি প্ৰমাণিত হৈছে।

২০৪৫ চনৰ ভিতৰত মানৱ শৰীৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা এক হৈ উঠিব বুলিও ৰেই কয়। ফলত মানুহৰ দক্ষতা আৰু বুদ্ধিমত্তা কেইবাগুণো বৃদ্ধি পাব। এই পদ্ধতিক ‘The Singularity’ বোলা হয়। তেওঁৰ মতে ২০২৯ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ সদৃশ বুদ্ধিমত্তা লাভ কৰিবলৈ সক্ষম হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল