ডিজিটেল ডেস্কঃ তেওঁ এগৰাকী মন্ত্ৰী। তেওঁ ‘চিত্ৰ আৰু কবিতাৰ দেশ’ ফ্ৰান্সৰ মন্ত্ৰী। ফ্ৰান্সৰ দৰে এখন ঐতিহাসিক আৰু আগবঢ়া দেশৰ মন্ত্ৰী হৈ তেওঁ বহুতে নভবা কাম এটা কৰিলে৷ বিখ্যাত প্লেবয় আলোচনীৰ কভাৰ ফটোৰ বাবে পোজ দিয়ে মন্ত্ৰীগৰাকীয়ে৷
মুকলি চুলি৷ বগা কাপোৰ। বুকুৰ বিভাজন স্পষ্ট। 'প্লেবয়'ৰ প্ৰচ্ছদত এইদৰেই নতুন অৱতাৰ ঘটালে মন্ত্ৰীগৰাকীয়ে! তাকে লৈ বিতৰ্ক আৰম্ভ হৈছে।
এই কামৰ বাবে কেৱল সাধাৰণ মানুহেই নহয়, ফ্ৰান্সৰ মন্ত্ৰীগৰাকীক সমালোচনা কৰিছে তেওঁৰ নিজৰ দল, বিৰোধী ৰাজনৈতিক দল, আনকি প্ৰধানমন্ত্ৰী নিজেও।
‘প্লেবয়’ আলোচনীৰ কভাৰত নিজৰ মুখ দেখুৱাই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মাৰ্লিন শ্বিয়াপ্পা নামৰ ফ্ৰান্স চৰকাৰৰ এই মন্ত্ৰীগৰাকী৷
বৰ্তমান মাৰ্লিন দেশৰ বিত্ত আৰু সমাজ পৰিক্ৰমা মন্ত্ৰী। ‘প্লেবয়’ আলোচনীত তেওঁৰ ১২ পৃষ্ঠাৰ সাক্ষাৎকাৰক লৈ যথেষ্ঠ চৰ্চা আৰম্ভ হৈছে। মহিলা আৰু এলজিবিটিকিউৰ অধিকাৰৰ সৈতেও জড়িত তেওঁ।
‘প্লেবয়’ আলোচনীত মাৰ্লিনৰ অৱতাৰক সমালোচনা কৰিছিল সেই দেশৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণে। তেওঁ ক'লে, "এইটো একেবাৰে ঠিক নহয়৷’’
কিন্তু তেওঁক লৈ যিমানেই বিতৰ্ক নহওক কিয়, মন্ত্ৰী মাৰ্লিনে নিজৰ সিদ্ধান্তক লৈ অটল। টুইটাৰযোগে তেওঁ কয় যে মহিলাসকলে নিজৰ শৰীৰেৰে যি বিচাৰে তাকে কৰিব পাৰে। এই অধিকাৰৰ পক্ষত তেওঁ।
কিন্তু কোন এই মাৰ্লিন? যি মন্ত্ৰী হৈও প্লেবয় আলোচনীত ফটো প্ৰকাশ কৰে? ১৯৮২ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল মাৰ্লিনৰ। আলোচনীখনৰ লগত তেওঁৰ সম্পৰ্ক পুৰণি। ৰাজনীতিত যোগদান কৰাৰ আগতে তেওঁ এটা বিজ্ঞাপন সংস্থাত কাম কৰিছিল।
২০০৭ চন। সেই বছৰতে অনলাইন আলোচনী "লেছ পেছনৰিয়াছ" তেওঁৰ হাতত ধৰি চলিবলৈ আৰম্ভ কৰে। পিছৰ বছৰ অৰ্থাৎ ২০০৮ চনত তেওঁ এটা ব্লগ তৈয়াৰ কৰে।
মেৰিলিনে কৰ্মৰত মাতৃৰ বিষয়ে ব্লগটো আৰম্ভ কৰিছিল। যাৰ নাম ৰাখিছিল, ‘মামান ট্ৰাভায়ে’ (মমি ৱৰ্কছ)। এই ক্ষেত্ৰতো তেওঁ সফল হৈছিল।
ইয়াৰ পিছত মাৰ্লিন নিজেও মাতৃ হৈ পৰিল। জন্ম দিলে কন্যা সন্তান। ইয়াৰ পিছত তেওঁ বিজ্ঞাপন সংস্থাৰ পৰা আঁতৰি যায়। তেওঁৰ বাবে এটা নতুন অধ্যায় আৰম্ভ হয়।
সেই সময়ত মাৰ্লিনে লিখাৰ ওপৰত গুৰুত্ব দিছিল। মাতৃত্ব আৰু নাৰী বিষয়ক উপন্যাস লিখিবলৈ আৰম্ভ কৰে। ইয়াতো তেওঁ সফল হৈছিল। তেওঁৰ সফল গ্ৰন্থসমূহৰ ভিতৰত আছে ‘লেটাৰ্ছ টু মাই ইউটেৰাছ’ আৰু ‘হু আৰ দ্য ৰেপিষ্টছ’।
কিতাপ লিখাৰ পিছত তেওঁ ৰাজনীতিৰ ফালে ঢাল খালে। সেয়া হ’ল ২০১৪ চন। সেই বছৰতে তেওঁ ফ্ৰান্সৰ লে মানছৰ উপ-মেয়ৰ নিৰ্বাচিত হয়।
২০১৫ চনত মেক্ৰনে তেওঁক লগ পাইছিল। সেই সময়ত মেক্ৰন বিত্তমন্ত্ৰী আছিল। সেই বৈঠকৰ কেইসপ্তাহমানৰ পাছত মেৰিলিনক বৰ্তমানৰ ৰাষ্ট্ৰপতিয়ে লিংগ সমতা আৰু ৰাজনীতিৰ ওপৰত এখন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কয়।
২০১৭ চনত মাৰ্লিনে লিংগ সমতাৰ ৰাজ্যিক সচিব হয়। ২০২০ চনত তেওঁ দেশৰ নাগৰিকৰ বিশেষ অধিকাৰৰ দায়িত্বত থকা মন্ত্ৰী হিচাপে পৰিগণিত হয়। মাৰ্লিন এই বছৰ দেশৰ প্ৰথমজন লিংগ সমতা মন্ত্ৰী হিচাপে পৰিগণিত হয়।
এই কাৰ্যালয়ৰ দায়িত্ব লৈ তেওঁ যৌন নিৰ্যাতন ৰোধৰ বাবে নতুন আইন আনিলে। আইন সন্দৰ্ভত তেওঁ কয় যে যদি আপুনি ৰাজপথত মহিলাক হাৰাশাস্তি আৰু খেদি ফুৰাৰ দৰে অপৰাধ কৰে তেন্তে অভিযুক্তৰ পৰা তৎক্ষণাত জৰিমনা আদায় কৰা হ’ব।
মাৰ্লিন সদায় নাৰীবাদী হিচাপে পৰিচিত। শেহতীয়াকৈ প্লেবয় আলোচনীৰ কভাৰক লৈ বিতৰ্কৰ মাজতে মহিলাৰ বাবে মাত মাতিছে।
প্লেবয় আলোচনীয়েও এই বিতৰ্কত মুখ মেলিলে। আলোচনীখনৰ সম্পাদক জিন ক্রিষ্টোফ ফ্ল’ৰেন্টিনে কয় যে মাৰ্লিন মহিলাৰ অধিকাৰৰ প্ৰতি আকৰ্ষিত। লগতে ক'লে, "মাৰ্লিনে বুজি পাইছিল যে এই আলোচনীখন আৰু আগৰ দৰে কেৱল পুৰুষৰ বাবে নহয়। মহিলাৰ বাবেও ই এক মাধ্যম।''
প্লেবয়েও উল্লেখ কৰিছে যে ই এতিয়া ‘ছফ্ট পৰ্ণ’ আলোচনী নহয়। ৩০০ পৃষ্ঠাৰ কিতাপ আৰু আলোচনীৰ মিশ্ৰণ। অৱশ্যে ইয়াৰ পিছতো বিতৰ্ক বন্ধ নহয়। দৰাচলতে দেশৰ মন্ত্ৰীগৰাকীৰ এনে এক স্পষ্ট ছবি দেখি বহু লোক হতভম্ব হৈ পৰিছিল।