--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিগত ২৫ নৱেম্বৰত অসম প্ৰদেশ যুৱ-কংগ্ৰেছ সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ল অংকিতা দত্তক৷ অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ এখন চিনাকি মুখ অংকিতা দত্ত৷ প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক প্ৰেক্ষাপটত নিজৰ পৰিচয়েৰে উজলি উঠিবলৈ সক্ষম হৈছে৷ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে কালি দায়িত্বভাৰ গ্ৰহণ কৰা অংকিতা দত্তই অসমৰ যুৱ-প্ৰজন্মক কংগ্ৰেছ দলটোৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে৷

ইপিনে, সদ্যঘোষিত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফলত NSUI সমৰ্থিত প্ৰাৰ্থীৰ হাতত মুখঠেকেচা খাইছে ABVP সমৰ্থিত প্ৰাৰ্থীয়ে৷ দিশপুৰত চৰকাৰ থাকিও জালুকবাৰীত ছাত্ৰসমাজৰ দ্বাৰা প্ৰত্যাখিত হ'ল শাসকদলৰ মদদপুষ্ট ABVP-এ৷ অসমৰ ৰাজনীতিৰ আখৰাস্থলী গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচগৰাকী NSUI প্ৰাৰ্থীৰ জয়যাত্ৰাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ 'কা' আন্দোলনৰ অন্যতম নেতৃত্ব বহন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে AVBP প্ৰাৰ্থীক সমুলঞ্চে নস্যাৎ কৰা কাৰ্যই অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টিকে প্ৰতীকৰূপত প্ৰকাশ কৰিছে৷ এনে এক প্ৰেক্ষাপটতে অংকিতা দত্তই যুৱ-কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে৷

এতিয়া প্ৰশ্ন হৈছে, বিশ্ববিদ্যালয়ৰ জয়ী NSUI প্ৰাৰ্থীসকলক নতুন উৎসাহ আৰু পৰিকল্পনাৰে কংগ্ৰেছ ৰাজনীতিত কিধৰণে আগুৱাই নিব অংকিতা দত্তই? অংকিতা দত্তৰ নেতৃত্বত অসম প্ৰদেশ যুৱ কংগ্ৰেছ অধিক গতিশীল হ'ব বুলি আশা কৰা হৈছে৷ একেসময়তে, এসময়ত পৰিবহণ বিভাগক নতুন ৰূপেৰে উজ্জীৱিত কৰি তোলা পিতৃ অঞ্জন দত্তৰ পদাংক অনুসৰণ কৰি অংকিতা দত্তই যুৱ-প্ৰজন্মৰ ভোটাৰক আকৰ্ষিত কৰি অসমৰ ৰাজনীতিক কেনে গতি প্ৰদান কৰে, সেয়া আগত সময়ত লক্ষ্যণীয় হ'ব৷ বহু প্ৰত্যাহ্বানৰ মাজেৰে অসমৰ ৰাজনীতিত উজলি উঠা অংকিতা দত্তই উজনি অসমত কংগ্ৰেছ দলটোক কেনেকৈ শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হয়, সেয়া সময়ে ক'ব৷

আৰু পঢ়কঃ অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ! ভিন্ন দাবীৰে কৰ্মচাৰীৰ অসহযোগ আন্দোলন


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু