--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভূত সদায় এটা ৰহস্যৰ বিষয় হিচাপে মানৱ সমাজৰ ওচৰত চিহ্নিত হৈ আহিছে। কিছুমানে ভূত আছে বুলি একাষাৰতে কয় আৰু কিছুমানে বিশ্বাস নকৰে। আন একাংশ লোক আছে যিয়ে প্ৰথমে ভূত বিশ্বাস নকৰে কিন্তু জীৱনত কিছুমান অশৰীৰী অভিজ্ঞতা লাভ কৰাৰ পাছত ভূত আছে বুলি ক'ব বিচাৰে। প্ৰতিটো বিষয় মানুহৰ নিজা নিজা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে এটা ক’লা কুকুৰে এটা ছাঁ সদৃশ কুকৰৰ সৈতে খেলি আছে। দুয়োটাই দৌৰা-ঢপৰা কৰি আছে।

ভিডিঅ’টোত ক’লা কুকুৰটো স্পষ্ট ৰূপত দেখা পোৱাৰ লগতে ইটো কুকুৰ স্পষ্ট ৰূপত দেখা পোৱা নাযায়। যাক ক’ব পাৰি এক ছাঁ সদৃশ আকৃতি বুলি। যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছে তেওঁ দাবী কৰিছে যে 'দৰাচলতে ই কুকুৰ নহয়, কুকুৰৰ ৰূপত ভূতহে।' ভিডিঅ’টো অষ্ট্ৰেলিয়াত বাস কৰা জেক ডিমাৰ্কোৱে শ্বেয়াৰ কৰি কৈছিল যে, ভিডিঅ’টো তেওঁৰ ঘৰৰ বাগিচাৰ।য’ত তেওঁৰ পোহনীয়া কুকুৰটোৱে এটা ভূতৰূপী কুকুৰৰ সৈতে খেলি আছে। ভিডিঅ’টো তেওঁলোকৰ বাগিচাত স্থাপন কৰা কেমেৰাত বন্দী হৈছিল। ভিডিঅ’টো দেখি তেওঁ হতভম্ব হৈ পৰিছিল।

https://www.youtube.com/watch?v=6QepTPAe33I
ৰহস্যময় ভিডিঅ'টো

জেক ডিমাৰ্কোৱে লগতে কয় যে তেওঁৰ ঘৰৰ চাৰিওফালে বেৰ দিয়া আছে। তেওঁৰ ঘৰত আন জন্তুৱে প্ৰৱেশ কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। কেনেবাকৈ সোমাল বুলিও যদি ভাবি লোৱা হয় তেন্তে পোহনীয়া কুকুৰটো স্পষ্ট ৰূপত দেখা গৈছে আৰু ইটো কুকুৰক কিয় ছাঁ ৰূপত দেখা গৈছে বুলি সমাজলৈ প্ৰশ্ন এৰে জেক ডিমাৰ্কোৱে। এয়া অলৌকিক ঘটনাৰ বাহিৰে আন একো নহয় বুলি কয় লোকজনে। জেকে লগতে কয় যে তেওঁ কুকুৰটো কেৱল ভিডিঅ’টোতহে দেখা পাইছিল। ভিডিঅ’টোত দেখা পায়েই যেতিয়া তেওঁ বাগিচালৈ চাবলৈ আহে তেতিয়া তেওঁ কুকুৰটোক দেখা পোৱা নাছিল। সেই সময়ত তেওঁৰ পোহনীয়া ক’লা কুকুৰটোক অকলে অকলে দৌৰি থকা দেখা পাইছিল। সম্প্ৰতি এই ভিডিঅ’টোক লৈ ৰহস্যময় জগতখনৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে।

আৰু পঢ়কঃ হাফপেণ্ট বিতৰ্ক! এইবাৰ বেংকত প্ৰৱেশ কৰিব নোৱাৰিলে হাফপেণ্ট পিন্ধা যুৱকে


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ