--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অন্ধকাৰত বুৰ যাব পৃথিৱী৷ আপুনি হয়তো সোনকালে একোৱেই নেদেখা হৈ পৰিব৷ ইমানেই আন্ধাৰ হৈ পৰিব যে, আপুনি হয়তো আপোনাৰ কাষৰ মানুহজনো চিনি নোপোৱা পৰ্যায় পাবগৈ৷ শেহতীয়াকৈ, পৃথিৱী গ্ৰহটোৱে ইয়াৰ উজ্বলতা হেৰুৱাইছে, আৰু ইয়াৰ উজ্বলতা মাত্ৰা ইমানেই হ্ৰাস পাইছে যে বিষয়টো বিজ্ঞানীসকলৰ বাবে খুবেই চিন্তনীয় বিষয় হৈ পৰিছে৷ আন্তৰ্জাতিক বিজ্ঞান গৱেষণা আলোচনী ভূ-ভৌতিক গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে এই তথ্য৷ কাকতখনে কৈছিল যে ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈ ২0 বছৰত, পৃথিৱীৰ উজ্জ্বলতা প্ৰতি বৰ্গ মিটাৰত আগৰ বছৰবোৰৰ আধা হ্ৰাস পাইছে। পৃথিৱীৰ উজ্জ্বলতা আগৰ বছৰবোৰৰ দৰে শতাংশ অনুসৰি ০.৫ শতাংশ হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হৈছে যে সূৰ্যই গ্ৰহটোক আগৰ তুলনাত কম পৰিমাণত প্ৰতিফলিত হৈছে৷

গৱেষকসকলে এই পৰিঘটনা কিয় হৈ আছে তাৰ কাৰণো বিচাৰি উলিয়াইছে। গৱেষণাত তেওঁলোকে এই তথ্য প্ৰকাশ কৰিছে যে, যোৱা ২০ বছৰত পৃথিৱীৰ মহাসাগৰৰ উষ্ণতা আগতকৈ বহু বেছি বৃদ্ধি পাইছে। ফলস্বৰূপে, সেই মহাসাগৰৰ ওপৰৰ ডাৱৰবোৰ আগতকৈ অধিক উজ্জ্বল হৈ পৰিছে। পৃথিৱীৰ সূৰ্যৰ পোহৰ ডাৱৰৰ উজ্জ্বলতা হেৰুৱাবলৈ আগৰ তুলনাত কম পৰিমাণে মহাকাশত প্ৰতিফলিত হৈছে। পৃথিৱীয়ে কিমান সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰিছে বুজিবলৈ, গৱেষকসকলে পৃথিৱীয়ে ইয়াৰ উপগ্ৰহ চন্দ্ৰক কিমান পৰিমাণে পোহৰ দি আছে তাক সঘনাই পৰীক্ষা কৰাৰ অন্তত এই তথ্য প্ৰকাশ পাইছিল৷

কাকতখনত প্ৰকাশ পাইছিল যে ১৯৯৮ ৰ পৰা ২০১৭ ৰ ভিতৰত পৰিমাণ০.৫ শতাংশ হ্ৰাস পাইছিল, আৰু সেয়া মুখ্যতঃ ২০১৫, ২০১৬ আৰু ২০১৭ চনত সৰ্বাধিক হ্ৰাস পাইছে। মুখ্য গৱেষক নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকন'লজীৰ অধ্যাপক ফিলিপ গুডে কয় যে, "প্ৰতিফলনৰ পৰিমাণ হ্ৰাস হোৱাৰ তিনি বছৰীয়া বিৱৰণ দেখি আমি আচৰিত হৈছো।" ইমান দিন ধৰি আমাৰ বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে উষ্ণতাৰ বাবে পৃথিৱীয়ে মহাকাশত অধিক সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰি আছে। কিন্তু আমাৰ গৱেষণাৰ ফলাফলে ইয়াৰ বিপৰীত কথা ক’লে৷'' গৱেষণাত এই তথ্যও প্ৰকাশ পাইছে যে, প্ৰদূষণৰ মাত্ৰা বাঢ়ি য়োৱাৰ বাবে গোলকীয় উষ্ণতাৰ মাত্ৰা বাঢ়িছে, যাৰ বাবে সঘনাই জলবায়ু পৰিৱৰ্তনৰ দৰে ঘটনা সংঘটিত হৈছে, আৰু পৃথিৱীবাসীয়ে ইয়াৰ শুধৰণি কৰিব লোৱাৰিলে ভয়ংকৰ পৰিণতিৰ বাবে সাজু থাকিবলৈ সতৰ্ক কৰি দিছে সংস্থাটোৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু