--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হলীউডৰ জনপ্ৰিয় গায়িকা আৰু অভিনেত্ৰী জেনিফাৰ লোপেজে তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। জেনিফাৰৰ বৰ্তমান বয়স ৫২ বছৰ। এই বয়সতো নিজৰ ৰূপ সুষমাৰে জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে জেনিফাৰে।শেহতীয়াকৈ খবৰ পোৱা গৈছে যে জেনিফাৰ লোপেজ চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'ব। জেনিফাৰ বৰ্তমান 'বেটমেন'ৰ সৈতে ডেটিং কৰাত ব্যস্ত আছে। 'বেটমেন' অভিনেতা বেন এফ্লেকৰ সৈতে প্ৰেম-ৰোমাঞ্চত ব্যস্ত মোহময়ী লোপেজ।

৪৯ বছৰীয়া বেন এফ্লেকৰ হৃদয়ৰ ৰাণী হৈ পৰিছে ৫২ বছৰীয়া লোপেজ। জেনিফাৰে নিজৰ সম্পৰ্কক লৈ কয় যে ''মই চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছোঁ। মই এগৰাকী ৰোমাণ্টিক ব্যক্তি। মই আগতে তিনিবাৰ বিয়া কৰাইছো কিন্তু ভিন্ন কাৰণত এই সম্পৰ্ক নিটিকিল। আশা ৰাখিছোঁ এইবাৰ মই মনে বিচৰা সকলোখিনি সুখ পাম।'' জেনিফাৰৰ এই মন্তব্যৰ পাছতে সকলো নিশ্চিত হৈ পৰিছে যে অতি সোনকালে বেন এফ্লেকক জীৱন লগৰী কৰিব জেনিফাৰে।

আৰু পঢ়কঃ ছোৱালী হোৱাৰ হেঁপাহ!লিংগ পৰিৱৰ্তন নকৰাকৈ প্লাষ্টিক ছাৰ্জাৰী কৰি যুৱকে ল’লে এই ৰূপ

২০০২ চনতো জেনিফাৰ লোপেজ আৰু বেন এফ্লেকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। দুয়োজনৰে বাগদানো সম্পন্ন হৈছিল। কিন্তু সম্পৰ্কটো বেছি দূৰ আগনাবাঢ়িল আৰু দুবছৰ পিছত দুয়ো পৃথক হ'ল।

২০২১ চনত পুনৰ মিলন ঘটিছে দুই জনপ্ৰিয় তাৰকাৰ। এইবাৰ হয়তো দুয়ো সম্পৰ্কটো সুদৃঢ় কৰিব আৰু দুয়ো হ'ব জীৱন বাটৰ লগৰী। জেন আৰু বেনৰ যুটীটোক লৈ অনুৰাগীসকল উৎসাহী হৈ পৰিছে। উল্লেখ্য যে বেন এফ্লেকে ২০০৫ চনত জেনিফাৰ গাৰ্ণেৰ নামৰ এগৰাকী যুৱতীৰ সৈতে সংসাৰৰ পাতনি মেলিছিল কিন্তু ২০১৮ চনত বেন এফ্লেক আৰু জেনিফাৰ গাৰ্ণেৰৰ মাজত বিবাহ বিচ্ছেদ ঘটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু