--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংগনৱাড়ী কেন্দ্ৰৰ একাংশ কৰ্মীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অসুস্থ হৈ পৰিল বহু শিশু৷ অংগনৱাড়ী কেন্দ্ৰত শিশুৰ বাবে ৰন্ধা খিচিৰিত এডাল মৃত সাপ ওলোৱাৰ পিছতে চৌদিশে আতংক বিয়পি পৰে৷ খিচিৰিৰ সৈতে বিষাক্ত সাপৰ পোৱালিটোও সিজি যায়৷ সেই খিচিৰিয়েই শিশুৰ মাজত বিতৰণ কৰাৰ ফলত এতিয়া বহু শিশু গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে৷ 

শিশুৰ লগতে সেই খিচিৰি খোৱা কেইবাগৰাকীও মহিলাও অসুস্থ হৈ পৰিছে৷ এই ভয়ংকৰ ঘটনাটো ঘটিছে পশ্চিমবংগত৷

ৰাজ্য খনৰ  বাংকুৰাৰ বিষ্ণুপুৰত থকা এটা অংগনৱাড়ী কেন্দ্ৰত ঘটিছে এই অঘটন৷ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে অংগনৱাড়ী কেন্দ্ৰটোত খিচিৰি ৰন্ধা হৈছিল৷ কিন্তু কেনেবাকৈ সেই খিচিৰি ৰান্ধি থকাৰ সময়তে এডাল বিষাক্ত সাপ পৰি যায়৷সাপডাল খিচিৰিৰ লগতে সিজিও যায়৷ 

ইমানলৈকে এই ভয়ংকৰ ঘটনাটোৰ বিষয়ে জ্ঞাত নাছিল অংগনৱাড়ী কেন্দ্ৰটোৰ কোনো কৰ্মী। শনিবাৰে বিষ্ণুপুৰৰ 8 নম্বৰ ৱাৰ্ডৰ গাবদোবা গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰত সাপডালৰ সৈতে খিচিৰি  ৰন্ধাৰ পিছত আনকি সেই খিচিৰি পৰিবেশনো কৰা হয়। 

উল্লেখ্য  প্ৰতিদিনে ৭০ ৰ পৰা ৭৫ টা শিশু আৰু ২৫ গৰাকী মহিলাই  এই অংগনৱাড়ী কেন্দ্ৰত খাদ্য গ্ৰহণ কৰে। অংগনৱাড়ী কেন্দ্ৰটোৰ পৰা এটি  শিশুৱে খিচিৰি লৈ ঘৰলৈ উভতি আহিছিল। 

সেই খিচিৰি খোৱাৰ সময়তে শিশুটিৰ মাকে হঠাতে মৃত সাপডাল দেখা পায়। অলপ খিচিৰি খোৱাৰ পিছতে শিশুটোৱে অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। 

তেওঁৰ বমিও আৰম্ভ হয়। তেওঁক ততাতৈয়াকৈ বিষ্ণুপুৰ চুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ লৈ যোৱা হয়। তাৰ পিছত আন কিছু শিশুও অসুস্থ হৈ পৰিবলৈ ধৰে। 

তেওঁলোককো বিষ্ণুপুৰৰ একেখন চিকিৎসালয়লৈ লৈ যোৱা হয়।  খিচিৰিত সিজি যোৱা  সাপৰ ওলোৱাৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।  বিষ্ণুপুৰৰ জিলা দণ্ডাধীশ গৌতম গোস্বামীয়ে কয়, "কেন্দ্ৰটোৰ খিচিৰিৰ নমুনা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু