--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰ’জাৰ ফেডাৰাৰ! ক্ৰীড়াপ্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি থকা তাৰকা গৰাকীৰ নাম ৰ'জাৰ ফেডাৰাৰ! মূৰত এডাল ব্ৰেণ্ড, মুখত এক মিঠা হাঁহি, হাতত ৰেকেট লৈ টেনিচ ক'ৰ্টত নিপুণ কলাত্মক ক্ৰীড়াশৈলীৰে বিশ্বৰ ক্ৰীড়াজগতৰ অগণন ক্ৰীড়াপ্ৰেমীৰ প্ৰিয় তাৰকাগৰাকীৰ নাম ৰ'জাৰ ফেডাৰাৰ! দুটাকৈ দশক ধৰি ক্ৰীড়াপ্ৰেমীক আলোড়িত কৰি ৰখা ৰ'জাৰ ফেডাৰাৰক আৰু দেখিবলৈ পোৱা নাযাব টেনিচ ক’ৰ্টত। ক্ৰীড়াবিশ্বক স্তব্ধ কৰি আজি মহাতাৰকা ফেডাৰাৰে পেচাদাৰী টেনিচ জগতত নিজৰ বৰ্ণাঢ্য কেৰিয়াৰ সামৰণি পেলোৱাৰ কথা ঘোষণা কৰে। 

যোৱা প্ৰায় ২৫ টা বছৰে ক্ৰীড়া বিশ্বক মোহিত কৰা কিংবদন্তীগৰাকীয়ে আনুষ্ঠানিকভাৱে টেনিচক বিদায় দিয়াৰ কথা ঘোষণা কৰে। লণ্ডনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লেভাৰ কাপ টুৰ্ণামেণ্টতে অন্তিমবাৰৰ বাবে পেচাদাৰী জগতত  হাতত ৰেকেট ল’ব ছুইচ তাৰকাগৰাকীয়ে।  ক্ৰীড়া জগতখনৰে এক মহানায়ক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা ২০ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নে ফেডাৰাৰৰ এই সিদ্ধান্তই বিচলিত কৰি তুলিছে ক্ৰীড়া প্ৰেমীসকলক। 

যোৱা বৰ্ষৰ উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে পেছাদাৰী টেনিচৰ পৰা আঁতৰি আছিল ৪১ বৰ্ষীয় ফেডাৰাৰ। চলিত বৰ্ষৰ আৰম্ভণিতে উইম্বলডন চেণ্টাৰ ক'ৰ্টৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত ফেডাৰাৰে পুনৰ এবাৰ লণ্ডনত খেলাৰ ইচ্ছা প্ৰকাশ কৰিছিল। বাছেলত ঘৰুৱা প্ৰতিযোগিতাত তেওঁ পুনৰ পেছাদাৰী টেনিচলৈ প্ৰত্যাৱৰ্তন কৰিব বুলিও আশা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ আঁঠুৰ আঘাতে জুৰুলা কৰাৰ পিছত অৱশেষত টেনিচৰ পৰা সন্যাস লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় তাৰকাগৰাকী।

আজি কিংবদন্তী তাৰকাগৰাকীয়ে এক ইনষ্টাগ্ৰাম পোষ্ট যোগে অৱসৰৰ কথা ঘোষণা কৰি কয়, "আপোনালোক সকলোৱে জানে, যোৱা তিনি বছৰে আঘাত আৰু কেইবাটাও অস্ত্ৰোপচাৰে মোৰ সমুখত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মই প্ৰতিযোগিতামূলক যুঁজলৈ ঘূৰি আহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছো। কিন্তু মই মোৰ শৰীৰৰ সামৰ্থ্য আৰু সীমাৰ বিষয়ে জ্ঞাত। মই বিগত ২৪ বছৰত ১,৫০০ তকৈও অধিক মেচ খেলিছো।” 

“টেনিচে মোক সকলোখিনি দিছে আৰু এতিয়া মই মোৰ প্ৰতিযোগিতামূলক কেৰিয়াৰ কেতিয়া সমাপ্ত কৰিম, সেই সময় চিনাক্ত কৰিব লাগিব। অহা সপ্তাহত লণ্ডনত অনুষ্ঠিত হ'বলগীয়া লেভাৰ কাপ মোৰ অন্তিম এটিপি ইভেণ্ট হ'ব। মই অৱশ্যে ভৱিষ্যতে অধিক টেনিছ খেলিম, কিন্তু এইয়া গ্ৰেণ্ড শ্লেম বা পেচাদাৰী ভ্ৰমণত নহয়।"- ফেডাৰাৰে লগতে কয়।

উল্লেখ্য যে ফেডাৰাৰে ২০১৮ চনত  অষ্ট্ৰেলিয়ান অপেনৰ ৰূপত নিজৰ কেৰিয়াৰৰ অন্তিম গ্ৰেণ্ড শ্লেম খিতাপ জয়ী হৈছিল। ২০১৯ চনত উইম্বলডনৰ ফাইনেলত উপনীত হৈছিল যদিও ছাৰ্বিয়াৰ তাৰকা নোভাক জকোভিচৰ হাতত পৰাজিত হৈছিল তাৰকাগৰাকী। টেনিচ জগতত ২০ টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা ইতিহাসৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ফেডাৰাৰ। অৱশ্যে পিছত নাডাল আৰু জ’কভিচে ফেডাৰাৰৰ এই ৰেক’ৰ্ড অতিক্ৰম কৰিবলৈ সক্ষম হয়। 

‘গ্ৰাছ ক’ৰ্টৰ বাদশাহ’ হিচাপে জনাজাত ফেডাৰাৰে কেৰিয়াৰত অভিলেখ ৮ টা উইম্বলডন খিতাপ অৰ্জন কৰিছিল। সেইদৰে ৬ টা অষ্ট্ৰেলিয়ান অপেন, ৫ টা ইউএছ অপেন আৰু ২০০৯ চনত একমাত্ৰ ফ্ৰেন্স অপেন খিতাপ দখল কৰিছিল তাৰকাগৰাকীয়ে। তদুপৰি তাৰকাগৰাকীয়ে নিজৰ কেৰিয়াৰত ১০৩ টাকৈ চিংগলছ খিতাপ জয়েৰে আন এক অভিলেখ স্থাপন কৰিছে। 

২০১২ চনৰ লণ্ডন অলিম্পিকৰ ব্যক্তিগত শাখাত ফেডাৰাৰে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ২০০৮ চনৰ বেইজিং অলিম্পিকৰ ডাবলছ শাখাত স্বৰ্ণ জয় কৰিছিল। টেনিচ জগতত বৰ্তমানৰ পাৱাৰ গেমৰ যুগত এক কলাত্মক ক্ৰীড়াশৈলীৰ প্ৰতিভূ হিচাপে নিজকে চিহ্নিত কৰা ফেডাৰাৰ টেনিচ ইতিহাসত সদায়ে এক কিংবদন্তী হিচাপে জিলিকি ৰ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু