--°C
Loading...
Listen to Article
2 min read
80%
   ডিজিটেল ডেস্কঃ  আধুনিক ভাৰতৰ পিতাস্বৰূপ পি ভি নৰসিংহ ৰাৱৰ আজি ১০১তম জন্মদিন ৷তেখেতৰ জন্ম হৈছিল ১৯২১ চনৰ ২৮ জুন তাৰিখে । ভূতপূৰ্ব প্ৰধানমন্ত্ৰীজন কেৱল গান্ধী পৰিয়ালৰ প্ৰিয়পাত্ৰ নোহোৱা বাবেই উপেক্ষিত হৈ ৰ’ল। 

তেখেতে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল এক জটিল সময়ত ৷ শাসনভাৰ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ভাগি পৰা অৰ্থনীতিক পুনৰ থিয় কৰাবলৈ বহু গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল ।ৰাজীৱ গান্ধীৰ আমোলৰ সমাজবাদী পলিচিসমূহ আতৰাই লাইচেন্সৰাজৰ অৱসান ঘটাইছিল ।আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ ক্ষেত্ৰখনতো তেওঁ বিশেষ পাৰদৰ্শিতাৰে ১৯৮১ চনৰ কাৰাকাছত অনুষ্ঠিত গ্ৰুপ অৱ ৭৭ ৰ সন্মিলনত ভাৰতীয় দলক নেতৃত্ব দিছিল ৷ আনকি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকা সময়ছোৱাতো ৰাৱে নিজৰ প্ৰখৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল ৷ আমেৰিকা, ইউ এছ এছ আৰ,পাকিস্তান,বাংলাদেশ,ইৰাণ, ভিয়েটনাম আদি দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নত কৰিছিল ৷ 

বহুতে নাজানে পি ভি নৰসিংহ ৰাৱে হিন্দী আৰু তেলেগু ভাষাত কাব্যচৰ্চা কৰিছিল ।১৭টা ভাষাত তেখেতৰ দখল আছিল ৷ বিশ্বৰ বহু আগশাৰীৰ বিশ্ববিদ্যালয়ত তেখেতে বক্তৃতা প্ৰদান কৰিছিল ৷ তেলেগু সাহিত্যিক বিশ্বনাথ সত্যনাৰায়ণৰ উপন্যাস ভেয়ী পাড়াগালু তেখেতে সহস্ৰপ্ৰাণ নামেৰে হিন্দীলৈ অনুবাদ কৰিছিল৷

 কিন্তু চোনীয়া গান্ধীৰ অপ্ৰিয়ভাজন হোৱাৰ বাবেই তেখেতক কংগ্ৰেছৰ ভিতৰচ’ৰাত ক্ৰমাৎ গুৰুত্বহীন কৰি তোলা হৈছিল ৷ আনকি মৃত্যুৰ পিছতো চোনিয়া গান্ধীৰ হস্তক্ষেপত তেখেতৰ সৎকাৰৰ বাবে অকণমান ঠাই নোলাল ।

ভাৰতবৰ্ষৰ কৰ্মোদ্যমী এই প্ৰধানমন্ত্ৰীগৰাকী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰ দাবীদাৰ আছিল যদিও
 আজিও তেখেতক এই সন্মান দিয়া ন’হল ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ