--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া ন্যায়াধীশেৰে গঠিত  সংবিধান বিচাৰপীঠে সোমবাৰে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বিৰুদ্ধে  কৰা আবেদনৰ বিষয়ত  গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়  যে জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।

 উচ্চতম ন্যায়ালয়ে ৫ আগষ্ট ২০১৯ ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা  সিদ্ধান্তকে বাহাল ৰাখে।ন্যায়ালয়ৰ ৰায়ৰ পিছতে  জম্মু-কাশ্মীৰৰ প্ৰাক্তন  মহাৰজা হৰি সিঙৰ পুত্ৰ কৰণ সিঙে  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।বৰ্তমানৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহাৰজা হৰি সিঙৰ পুত্ৰ কৰণ সিঙে আদালতৰ সিদ্ধান্তক আদৰণি জনাইছে।

কৰণ সিঙে কয় , "মই আদালতৰ ৰায়ক  স্বাগতম জনাইছো। এয়া  এতিয়া স্পষ্ট হৈ পৰিছে যে যি ঘটিছিল সেয়া সাংবিধানিকভাৱে বৈধ আছিল... মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শীঘ্ৰে কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰ বাহাল  কৰিবলৈ অনুৰোধ জনাইছো..."। উল্লেখ্য এসময়ত কাশ্মীৰৰ ৰজা হৰি সিঙে পাকিস্তানৰ একাংশ লোকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চুক্তি স্বাক্ষৰ কৰি ভাৰতৰ সৈতে চামিল হৈছে। ৰজা হৰি সিঙৰ পুত্ৰ কৰণ সিং এতিয়াও জীয়াই আছে আৰু তেওঁ বৰ্তমান কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 

সোমবাৰে আদালতে এইবুলিও কয় যে  জম্মু আৰু কাশ্মীৰত ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে। ইয়াৰ বাবে প্ৰস্তুতি চলোৱা উচিত। কাশ্মীৰলৈ  ৰাজ্যৰ মৰ্যাদা অতি সোনকালে বাহাল কৰিব লাগে বুলিও  বিভিন্ন মহলে দাবী জনাই আহিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক