--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া ন্যায়াধীশেৰে গঠিত  সংবিধান বিচাৰপীঠে সোমবাৰে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বিৰুদ্ধে  কৰা আবেদনৰ বিষয়ত  গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়  যে জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।

 উচ্চতম ন্যায়ালয়ে ৫ আগষ্ট ২০১৯ ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা  সিদ্ধান্তকে বাহাল ৰাখে।ন্যায়ালয়ৰ ৰায়ৰ পিছতে  জম্মু-কাশ্মীৰৰ প্ৰাক্তন  মহাৰজা হৰি সিঙৰ পুত্ৰ কৰণ সিঙে  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।বৰ্তমানৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহাৰজা হৰি সিঙৰ পুত্ৰ কৰণ সিঙে আদালতৰ সিদ্ধান্তক আদৰণি জনাইছে।

কৰণ সিঙে কয় , "মই আদালতৰ ৰায়ক  স্বাগতম জনাইছো। এয়া  এতিয়া স্পষ্ট হৈ পৰিছে যে যি ঘটিছিল সেয়া সাংবিধানিকভাৱে বৈধ আছিল... মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শীঘ্ৰে কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰ বাহাল  কৰিবলৈ অনুৰোধ জনাইছো..."। উল্লেখ্য এসময়ত কাশ্মীৰৰ ৰজা হৰি সিঙে পাকিস্তানৰ একাংশ লোকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চুক্তি স্বাক্ষৰ কৰি ভাৰতৰ সৈতে চামিল হৈছে। ৰজা হৰি সিঙৰ পুত্ৰ কৰণ সিং এতিয়াও জীয়াই আছে আৰু তেওঁ বৰ্তমান কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 

সোমবাৰে আদালতে এইবুলিও কয় যে  জম্মু আৰু কাশ্মীৰত ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে। ইয়াৰ বাবে প্ৰস্তুতি চলোৱা উচিত। কাশ্মীৰলৈ  ৰাজ্যৰ মৰ্যাদা অতি সোনকালে বাহাল কৰিব লাগে বুলিও  বিভিন্ন মহলে দাবী জনাই আহিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক