--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিগত ২৫ নৱেম্বৰত অসম প্ৰদেশ যুৱ-কংগ্ৰেছ সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ল অংকিতা দত্তক৷ অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ এখন চিনাকি মুখ অংকিতা দত্ত৷ প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক প্ৰেক্ষাপটত নিজৰ পৰিচয়েৰে উজলি উঠিবলৈ সক্ষম হৈছে৷ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে কালি দায়িত্বভাৰ গ্ৰহণ কৰা অংকিতা দত্তই অসমৰ যুৱ-প্ৰজন্মক কংগ্ৰেছ দলটোৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে৷

ইপিনে, সদ্যঘোষিত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফলত NSUI সমৰ্থিত প্ৰাৰ্থীৰ হাতত মুখঠেকেচা খাইছে ABVP সমৰ্থিত প্ৰাৰ্থীয়ে৷ দিশপুৰত চৰকাৰ থাকিও জালুকবাৰীত ছাত্ৰসমাজৰ দ্বাৰা প্ৰত্যাখিত হ'ল শাসকদলৰ মদদপুষ্ট ABVP-এ৷ অসমৰ ৰাজনীতিৰ আখৰাস্থলী গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচগৰাকী NSUI প্ৰাৰ্থীৰ জয়যাত্ৰাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ 'কা' আন্দোলনৰ অন্যতম নেতৃত্ব বহন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে AVBP প্ৰাৰ্থীক সমুলঞ্চে নস্যাৎ কৰা কাৰ্যই অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টিকে প্ৰতীকৰূপত প্ৰকাশ কৰিছে৷ এনে এক প্ৰেক্ষাপটতে অংকিতা দত্তই যুৱ-কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে৷

এতিয়া প্ৰশ্ন হৈছে, বিশ্ববিদ্যালয়ৰ জয়ী NSUI প্ৰাৰ্থীসকলক নতুন উৎসাহ আৰু পৰিকল্পনাৰে কংগ্ৰেছ ৰাজনীতিত কিধৰণে আগুৱাই নিব অংকিতা দত্তই? অংকিতা দত্তৰ নেতৃত্বত অসম প্ৰদেশ যুৱ কংগ্ৰেছ অধিক গতিশীল হ'ব বুলি আশা কৰা হৈছে৷ একেসময়তে, এসময়ত পৰিবহণ বিভাগক নতুন ৰূপেৰে উজ্জীৱিত কৰি তোলা পিতৃ অঞ্জন দত্তৰ পদাংক অনুসৰণ কৰি অংকিতা দত্তই যুৱ-প্ৰজন্মৰ ভোটাৰক আকৰ্ষিত কৰি অসমৰ ৰাজনীতিক কেনে গতি প্ৰদান কৰে, সেয়া আগত সময়ত লক্ষ্যণীয় হ'ব৷ বহু প্ৰত্যাহ্বানৰ মাজেৰে অসমৰ ৰাজনীতিত উজলি উঠা অংকিতা দত্তই উজনি অসমত কংগ্ৰেছ দলটোক কেনেকৈ শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হয়, সেয়া সময়ে ক'ব৷

আৰু পঢ়কঃ অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ! ভিন্ন দাবীৰে কৰ্মচাৰীৰ অসহযোগ আন্দোলন


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ