--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ দেশখনৰ প্ৰাক্তন অধিনায়ক। যোৱা বিশ্বকাপতো তেওঁ দলটোক নেতৃত্ব দিছিল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ। বাংলাদেশৰ জনপ্ৰিয় ক্ৰিকেটাৰসকলৰ মাজত তেওঁৰ নাম অতি উচ্চ। এইবাৰ ছাকিব আল হাছানৰ সৈতে ফটো উঠিবলৈ গৈ এজন সমৰ্থকে অদ্ভূত পৰিস্থিতিৰ মুখামুখি হয়৷

আগহি আছে টি-২০ বিশ্বকাপ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ পূৰ্বে ছাকিবে ঢাকা প্ৰিমিয়াৰ লীগত খেলি আছে। তাত শ্বেখ জামাল ধনমণ্ডি ক্লাবৰ হৈ খেলি আছে। খান চাহেব ওছমান আলী ষ্টেডিয়ামত প্ৰাইম বেংক ক্ৰিকেট ক্লাবৰ খেলখন আছিল ছাকিবৰ ক্লাবৰ বিৰুদ্ধে। সেই মেচখনৰ টছৰ পূৰ্বে ছাকিব আৰু প্ৰশিক্ষক শ্বেখ চালাহুদ্দিনে কথা পাতি আছিল। সেই সময়ত এজন সমৰ্থকে চাকিবৰ সৈতে চেল্ফী ল’ব বিচাৰে৷

বাংলাদেশৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ক্ষোভিত হৈ পৰে৷ এহাতেৰে সমৰ্থকৰ ডিঙিত ধৰিলে। সি চৰ মাৰিবলৈ আনখন হাত ওপৰলৈ তুলিলে। সেই সমৰ্থকৰ ফোনটোও কাঢ়ি নিবলৈ চাকিবে চেষ্টা কৰিছিল। সমৰ্থকজনে ভবা নাছিল যে ফটো উঠাৰ সময়ত এনে পৰিস্থিতিৰ সন্মুখীন হ’ব। তেওঁক অতি ভয়ংকৰ ৰূপত খেলপথাৰৰ পৰা ওলাই অহা দেখা যায়।

যদিও চাকিবৰ এই আচৰণক সমালোচনা কৰা হয়, তথাপিও বহু লোকে সমৰ্থকক দোষাৰোপ কৰে। খেল আৰম্ভ হোৱাৰ আগতে খেলপথাৰত প্ৰৱেশ কৰি তেওঁ খেলুৱৈগৰাকীৰ সৈতে ব্যক্তিগত হ’বলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত খেলুৱৈৰ অসুবিধা হোৱাটো স্বাভাৱিক। সেইবাবেই ছাকিবৰ ইমান খং উঠিছে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement