--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোচিং চেণ্টাৰত  তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটাৰ খবৰে  সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতে সমগ্ৰ দিল্লীত ১৩টা অবৈধ কোচিং চেণ্টাৰ বন্ধ কৰি দিয়া হয়। দিল্লী পৌৰ নিগমৰ তথ্য অনুসৰি পুৰণি ৰাজিন্দৰ নগৰৰ সেই ১৩টা অবৈধ কোচিং চেণ্টাৰ অনিয়মিতভাৱে চলি আছিল। দেওবাৰে নিশাই সেই কোচিং চেণ্টাৰবোৰৰ দুৱাৰ ছীল কৰি দিয়া হয়।

দেওবাৰে পুৱা দিল্লীত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। ঠিক কি হৈছিল? পশ্চিম দিল্লীৰ ৰাজেন্দ্ৰ নগৰত ‘ৰাওৰ আই এ এছ ষ্টাডি চাৰ্কল কোচিং চেণ্টাৰ’। বহু ছাত্ৰ-ছাত্ৰীয়ে তাত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। বেছমেণ্টত আছে কোচিং চেণ্টাৰৰ পুথিভঁৰাল। কিছুমানে তাত পঢ়ি আছিল। হঠাতে বেছমেণ্টত পানী সোমাবলৈ আৰম্ভ কৰাত ছাত্ৰ-ছাত্ৰীসকল পানীত বুৰ যায়।  কিছু সংখ্যক শিক্ষাৰ্থীক  উদ্ধাৰ কৰা হয় যদিও পানীতবুৰি  তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটে। 
এই ঘটনা পোহৰলৈ অহাৰ পাছতে দেওবাৰে কোচিং চেণ্টাৰটোৰ মালিক আৰু এজন কৰ্মচাৰীক  গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ এনে কৰুণ মৃত্যুৰ  বাবে সমগ্ৰ ব্যৱস্থাটোক জগৰীয়া কৰিছে ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই ঘটনাৰ বাবে অবৈধ ভাবে চলাই থকা কোচিং চেণ্টাৰসমূহকে দায়ী কৰিছে।

দিল্লী মহানগৰীৰ মেয়ৰ শৈলী ওবেৰয়ে  কয়, ‘আমি তথ্য পাইছিলোঁ যে বেছমেণ্টত অবৈধভাৱে কোচিং চেণ্টাৰ চলাই থকা হৈছে।  কিন্তু এতিয়া সেইবোৰ ছীল কৰা হৈছে। আন বহু কোচিং চেণ্টাৰলৈও পৃথক পৃথক জাননী প্ৰেৰণ কৰা হৈছে।” বন্ধ  কৰি দিয়া কোচিং চেণ্টাৰৰ. ভিতৰত আছে কেইবাটাও নামী  প্ৰতিষ্ঠানো আছে। তেওঁলোকৰ বিৰুদ্ধে মূল অভিযোগ এয়াই  যে বেছমেণ্টত কেৱল গাড়ীহে ৰখাব দিয়া হয় । কিন্তু তাৰ পৰিৱৰ্তে লাইব্ৰেৰীৰ পৰা শ্ৰেণীকোঠালৈকে সকলোবোৰ বেছমেণ্টতে নিৰ্মাণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ