--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত শাওণ মাহটোক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। শাস্ত্ৰ অনুসৰি শাওণ মাহত যিসকলে ভগৱান শিৱক যথাযথভাৱে পূজা কৰে তেওঁলোকৰ প্ৰতিটো ইচ্ছা পূৰণ হয়। এই বছৰ ১৪ জুলাইৰ পৰা ১২ আগষ্টলৈ শাওণ মাহ চলিব। শিৱভক্তসকলে এই মাহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে।

শাওণ মাহৰ গুৰুত্ব
শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয়। শাওন মাহত সদাশিৱ ওপজিছিল বুলি বিশ্বাস কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰিলে বিশেষ পুণ্য লাভ কৰা হয়। এই মাহত শিৱলিংগত বেলপাত আগবঢ়োৱাটোও অতি শুভ বুলি গণ্য কৰা হয়। শাওণ মাহত ভগৱান শিৱই ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে। জীৱনত যদি বিবাহৰ লগত জড়িত কিবা সমস্যা আছে, তেন্তে সোমবাৰে ব্ৰত আৰু পূজা কৰিলে ফল পোৱা যায়।

পূজা পদ্ধতি
শাওণ মাহত প্ৰতিদিনে সূৰ্য্য উদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠি গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। শিৱলিংগত গাখীৰ ঢালি মহাদেৱৰ ব্ৰতৰ প্ৰতিজ্ঞা লব লাগে। ৰাতিপুৱা আৰু গধূলি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। পূজাৰ বাবে তিল তেলৰ প্ৰদীপ জ্বলাই ভগৱান শিৱক ফুল প্ৰদান কৰিব লাগে। জপ কৰাৰ পিছত শিৱক চুপাৰী, পঞ্চ অমৃত, তামোল আৰু বেলপাত আগবঢ়াব লাগে। ব্ৰতৰ সময়ত শাওণ ব্রত কথা পাঠ কৰিব লাগে।

শাওণৰ সোমবাৰ
শাওণ মাহৰ সোমবাৰৰ এক বিশেষ তাৎপৰ্য্য আছে। সোমবাৰটোক শিৱৰ বাৰ বুলি কোৱা হয়। শাওণ মাহৰ সোমবাৰৰ অতি মহত্ব আছে। এইবাৰ শাওণ মাহত চাৰিটা সোমবাৰ আছে। শাওণৰ প্ৰথম সোমবাৰ পৰিছে ১৮ জুলাইত। দ্বিতীয় সোমবাৰ ২৫ জুলাইত, তৃতীয়টো ১ আগষ্টত আৰু চতুৰ্থটো ৮ আগষ্টত পৰিছে। শাওণৰ প্ৰতি সোমবাৰে বেল পাতেৰে ভগৱান ভোলেনাথৰ পূজা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয়। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ