--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অনন্য প্ৰেম কাহিনী। এই প্ৰেম কাহিনীয়ে সকলোৰে হৃদয় আৱেগিক কৰি তুলিছে, পাছে এই কাহিনী মানুহৰ নহয় বান্দৰৰ।

বিহাৰৰ ৰোহতাছত এক অনন্য প্ৰেম কাহিনীৰ দুখজনক অন্ত পৰিল। এটা বান্দৰৰ মৃত্যুৰ শোকৰ বাবেই মাইকী বান্দৰজনীয়ে নিজৰ প্ৰাণ ত্যাগ কৰে। 

বন বিভাগৰ দল আৰু স্থানীয় ৰাইজে হিন্দু ৰীতি-নীতিৰে দুয়োৰে মৃতদেহ দাহ কৰে। তাৰপাছত দুয়োৰে বাবে এটা সমাধিস্থল নিৰ্মাণ কৰা হয়।

বিষয়টো জিলাখনৰ ডেহৰী অঞ্চলৰ ডালমিয়ানগৰ-সিধৌলী পথৰ। সোমবাৰে হঠাতে হাই ভল্টেজৰ বৈদ্যুতিক লাইনত খুন্দা মাৰে এটা বান্দৰে। বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট যন্ত্ৰণাদায়ক মৃত্যু হয় বান্দৰটোৰ। ঘটনাৰ পিছত তাত উপস্থিত থকা লোকসকলে বান্দৰৰ মৃতদেহ দাহ কৰিবলৈ আৰম্ভ কৰে। ঘটনাৰ তথ্যও বন বিভাগক দিয়া হয়।

দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত এজোপা গছ আছে। কিছুমান বান্দৰে গছজোপাত জপিয়াই আছিল। স্থানীয় ৰাইজৰ মতে, হঠাতে গছজোপাৰ কাষেৰে পাৰ হৈ যোৱা হাই টেনচন লাইনত খুন্দা মাৰিলে এটা বান্দৰে। ইয়াৰ পিছতে বান্দৰটো তললৈ সৰি পৰে। বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত তাৰ সমগ্ৰ শৰীৰ জ্বলি যায় আৰু থিতাতে বেদনাদায়কভাৱে মৃত্যু হয়। স্থানীয় ৰাইজে বান্দৰটোৰ মৃতদেহৰ শেষ ৰীতি-নীতিৰ বাবে সাজু হয়। তেতিয়া হঠাৎ মানুহবোৰ এক আচৰিত কাণ্ডৰ সন্মুখীন হল।

এজন লোকে কয় যে যেতিয়া মানুহবোৰে বান্দৰটোৰ মৃতদেহ দাহ কৰিবলৈ ব্যস্ত হৈ আছিল তেতিয়া এজনী বান্দৰে সমগ্ৰ ঘটনা ওচৰৰ পৰা চাই আছিল। বান্দৰজনীক বৰ অস্থিৰ আৰু দুখত থকা দেখা গৈছিল। হঠাতে বান্দৰজনীয়ে বিদ্যুতৰ তাঁৰবোৰৰ ওপৰত জপিয়াই দিয়ে। বিদ্যুৎস্পৃষ্ট হৈও লগৰী বান্দৰজনীৰো মৃত্যু হয়। মানুহে কয় যে বান্দৰটোৰ মৃত্যু হোৱা একেডাল বিদ্যুৎ পৰিবাহী তাঁৰতে জপিয়াই দিছিল বান্দৰজনীয়ে। কিছুমানে কয় যে বান্দৰটোৰ মৃত্যুত শোকত আত্মহত্যা কৰিছে বান্দৰজনীয়ে।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু