--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বানী পৰিয়ালৰ বিষয়ে কোনে নাজানে? ধীৰুভাই আম্বানীয়ে আৰম্ভ কৰা ব্যৱসায়ৰ ওপৰত ভৰ দিয়েই আম্বানীৰ দুই তনয় এতিয়া জগত খ্যাত। ধীৰুভাই আম্বানীৰ পাছত তেওঁৰ ব্যৱসায় দুই পুত্ৰই সমানে ভাগ বতৰা কৰি লৈছিল। পাছে দুই ভাতৃৰ ভিতৰত আটাইতকৈ বেছি অগ্ৰগতি লাভ কৰিছে কোনে? তাক লৈয়ো চলে অঘোষিত প্ৰতিযোগিতা। কিন্তু সাময়িক প্ৰেক্ষাপটত মুকেশ আম্বানীয়ে আটাইতকৈ প্ৰভাৱশালী বুলি চিহ্নিত হৈ আহিছে। যিটো সময়ত মুকেশ আম্বানী আজি ভাৰতৰ আটাইতকৈ প্ৰখ্যাত আৰু প্ৰভাৱশালী ব্যৱসায়ী, সেই সময়তে অনিল আম্বানীয়ে পিতৃৰ কীৰ্তি ডুবাইছে বুলি উঠিছে অভিযোগ। কোটি কোটি টকাৰ ঋণৰ বোজা মূৰ পাতি লোৱা অনিলে উপায়ন্তৰ হৈ বিক্ৰী কৰিছে ইটোৰ পাছত সিটোকৈ কোম্পানী! কিন্তু এই সকলোবোৰ কাণ সৰালি দি অনিল আম্বানীৰ পু্ত্ৰ জয় আনমোলৰ বিবাহ অনুষ্ঠিত হৈ যায়। ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিয়াখনক লৈ নানা কৌতুহল থাকিলেও অনিল পুত্ৰৰ বিবাহখনত যেন মুকেশ আম্বানীৰ ভায়েকৰ সেই চানেকি বিচাৰি নাপালে অতিথিয়ে! তেনে কথাই এতিয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছে। স্মৰ্তব্য যে, সম্প্ৰতি অনিল আম্বানীৰ মূৰত আছে যথেষ্ট ঋণৰ বোজা। তথাপি তেওঁ তেওঁৰ পুত্ৰ জয় আনমোলৰ বিয়া অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে কৰিছে। যিটো বিষয়ে এতিয়া সৰ্বত্ৰে আলোচনা হৈছে। জানিবলৈ পোৱা মতে, অনিল আম্বানীয়ে তেওঁৰ পুত্ৰৰ বিয়াত কোটি কোটি টকা খৰচ কৰিছে। বিবাহ অনুষ্ঠানত যাতে কোনো বস্তুৰে অভাৱ নহয় তাৰ প্ৰতিও তীক্ষ্ণ নজৰ ৰাখিছিল অনিলে। অনিল পুত্ৰৰ বিয়াত বলীউডৰ বহুতো খ্যাতনামা তাৰকা উপস্থিত আছিল। অমিতাভ-জয়াৰ পৰা আৰম্ভ কৰি ধৰ্মেন্দ্ৰ-হেমা মালিনীলৈকে, কোন নাই অনিল পুত্ৰৰ বিয়াত! সেয়া যি কি নহওক, ব্যৱসায়ৰ ক্ষেত্ৰত অনিল আম্বানী তেওঁৰ ভায়েকৰ তুলনাত যথেষ্ট পিছ পৰি আছে। কিন্তু ঋণৰ ভৰত পোত যোৱা অনিলে কিদৰে পুত্ৰৰ বিয়াত ইমান কোটি টকা ব্যয় কৰিলে সেয়া হৈ পৰিছে কোটি টকীয়া প্ৰশ্ন। পূৰ্বৰ ব্যৱসায়িক ঋণ পৰিশোধ কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে অনিলে। শেহতীয়াকৈ, তেওঁ এটা কোম্পানীৰ পৰা টকা উলিয়াই নিজৰ আন এটা কোম্পানীৰ ঋণ পৰিশোধ কৰা খবৰো পোহৰলৈ আহিছিল। অনিল আম্বানীৰ এই কাৰ্য নীতিবিৰুদ্ধ বুলি বিবেচিত হৈছে। যাৰ বাবে অনিল আম্বানীক বেণ্ডো কৰা হৈছে। এতিয়া আম্বানী তনয়ে অতি সোনকালে ইয়াৰ উত্তৰ দিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন