--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অনন্য প্ৰেম কাহিনী। এই প্ৰেম কাহিনীয়ে সকলোৰে হৃদয় আৱেগিক কৰি তুলিছে, পাছে এই কাহিনী মানুহৰ নহয় বান্দৰৰ।

বিহাৰৰ ৰোহতাছত এক অনন্য প্ৰেম কাহিনীৰ দুখজনক অন্ত পৰিল। এটা বান্দৰৰ মৃত্যুৰ শোকৰ বাবেই মাইকী বান্দৰজনীয়ে নিজৰ প্ৰাণ ত্যাগ কৰে। 

বন বিভাগৰ দল আৰু স্থানীয় ৰাইজে হিন্দু ৰীতি-নীতিৰে দুয়োৰে মৃতদেহ দাহ কৰে। তাৰপাছত দুয়োৰে বাবে এটা সমাধিস্থল নিৰ্মাণ কৰা হয়।

বিষয়টো জিলাখনৰ ডেহৰী অঞ্চলৰ ডালমিয়ানগৰ-সিধৌলী পথৰ। সোমবাৰে হঠাতে হাই ভল্টেজৰ বৈদ্যুতিক লাইনত খুন্দা মাৰে এটা বান্দৰে। বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট যন্ত্ৰণাদায়ক মৃত্যু হয় বান্দৰটোৰ। ঘটনাৰ পিছত তাত উপস্থিত থকা লোকসকলে বান্দৰৰ মৃতদেহ দাহ কৰিবলৈ আৰম্ভ কৰে। ঘটনাৰ তথ্যও বন বিভাগক দিয়া হয়।

দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত এজোপা গছ আছে। কিছুমান বান্দৰে গছজোপাত জপিয়াই আছিল। স্থানীয় ৰাইজৰ মতে, হঠাতে গছজোপাৰ কাষেৰে পাৰ হৈ যোৱা হাই টেনচন লাইনত খুন্দা মাৰিলে এটা বান্দৰে। ইয়াৰ পিছতে বান্দৰটো তললৈ সৰি পৰে। বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত তাৰ সমগ্ৰ শৰীৰ জ্বলি যায় আৰু থিতাতে বেদনাদায়কভাৱে মৃত্যু হয়। স্থানীয় ৰাইজে বান্দৰটোৰ মৃতদেহৰ শেষ ৰীতি-নীতিৰ বাবে সাজু হয়। তেতিয়া হঠাৎ মানুহবোৰ এক আচৰিত কাণ্ডৰ সন্মুখীন হল।

এজন লোকে কয় যে যেতিয়া মানুহবোৰে বান্দৰটোৰ মৃতদেহ দাহ কৰিবলৈ ব্যস্ত হৈ আছিল তেতিয়া এজনী বান্দৰে সমগ্ৰ ঘটনা ওচৰৰ পৰা চাই আছিল। বান্দৰজনীক বৰ অস্থিৰ আৰু দুখত থকা দেখা গৈছিল। হঠাতে বান্দৰজনীয়ে বিদ্যুতৰ তাঁৰবোৰৰ ওপৰত জপিয়াই দিয়ে। বিদ্যুৎস্পৃষ্ট হৈও লগৰী বান্দৰজনীৰো মৃত্যু হয়। মানুহে কয় যে বান্দৰটোৰ মৃত্যু হোৱা একেডাল বিদ্যুৎ পৰিবাহী তাঁৰতে জপিয়াই দিছিল বান্দৰজনীয়ে। কিছুমানে কয় যে বান্দৰটোৰ মৃত্যুত শোকত আত্মহত্যা কৰিছে বান্দৰজনীয়ে।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু