--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোচিং চেণ্টাৰত  তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটাৰ খবৰে  সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতে সমগ্ৰ দিল্লীত ১৩টা অবৈধ কোচিং চেণ্টাৰ বন্ধ কৰি দিয়া হয়। দিল্লী পৌৰ নিগমৰ তথ্য অনুসৰি পুৰণি ৰাজিন্দৰ নগৰৰ সেই ১৩টা অবৈধ কোচিং চেণ্টাৰ অনিয়মিতভাৱে চলি আছিল। দেওবাৰে নিশাই সেই কোচিং চেণ্টাৰবোৰৰ দুৱাৰ ছীল কৰি দিয়া হয়।

দেওবাৰে পুৱা দিল্লীত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। ঠিক কি হৈছিল? পশ্চিম দিল্লীৰ ৰাজেন্দ্ৰ নগৰত ‘ৰাওৰ আই এ এছ ষ্টাডি চাৰ্কল কোচিং চেণ্টাৰ’। বহু ছাত্ৰ-ছাত্ৰীয়ে তাত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। বেছমেণ্টত আছে কোচিং চেণ্টাৰৰ পুথিভঁৰাল। কিছুমানে তাত পঢ়ি আছিল। হঠাতে বেছমেণ্টত পানী সোমাবলৈ আৰম্ভ কৰাত ছাত্ৰ-ছাত্ৰীসকল পানীত বুৰ যায়।  কিছু সংখ্যক শিক্ষাৰ্থীক  উদ্ধাৰ কৰা হয় যদিও পানীতবুৰি  তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটে। 
এই ঘটনা পোহৰলৈ অহাৰ পাছতে দেওবাৰে কোচিং চেণ্টাৰটোৰ মালিক আৰু এজন কৰ্মচাৰীক  গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ এনে কৰুণ মৃত্যুৰ  বাবে সমগ্ৰ ব্যৱস্থাটোক জগৰীয়া কৰিছে ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই ঘটনাৰ বাবে অবৈধ ভাবে চলাই থকা কোচিং চেণ্টাৰসমূহকে দায়ী কৰিছে।

দিল্লী মহানগৰীৰ মেয়ৰ শৈলী ওবেৰয়ে  কয়, ‘আমি তথ্য পাইছিলোঁ যে বেছমেণ্টত অবৈধভাৱে কোচিং চেণ্টাৰ চলাই থকা হৈছে।  কিন্তু এতিয়া সেইবোৰ ছীল কৰা হৈছে। আন বহু কোচিং চেণ্টাৰলৈও পৃথক পৃথক জাননী প্ৰেৰণ কৰা হৈছে।” বন্ধ  কৰি দিয়া কোচিং চেণ্টাৰৰ. ভিতৰত আছে কেইবাটাও নামী  প্ৰতিষ্ঠানো আছে। তেওঁলোকৰ বিৰুদ্ধে মূল অভিযোগ এয়াই  যে বেছমেণ্টত কেৱল গাড়ীহে ৰখাব দিয়া হয় । কিন্তু তাৰ পৰিৱৰ্তে লাইব্ৰেৰীৰ পৰা শ্ৰেণীকোঠালৈকে সকলোবোৰ বেছমেণ্টতে নিৰ্মাণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু