--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্বিগ্ন টাটা ছনছ! দিনদিয়েক আগেয়ে ইকাৰ আইচিক এয়াৰ ইণ্ডিয়াৰ নতুন এমডি-চিইঅ' হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল টাটা ছনছে। ১ এপ্ৰিলৰ পৰা কামত যোগদান কৰাৰ কথা আছে ইকাৰ আইচি-এ। কিন্তু কামত যোগদান কৰাৰ পূৰ্বে আহিছে এক উদ্বেগজনক খবৰ। এক সম্পূৰ্ণ নতুন জটিলতা সন্মুখলৈ অহাৰ পাছতে চিন্তাত পৰিছে টাটা ছনছ। অনুসন্ধান অনুসৰি, এয়াৰ ইণ্ডিয়াৰ দৰে অভিজাত বিভাগত এমডিৰ দায়িত্ব অৰ্পন কৰা ব্যক্তিজনৰ পাকিস্তানৰে আছে অতি ঘনিষ্ঠ সম্পৰ্ক। কেৱল পাকিস্তানেই নহয়, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ সৈতেও তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ইফালে তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ সৈতে পাকিস্তানৰ নলে গলে লগা সম্পৰ্ক। কাশ্মীৰৰ সমস্যা সন্দৰ্ভতো মাত মাতি আহিছে তেওঁ। তেনে পৰিপ্ৰেক্ষিতত বিষয়টো এতিয়া চৰকাৰ আৰু টাটা ছনছৰ বাবে অতি সংবেদনশীল হৈ পৰিছে। অৱশ্যে, টাটা ছনছে তেওঁক এয়াৰ ইণ্ডিয়াৰ চিইঅ' হিচাপে নিযুক্তি দিব পাৰি নে নাই সেই সন্দৰ্ভত চৰকাৰৰ পৰা অনুমতি বিচাৰিছে। শেহতীয়াকৈ এই বিষয়ে প্ৰকাশ পাইছে ভাৰতীয় বাতৰি কাকতত। চৰকাৰে আইচিৰ পৃষ্ঠভূমিৰ বিষয়ে ইতিমধ্যে অনুসন্ধান কৰি আছে। ইয়াৰ সমান্তৰালকৈ ‘প্লেন বি’ৰ বিষয়েও বিবেচনা কৰিছে এয়াৰ ইণ্ডিয়াই। যদি চৰকাৰৰ পৰা সেউজ সংকেত লাভ নকৰে তেতিয়া আৰু আগবাঢ়িব নোৱাৰে এয়াৰ ইণ্ডিয়াই। অৱশ্যে, টাটা ছনছে এতিয়ালৈকে এই বিষয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই। ইফালে, আন এক বিশেষ সূত্ৰই সদৰী কৰা মতে, ইকাৰ আইচি এজন তুৰ্কী নাগৰিক। ২০১৫-২০২২ বৰ্ষৰ পৰা তুৰ্কী এয়াৰলাইনছৰ চেয়াৰমেন আছিল তেওঁ। সম্প্ৰতি, তেওঁৰ বিষয়ে বিষদ বিৱৰণৰ বাবে চৰকাৰে RAW-ৰ দৰে সংস্থাৰো সহায় ল'ব পাৰে বুলি খবৰ পোহৰলৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন