--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্বিগ্ন টাটা ছনছ! দিনদিয়েক আগেয়ে ইকাৰ আইচিক এয়াৰ ইণ্ডিয়াৰ নতুন এমডি-চিইঅ' হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল টাটা ছনছে। ১ এপ্ৰিলৰ পৰা কামত যোগদান কৰাৰ কথা আছে ইকাৰ আইচি-এ। কিন্তু কামত যোগদান কৰাৰ পূৰ্বে আহিছে এক উদ্বেগজনক খবৰ। এক সম্পূৰ্ণ নতুন জটিলতা সন্মুখলৈ অহাৰ পাছতে চিন্তাত পৰিছে টাটা ছনছ। অনুসন্ধান অনুসৰি, এয়াৰ ইণ্ডিয়াৰ দৰে অভিজাত বিভাগত এমডিৰ দায়িত্ব অৰ্পন কৰা ব্যক্তিজনৰ পাকিস্তানৰে আছে অতি ঘনিষ্ঠ সম্পৰ্ক। কেৱল পাকিস্তানেই নহয়, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ সৈতেও তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ইফালে তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ সৈতে পাকিস্তানৰ নলে গলে লগা সম্পৰ্ক। কাশ্মীৰৰ সমস্যা সন্দৰ্ভতো মাত মাতি আহিছে তেওঁ। তেনে পৰিপ্ৰেক্ষিতত বিষয়টো এতিয়া চৰকাৰ আৰু টাটা ছনছৰ বাবে অতি সংবেদনশীল হৈ পৰিছে। অৱশ্যে, টাটা ছনছে তেওঁক এয়াৰ ইণ্ডিয়াৰ চিইঅ' হিচাপে নিযুক্তি দিব পাৰি নে নাই সেই সন্দৰ্ভত চৰকাৰৰ পৰা অনুমতি বিচাৰিছে। শেহতীয়াকৈ এই বিষয়ে প্ৰকাশ পাইছে ভাৰতীয় বাতৰি কাকতত। চৰকাৰে আইচিৰ পৃষ্ঠভূমিৰ বিষয়ে ইতিমধ্যে অনুসন্ধান কৰি আছে। ইয়াৰ সমান্তৰালকৈ ‘প্লেন বি’ৰ বিষয়েও বিবেচনা কৰিছে এয়াৰ ইণ্ডিয়াই। যদি চৰকাৰৰ পৰা সেউজ সংকেত লাভ নকৰে তেতিয়া আৰু আগবাঢ়িব নোৱাৰে এয়াৰ ইণ্ডিয়াই। অৱশ্যে, টাটা ছনছে এতিয়ালৈকে এই বিষয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই। ইফালে, আন এক বিশেষ সূত্ৰই সদৰী কৰা মতে, ইকাৰ আইচি এজন তুৰ্কী নাগৰিক। ২০১৫-২০২২ বৰ্ষৰ পৰা তুৰ্কী এয়াৰলাইনছৰ চেয়াৰমেন আছিল তেওঁ। সম্প্ৰতি, তেওঁৰ বিষয়ে বিষদ বিৱৰণৰ বাবে চৰকাৰে RAW-ৰ দৰে সংস্থাৰো সহায় ল'ব পাৰে বুলি খবৰ পোহৰলৈ আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু