--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংগনৱাড়ী কেন্দ্ৰৰ একাংশ কৰ্মীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অসুস্থ হৈ পৰিল বহু শিশু৷ অংগনৱাড়ী কেন্দ্ৰত শিশুৰ বাবে ৰন্ধা খিচিৰিত এডাল মৃত সাপ ওলোৱাৰ পিছতে চৌদিশে আতংক বিয়পি পৰে৷ খিচিৰিৰ সৈতে বিষাক্ত সাপৰ পোৱালিটোও সিজি যায়৷ সেই খিচিৰিয়েই শিশুৰ মাজত বিতৰণ কৰাৰ ফলত এতিয়া বহু শিশু গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে৷ 

শিশুৰ লগতে সেই খিচিৰি খোৱা কেইবাগৰাকীও মহিলাও অসুস্থ হৈ পৰিছে৷ এই ভয়ংকৰ ঘটনাটো ঘটিছে পশ্চিমবংগত৷

ৰাজ্য খনৰ  বাংকুৰাৰ বিষ্ণুপুৰত থকা এটা অংগনৱাড়ী কেন্দ্ৰত ঘটিছে এই অঘটন৷ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে অংগনৱাড়ী কেন্দ্ৰটোত খিচিৰি ৰন্ধা হৈছিল৷ কিন্তু কেনেবাকৈ সেই খিচিৰি ৰান্ধি থকাৰ সময়তে এডাল বিষাক্ত সাপ পৰি যায়৷সাপডাল খিচিৰিৰ লগতে সিজিও যায়৷ 

ইমানলৈকে এই ভয়ংকৰ ঘটনাটোৰ বিষয়ে জ্ঞাত নাছিল অংগনৱাড়ী কেন্দ্ৰটোৰ কোনো কৰ্মী। শনিবাৰে বিষ্ণুপুৰৰ 8 নম্বৰ ৱাৰ্ডৰ গাবদোবা গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰত সাপডালৰ সৈতে খিচিৰি  ৰন্ধাৰ পিছত আনকি সেই খিচিৰি পৰিবেশনো কৰা হয়। 

উল্লেখ্য  প্ৰতিদিনে ৭০ ৰ পৰা ৭৫ টা শিশু আৰু ২৫ গৰাকী মহিলাই  এই অংগনৱাড়ী কেন্দ্ৰত খাদ্য গ্ৰহণ কৰে। অংগনৱাড়ী কেন্দ্ৰটোৰ পৰা এটি  শিশুৱে খিচিৰি লৈ ঘৰলৈ উভতি আহিছিল। 

সেই খিচিৰি খোৱাৰ সময়তে শিশুটিৰ মাকে হঠাতে মৃত সাপডাল দেখা পায়। অলপ খিচিৰি খোৱাৰ পিছতে শিশুটোৱে অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। 

তেওঁৰ বমিও আৰম্ভ হয়। তেওঁক ততাতৈয়াকৈ বিষ্ণুপুৰ চুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ লৈ যোৱা হয়। তাৰ পিছত আন কিছু শিশুও অসুস্থ হৈ পৰিবলৈ ধৰে। 

তেওঁলোককো বিষ্ণুপুৰৰ একেখন চিকিৎসালয়লৈ লৈ যোৱা হয়।  খিচিৰিত সিজি যোৱা  সাপৰ ওলোৱাৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।  বিষ্ণুপুৰৰ জিলা দণ্ডাধীশ গৌতম গোস্বামীয়ে কয়, "কেন্দ্ৰটোৰ খিচিৰিৰ নমুনা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ