--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অন্ধকাৰত বুৰ যাব পৃথিৱী৷ আপুনি হয়তো সোনকালে একোৱেই নেদেখা হৈ পৰিব৷ ইমানেই আন্ধাৰ হৈ পৰিব যে, আপুনি হয়তো আপোনাৰ কাষৰ মানুহজনো চিনি নোপোৱা পৰ্যায় পাবগৈ৷ শেহতীয়াকৈ, পৃথিৱী গ্ৰহটোৱে ইয়াৰ উজ্বলতা হেৰুৱাইছে, আৰু ইয়াৰ উজ্বলতা মাত্ৰা ইমানেই হ্ৰাস পাইছে যে বিষয়টো বিজ্ঞানীসকলৰ বাবে খুবেই চিন্তনীয় বিষয় হৈ পৰিছে৷ আন্তৰ্জাতিক বিজ্ঞান গৱেষণা আলোচনী ভূ-ভৌতিক গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে এই তথ্য৷ কাকতখনে কৈছিল যে ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈ ২0 বছৰত, পৃথিৱীৰ উজ্জ্বলতা প্ৰতি বৰ্গ মিটাৰত আগৰ বছৰবোৰৰ আধা হ্ৰাস পাইছে। পৃথিৱীৰ উজ্জ্বলতা আগৰ বছৰবোৰৰ দৰে শতাংশ অনুসৰি ০.৫ শতাংশ হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হৈছে যে সূৰ্যই গ্ৰহটোক আগৰ তুলনাত কম পৰিমাণত প্ৰতিফলিত হৈছে৷

গৱেষকসকলে এই পৰিঘটনা কিয় হৈ আছে তাৰ কাৰণো বিচাৰি উলিয়াইছে। গৱেষণাত তেওঁলোকে এই তথ্য প্ৰকাশ কৰিছে যে, যোৱা ২০ বছৰত পৃথিৱীৰ মহাসাগৰৰ উষ্ণতা আগতকৈ বহু বেছি বৃদ্ধি পাইছে। ফলস্বৰূপে, সেই মহাসাগৰৰ ওপৰৰ ডাৱৰবোৰ আগতকৈ অধিক উজ্জ্বল হৈ পৰিছে। পৃথিৱীৰ সূৰ্যৰ পোহৰ ডাৱৰৰ উজ্জ্বলতা হেৰুৱাবলৈ আগৰ তুলনাত কম পৰিমাণে মহাকাশত প্ৰতিফলিত হৈছে। পৃথিৱীয়ে কিমান সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰিছে বুজিবলৈ, গৱেষকসকলে পৃথিৱীয়ে ইয়াৰ উপগ্ৰহ চন্দ্ৰক কিমান পৰিমাণে পোহৰ দি আছে তাক সঘনাই পৰীক্ষা কৰাৰ অন্তত এই তথ্য প্ৰকাশ পাইছিল৷

কাকতখনত প্ৰকাশ পাইছিল যে ১৯৯৮ ৰ পৰা ২০১৭ ৰ ভিতৰত পৰিমাণ০.৫ শতাংশ হ্ৰাস পাইছিল, আৰু সেয়া মুখ্যতঃ ২০১৫, ২০১৬ আৰু ২০১৭ চনত সৰ্বাধিক হ্ৰাস পাইছে। মুখ্য গৱেষক নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকন'লজীৰ অধ্যাপক ফিলিপ গুডে কয় যে, "প্ৰতিফলনৰ পৰিমাণ হ্ৰাস হোৱাৰ তিনি বছৰীয়া বিৱৰণ দেখি আমি আচৰিত হৈছো।" ইমান দিন ধৰি আমাৰ বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে উষ্ণতাৰ বাবে পৃথিৱীয়ে মহাকাশত অধিক সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰি আছে। কিন্তু আমাৰ গৱেষণাৰ ফলাফলে ইয়াৰ বিপৰীত কথা ক’লে৷'' গৱেষণাত এই তথ্যও প্ৰকাশ পাইছে যে, প্ৰদূষণৰ মাত্ৰা বাঢ়ি য়োৱাৰ বাবে গোলকীয় উষ্ণতাৰ মাত্ৰা বাঢ়িছে, যাৰ বাবে সঘনাই জলবায়ু পৰিৱৰ্তনৰ দৰে ঘটনা সংঘটিত হৈছে, আৰু পৃথিৱীবাসীয়ে ইয়াৰ শুধৰণি কৰিব লোৱাৰিলে ভয়ংকৰ পৰিণতিৰ বাবে সাজু থাকিবলৈ সতৰ্ক কৰি দিছে সংস্থাটোৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ