--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভূত সদায় এটা ৰহস্যৰ বিষয় হিচাপে মানৱ সমাজৰ ওচৰত চিহ্নিত হৈ আহিছে। কিছুমানে ভূত আছে বুলি একাষাৰতে কয় আৰু কিছুমানে বিশ্বাস নকৰে। আন একাংশ লোক আছে যিয়ে প্ৰথমে ভূত বিশ্বাস নকৰে কিন্তু জীৱনত কিছুমান অশৰীৰী অভিজ্ঞতা লাভ কৰাৰ পাছত ভূত আছে বুলি ক'ব বিচাৰে। প্ৰতিটো বিষয় মানুহৰ নিজা নিজা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে এটা ক’লা কুকুৰে এটা ছাঁ সদৃশ কুকৰৰ সৈতে খেলি আছে। দুয়োটাই দৌৰা-ঢপৰা কৰি আছে।

ভিডিঅ’টোত ক’লা কুকুৰটো স্পষ্ট ৰূপত দেখা পোৱাৰ লগতে ইটো কুকুৰ স্পষ্ট ৰূপত দেখা পোৱা নাযায়। যাক ক’ব পাৰি এক ছাঁ সদৃশ আকৃতি বুলি। যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছে তেওঁ দাবী কৰিছে যে 'দৰাচলতে ই কুকুৰ নহয়, কুকুৰৰ ৰূপত ভূতহে।' ভিডিঅ’টো অষ্ট্ৰেলিয়াত বাস কৰা জেক ডিমাৰ্কোৱে শ্বেয়াৰ কৰি কৈছিল যে, ভিডিঅ’টো তেওঁৰ ঘৰৰ বাগিচাৰ।য’ত তেওঁৰ পোহনীয়া কুকুৰটোৱে এটা ভূতৰূপী কুকুৰৰ সৈতে খেলি আছে। ভিডিঅ’টো তেওঁলোকৰ বাগিচাত স্থাপন কৰা কেমেৰাত বন্দী হৈছিল। ভিডিঅ’টো দেখি তেওঁ হতভম্ব হৈ পৰিছিল।

https://www.youtube.com/watch?v=6QepTPAe33I
ৰহস্যময় ভিডিঅ'টো

জেক ডিমাৰ্কোৱে লগতে কয় যে তেওঁৰ ঘৰৰ চাৰিওফালে বেৰ দিয়া আছে। তেওঁৰ ঘৰত আন জন্তুৱে প্ৰৱেশ কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। কেনেবাকৈ সোমাল বুলিও যদি ভাবি লোৱা হয় তেন্তে পোহনীয়া কুকুৰটো স্পষ্ট ৰূপত দেখা গৈছে আৰু ইটো কুকুৰক কিয় ছাঁ ৰূপত দেখা গৈছে বুলি সমাজলৈ প্ৰশ্ন এৰে জেক ডিমাৰ্কোৱে। এয়া অলৌকিক ঘটনাৰ বাহিৰে আন একো নহয় বুলি কয় লোকজনে। জেকে লগতে কয় যে তেওঁ কুকুৰটো কেৱল ভিডিঅ’টোতহে দেখা পাইছিল। ভিডিঅ’টোত দেখা পায়েই যেতিয়া তেওঁ বাগিচালৈ চাবলৈ আহে তেতিয়া তেওঁ কুকুৰটোক দেখা পোৱা নাছিল। সেই সময়ত তেওঁৰ পোহনীয়া ক’লা কুকুৰটোক অকলে অকলে দৌৰি থকা দেখা পাইছিল। সম্প্ৰতি এই ভিডিঅ’টোক লৈ ৰহস্যময় জগতখনৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে।

আৰু পঢ়কঃ হাফপেণ্ট বিতৰ্ক! এইবাৰ বেংকত প্ৰৱেশ কৰিব নোৱাৰিলে হাফপেণ্ট পিন্ধা যুৱকে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ