--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হলীউডৰ জনপ্ৰিয় গায়িকা আৰু অভিনেত্ৰী জেনিফাৰ লোপেজে তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। জেনিফাৰৰ বৰ্তমান বয়স ৫২ বছৰ। এই বয়সতো নিজৰ ৰূপ সুষমাৰে জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে জেনিফাৰে।শেহতীয়াকৈ খবৰ পোৱা গৈছে যে জেনিফাৰ লোপেজ চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'ব। জেনিফাৰ বৰ্তমান 'বেটমেন'ৰ সৈতে ডেটিং কৰাত ব্যস্ত আছে। 'বেটমেন' অভিনেতা বেন এফ্লেকৰ সৈতে প্ৰেম-ৰোমাঞ্চত ব্যস্ত মোহময়ী লোপেজ।

৪৯ বছৰীয়া বেন এফ্লেকৰ হৃদয়ৰ ৰাণী হৈ পৰিছে ৫২ বছৰীয়া লোপেজ। জেনিফাৰে নিজৰ সম্পৰ্কক লৈ কয় যে ''মই চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছোঁ। মই এগৰাকী ৰোমাণ্টিক ব্যক্তি। মই আগতে তিনিবাৰ বিয়া কৰাইছো কিন্তু ভিন্ন কাৰণত এই সম্পৰ্ক নিটিকিল। আশা ৰাখিছোঁ এইবাৰ মই মনে বিচৰা সকলোখিনি সুখ পাম।'' জেনিফাৰৰ এই মন্তব্যৰ পাছতে সকলো নিশ্চিত হৈ পৰিছে যে অতি সোনকালে বেন এফ্লেকক জীৱন লগৰী কৰিব জেনিফাৰে।

আৰু পঢ়কঃ ছোৱালী হোৱাৰ হেঁপাহ!লিংগ পৰিৱৰ্তন নকৰাকৈ প্লাষ্টিক ছাৰ্জাৰী কৰি যুৱকে ল’লে এই ৰূপ

২০০২ চনতো জেনিফাৰ লোপেজ আৰু বেন এফ্লেকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। দুয়োজনৰে বাগদানো সম্পন্ন হৈছিল। কিন্তু সম্পৰ্কটো বেছি দূৰ আগনাবাঢ়িল আৰু দুবছৰ পিছত দুয়ো পৃথক হ'ল।

২০২১ চনত পুনৰ মিলন ঘটিছে দুই জনপ্ৰিয় তাৰকাৰ। এইবাৰ হয়তো দুয়ো সম্পৰ্কটো সুদৃঢ় কৰিব আৰু দুয়ো হ'ব জীৱন বাটৰ লগৰী। জেন আৰু বেনৰ যুটীটোক লৈ অনুৰাগীসকল উৎসাহী হৈ পৰিছে। উল্লেখ্য যে বেন এফ্লেকে ২০০৫ চনত জেনিফাৰ গাৰ্ণেৰ নামৰ এগৰাকী যুৱতীৰ সৈতে সংসাৰৰ পাতনি মেলিছিল কিন্তু ২০১৮ চনত বেন এফ্লেক আৰু জেনিফাৰ গাৰ্ণেৰৰ মাজত বিবাহ বিচ্ছেদ ঘটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ