--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত শাওণ মাহটোক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। শাস্ত্ৰ অনুসৰি শাওণ মাহত যিসকলে ভগৱান শিৱক যথাযথভাৱে পূজা কৰে তেওঁলোকৰ প্ৰতিটো ইচ্ছা পূৰণ হয়। এই বছৰ ১৪ জুলাইৰ পৰা ১২ আগষ্টলৈ শাওণ মাহ চলিব। শিৱভক্তসকলে এই মাহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে।

শাওণ মাহৰ গুৰুত্ব
শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয়। শাওন মাহত সদাশিৱ ওপজিছিল বুলি বিশ্বাস কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰিলে বিশেষ পুণ্য লাভ কৰা হয়। এই মাহত শিৱলিংগত বেলপাত আগবঢ়োৱাটোও অতি শুভ বুলি গণ্য কৰা হয়। শাওণ মাহত ভগৱান শিৱই ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে। জীৱনত যদি বিবাহৰ লগত জড়িত কিবা সমস্যা আছে, তেন্তে সোমবাৰে ব্ৰত আৰু পূজা কৰিলে ফল পোৱা যায়।

পূজা পদ্ধতি
শাওণ মাহত প্ৰতিদিনে সূৰ্য্য উদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠি গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। শিৱলিংগত গাখীৰ ঢালি মহাদেৱৰ ব্ৰতৰ প্ৰতিজ্ঞা লব লাগে। ৰাতিপুৱা আৰু গধূলি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। পূজাৰ বাবে তিল তেলৰ প্ৰদীপ জ্বলাই ভগৱান শিৱক ফুল প্ৰদান কৰিব লাগে। জপ কৰাৰ পিছত শিৱক চুপাৰী, পঞ্চ অমৃত, তামোল আৰু বেলপাত আগবঢ়াব লাগে। ব্ৰতৰ সময়ত শাওণ ব্রত কথা পাঠ কৰিব লাগে।

শাওণৰ সোমবাৰ
শাওণ মাহৰ সোমবাৰৰ এক বিশেষ তাৎপৰ্য্য আছে। সোমবাৰটোক শিৱৰ বাৰ বুলি কোৱা হয়। শাওণ মাহৰ সোমবাৰৰ অতি মহত্ব আছে। এইবাৰ শাওণ মাহত চাৰিটা সোমবাৰ আছে। শাওণৰ প্ৰথম সোমবাৰ পৰিছে ১৮ জুলাইত। দ্বিতীয় সোমবাৰ ২৫ জুলাইত, তৃতীয়টো ১ আগষ্টত আৰু চতুৰ্থটো ৮ আগষ্টত পৰিছে। শাওণৰ প্ৰতি সোমবাৰে বেল পাতেৰে ভগৱান ভোলেনাথৰ পূজা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয়। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?