--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি জন্মদিনৰ শুভেচ্ছা জনায়। লগতে ইয়াত তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে ঘৃণামূলক মন্তব্যক লৈ উদ্বেগ প্ৰকাশ কৰে।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ বিজেপিকে ধৰি মিত্ৰশক্তিৰ নেতাৰ হৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মল্লিকাৰ্জুন খাৰ্গে। প্ৰধানমন্ত্ৰী মোডীক আবেদন জনাই তেওঁ কয় যে অনুগ্ৰহ কৰি আপোনালোকৰ নেতাসকলৰ ওপৰত অনুশাসন আৰু শিষ্টাচাৰ জাপি দিয়ক। এনে বক্তব্যৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা উচিত যাতে ভাৰতীয় ৰাজনীতিৰ পতন ৰোধ কৰিব পৰা যায়। কংগ্ৰেছৰ সভাপতিজনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এই পত্ৰখন ৷

আচলতে ১১ ছেপ্টেম্বৰত বিজেপি নেতা তৰ্বিন্দৰ সিঙে কয় যে ৰাহুলৰ অৱস্থা আইতাকৰ দৰে হ’ব। তাৰ পিছত ১৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে ৰাহুলক দেশৰ ১ নম্বৰ সন্ত্ৰাসবাদী বুলি অভিহিত কৰে। পিছদিনা ১৬ ছেপ্টেম্বৰত শিৱসেনাৰ বিধায়ক সঞ্জয় গাইকৱাদে কয় যিজনে ৰাহুলৰ জিভা কাটিব, তেওঁক ১১ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব ৷


মল্লিকাৰ্জুন খাৰ্গে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘‘প্ৰথমে আপোনাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ইয়াৰ লগতে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যিটো বিষয় গণতন্ত্ৰ আৰু সংবিধানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। আপোনালোকে জ্ঞাত হ’ব যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অত্যন্ত আপত্তিজনক, হিংসাত্মক আৰু অশ্লীল বক্তব্য আগবঢ়াইছে । ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু আপোনালোকৰ মিত্ৰসকলে ব্যৱহাৰ কৰা হিংসাত্মক ভাষা ভৱিষ্যতৰ বাবে মাৰাত্মক। কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰী, বিজেপি শাসিত উত্তৰ প্ৰদেশৰ মন্ত্ৰীয়ে লোকসভাৰ বিৰোধী নেতাক “এক নম্বৰ সন্ত্ৰাসবাদী” বুলি অভিহিত কৰাত বিশ্ব স্তম্ভিত হৈ পৰিছে। মহাৰাষ্ট্ৰত আপোনাৰ চৰকাৰৰ কোনো মিত্ৰ দলৰ এজন বিধায়কে "বিৰোধী নেতাৰ জিভা কাটিবৰ বাবে ১১ লাখ টকাৰ পুৰস্কাৰ" ঘোষণা কৰে। দিল্লীৰ এগৰাকী বিজেপি নেত্ৰী তথা প্ৰাক্তন বিধায়কে আইতাকৰ দৰেই ভাগ্যৰ সৈতে সাক্ষাৎ কৰাৰ ভাবুকি দিছে।’’

তেওঁ পত্ৰখনত লিখিছে, “ভাৰতীয় সংস্কৃতি সমগ্ৰ বিশ্বতে অহিংসা, সম্প্ৰীতি আৰু প্ৰেমৰ বাবে পৰিচিত। এই বিন্দুবোৰ আমাৰ বীৰসকলে ৰাজনীতিত মানদণ্ড হিচাপে প্ৰতিষ্ঠা কৰিছিল। গান্ধীজীয়ে এই মানদণ্ডবোৰক ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ কৰি লৈছিল সেই ব্ৰিটিছ শাসনৰ সময়ত। স্বাধীনতাৰ পিছৰে পৰা সংসদীয় মহলত শাসকীয় দল আৰু বিৰোধীৰ মাজত সন্মানজনক মতানৈক্যৰ ইতিহাস সকলোৰে পৰিচিত। ই ভাৰতীয় গণতন্ত্ৰৰ প্ৰতিপত্তি বৃদ্ধিৰ কৰিছিল। 

কোটি কোটি কংগ্ৰেছ কৰ্মী আৰু নেতা এই বিষয়ক লৈ চিন্তিত। কাৰণ এনে ঘৃণাৰ বাবেই জাতিৰ পিতা মহাত্মা গান্ধী, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী শ্বহীদ হ’বলগীয়া হৈছিল। শাসকীয় দলৰ এই ৰাজনৈতিক আচৰণ গণতান্ত্ৰিক ইতিহাসৰ আটাইতকৈ অসভ্য উদাহৰণ। 

কংগ্ৰেছৰ সভাপতি খৰ্গেয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখে, ‘‘আপোনালোকে অনুগ্ৰহ কৰি আপোনাৰ নেতাসকলৰ ওপৰত অনুশাসন আৰু শিষ্টাচাৰ জাপি দিব বুলি অনুৰোধ আৰু আশা কৰিছো। সঠিক আচৰণৰ নিৰ্দেশনা দিয়ক। এনে বক্তব্যৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ভাৰতীয় ৰাজনীতি পতন হোৱাৰ পৰা ৰোধ কৰিব পৰা যায়। কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব নালাগে। এই নেতাসকলে হিংসাত্মক বক্তব্য দিয়াত তৎকালীনভাৱে বাধা দিবলৈ আপোনালোকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মোৰ বিশ্বাস।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement