--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত চলি থকা জল্পনা-কল্পনাৰ অন্তত আজি ভাৰতীয় ক্ৰিকেট দল তথা অনুৰাগীক চিন্তিত কৰি আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকমুহূৰ্তত দলৰ পেচ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বাহিৰ হ'ল বিশ্বকাপমুখী ভাৰতীয় দলৰ পৰা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ প্ৰথমখন টি-২০ মেচৰ আগে আগে পিঠিত আঘাত পোৱাৰ পাছৰে পৰা বিশ্বকাপৰ বাবে তাৰকাগৰাকী সুস্থ হৈ উঠিবনে, সেই সন্দৰ্ভত তীব্ৰ চৰ্চা চলি আছিল। আজি বিচিচিআই- এ এক বিবৃতি যোগে এই চৰ্চাৰ মুখনি মাৰি বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি চূড়ান্ত ঘোষণা কৰে।

বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়া মতে, বিচিচিআইৰ চিকিৎসা দলে আইচিচি টি-২০ বিশ্বকাপত যশপ্ৰীত বুমৰাহে অংশ ল’ব নোৱাৰিব বুলি নিশ্চিত কৰিছে। তাৰকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ পিছত বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হয় আৰু  অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিচিচিআই- লগতে উল্লেখ কৰে। বুমৰাহৰ স্থানত বিশ্বকাপৰ বাবে শীঘ্ৰেই আন এগৰাকী খেলুৱৈৰ নাম ঘোষণা কৰা হ’ব বুলি বিচিচিআই- এ লগতে কয়। 

যোৱা বৃহস্পতিবাৰে বিচিচিআইৰ এগৰাকী বিষয়াই বুমৰাহ আঘাতৰ গুৰুতৰ সমস্যাৰ বাবে পাঁচ-ছয়মাহ সময় ক্ৰিকেটৰ পৰা আঁতৰত থাকিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। আনহাতে তাৰ পিছদিনাই এক বিবৃতি যোগে বিচিচিআই- এ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ পৰা বুমৰাহ বাদ পৰা বুলি ঘোষণা কৰাৰ পিছতে এই আশংকা অধিক বৃদ্ধি পাইছিল।

কিন্তু তাৰ কিছু সময় পিছতে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে তাৰকা পেচাৰগৰাকী বৰ্তমান পৰ্যন্ত বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰাৰ পিছত স্বস্তি অনুভৱ কৰিছিল অনুৰাগীসকলে। অৱশ্যে বুমৰাহ সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য কৰাৰ পৰা আঁতৰি আছিল গাংগুলী। সাক্ষাৎকাৰটোত গাংগুলীক বুমৰাহ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয় যে এতিয়াই এই বিষয়ত মন্তব্য কৰা সোনকাল হ’ব। 

আগন্তুক দুই-তিনিদিনৰ ভিতৰত এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলি গাংগুলীয়ে লগতে মন্তব্য কৰিছিল। আৰু অৱশেষত আজি বিচিচিআই- এ আনুষ্ঠানিকভাৱে বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি ঘোষণা কৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপলৈ মাজত আৰু মাত্ৰ ১২ টা দিন আছে। উদ্বোধনী বৰ্ষৰ খিতাপ জয়ৰ পিছত পুনৰবাৰ বিশ্বকাপ জয়ত বিফল হোৱা ভাৰতে এইবাৰ এই খৰাঙৰ অন্ত পেলাব বুলি অনুৰাগীসকলে আশা কৰিছিল। 

কিন্তু বুমৰাহৰ অনুপস্থিতিয়ে ভাৰতীয় দল তথা অনুৰাগীসকলৰ এই আশাক কিছু ম্লান কৰি তুলিছে। কিয়নো বুমৰাহ এই মুহূৰ্তত কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ পেচাৰ। গতিকে বুমৰাহৰ অনুপস্থিতি স্বাভাৱিকতেই ভাৰতৰ বাবে বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে। বুমৰাহৰ স্থানত এতিয়া বিশ্বকাপমুখী ভাৰতীয় দলটোত কাক অন্তৰ্ভুক্ত কৰা হ’ব, সিও লক্ষ্যণীয় হ’ব। 

এইক্ষেত্ৰত অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ নাম সৰ্বাধিক চৰ্চিত হৈছে যদিও আন এগৰাকী পেচাৰ দীপক চাহাৰৰো সম্ভাৱনা আছে। চলিত টি-২০ শৃংখলাত চাহাৰে বৰ্তমানলৈকে সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়াই আহিছে। তদুপৰি প্ৰয়োজনৰ সময়ত এগৰাকী নিৰ্ভৰযোগ্য টেইল এণ্ডাৰ বেটাৰ হিচাপেও ইতিপূৰ্বে চাহাৰে নিজৰ যোগ্যতাৰ প্ৰমাণ দিছে। উল্লেখ্য যে ছামি আৰু চাহাৰ বিশ্বকাপৰ বাবে ঘোষিত মূল দলত নাথাকিলেও ষ্টেণ্ডবাই হিচাপে দলত ৰখা হৈছিল। এতিয়া এই দুগৰাকীৰ ভিতৰত কোনো এগৰাকী মূল দলত স্থান পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক