--°C
Loading...
Listen to Article
2 min read
80%
   ডিজিটেল ডেস্কঃ  আধুনিক ভাৰতৰ পিতাস্বৰূপ পি ভি নৰসিংহ ৰাৱৰ আজি ১০১তম জন্মদিন ৷তেখেতৰ জন্ম হৈছিল ১৯২১ চনৰ ২৮ জুন তাৰিখে । ভূতপূৰ্ব প্ৰধানমন্ত্ৰীজন কেৱল গান্ধী পৰিয়ালৰ প্ৰিয়পাত্ৰ নোহোৱা বাবেই উপেক্ষিত হৈ ৰ’ল। 

তেখেতে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল এক জটিল সময়ত ৷ শাসনভাৰ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ভাগি পৰা অৰ্থনীতিক পুনৰ থিয় কৰাবলৈ বহু গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল ।ৰাজীৱ গান্ধীৰ আমোলৰ সমাজবাদী পলিচিসমূহ আতৰাই লাইচেন্সৰাজৰ অৱসান ঘটাইছিল ।আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ ক্ষেত্ৰখনতো তেওঁ বিশেষ পাৰদৰ্শিতাৰে ১৯৮১ চনৰ কাৰাকাছত অনুষ্ঠিত গ্ৰুপ অৱ ৭৭ ৰ সন্মিলনত ভাৰতীয় দলক নেতৃত্ব দিছিল ৷ আনকি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকা সময়ছোৱাতো ৰাৱে নিজৰ প্ৰখৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল ৷ আমেৰিকা, ইউ এছ এছ আৰ,পাকিস্তান,বাংলাদেশ,ইৰাণ, ভিয়েটনাম আদি দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নত কৰিছিল ৷ 

বহুতে নাজানে পি ভি নৰসিংহ ৰাৱে হিন্দী আৰু তেলেগু ভাষাত কাব্যচৰ্চা কৰিছিল ।১৭টা ভাষাত তেখেতৰ দখল আছিল ৷ বিশ্বৰ বহু আগশাৰীৰ বিশ্ববিদ্যালয়ত তেখেতে বক্তৃতা প্ৰদান কৰিছিল ৷ তেলেগু সাহিত্যিক বিশ্বনাথ সত্যনাৰায়ণৰ উপন্যাস ভেয়ী পাড়াগালু তেখেতে সহস্ৰপ্ৰাণ নামেৰে হিন্দীলৈ অনুবাদ কৰিছিল৷

 কিন্তু চোনীয়া গান্ধীৰ অপ্ৰিয়ভাজন হোৱাৰ বাবেই তেখেতক কংগ্ৰেছৰ ভিতৰচ’ৰাত ক্ৰমাৎ গুৰুত্বহীন কৰি তোলা হৈছিল ৷ আনকি মৃত্যুৰ পিছতো চোনিয়া গান্ধীৰ হস্তক্ষেপত তেখেতৰ সৎকাৰৰ বাবে অকণমান ঠাই নোলাল ।

ভাৰতবৰ্ষৰ কৰ্মোদ্যমী এই প্ৰধানমন্ত্ৰীগৰাকী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰ দাবীদাৰ আছিল যদিও
 আজিও তেখেতক এই সন্মান দিয়া ন’হল ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ