--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ দেশখনৰ প্ৰাক্তন অধিনায়ক। যোৱা বিশ্বকাপতো তেওঁ দলটোক নেতৃত্ব দিছিল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ। বাংলাদেশৰ জনপ্ৰিয় ক্ৰিকেটাৰসকলৰ মাজত তেওঁৰ নাম অতি উচ্চ। এইবাৰ ছাকিব আল হাছানৰ সৈতে ফটো উঠিবলৈ গৈ এজন সমৰ্থকে অদ্ভূত পৰিস্থিতিৰ মুখামুখি হয়৷

আগহি আছে টি-২০ বিশ্বকাপ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ পূৰ্বে ছাকিবে ঢাকা প্ৰিমিয়াৰ লীগত খেলি আছে। তাত শ্বেখ জামাল ধনমণ্ডি ক্লাবৰ হৈ খেলি আছে। খান চাহেব ওছমান আলী ষ্টেডিয়ামত প্ৰাইম বেংক ক্ৰিকেট ক্লাবৰ খেলখন আছিল ছাকিবৰ ক্লাবৰ বিৰুদ্ধে। সেই মেচখনৰ টছৰ পূৰ্বে ছাকিব আৰু প্ৰশিক্ষক শ্বেখ চালাহুদ্দিনে কথা পাতি আছিল। সেই সময়ত এজন সমৰ্থকে চাকিবৰ সৈতে চেল্ফী ল’ব বিচাৰে৷

বাংলাদেশৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ক্ষোভিত হৈ পৰে৷ এহাতেৰে সমৰ্থকৰ ডিঙিত ধৰিলে। সি চৰ মাৰিবলৈ আনখন হাত ওপৰলৈ তুলিলে। সেই সমৰ্থকৰ ফোনটোও কাঢ়ি নিবলৈ চাকিবে চেষ্টা কৰিছিল। সমৰ্থকজনে ভবা নাছিল যে ফটো উঠাৰ সময়ত এনে পৰিস্থিতিৰ সন্মুখীন হ’ব। তেওঁক অতি ভয়ংকৰ ৰূপত খেলপথাৰৰ পৰা ওলাই অহা দেখা যায়।

যদিও চাকিবৰ এই আচৰণক সমালোচনা কৰা হয়, তথাপিও বহু লোকে সমৰ্থকক দোষাৰোপ কৰে। খেল আৰম্ভ হোৱাৰ আগতে খেলপথাৰত প্ৰৱেশ কৰি তেওঁ খেলুৱৈগৰাকীৰ সৈতে ব্যক্তিগত হ’বলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত খেলুৱৈৰ অসুবিধা হোৱাটো স্বাভাৱিক। সেইবাবেই ছাকিবৰ ইমান খং উঠিছে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু