--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ "ডি এইচ ট্ৰেভেলিং ইনফো" চেনেল চলোৱা এজন বাংলাদেশী ইউটিউবাৰে, অবৈধভাৱে ভাৰতত কেনেকৈ প্ৰৱেশ কৰিব লাগে সেই বিষয়ে বুজাই দিয়া এটা পুৰণি ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ হৈছে। তেওঁ নিজৰ দৰ্শকক কয় যে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ ভিছা, পাছপৰ্ট, পৰিচয় পত্ৰকে ধৰি কোনো চৰকাৰী নথি-পত্ৰৰ প্ৰয়োজন নাই।

 

ভিডিঅটোত দেখা গৈছে যে ভাৰতৰ প্ৰৱেশ পইণ্ট হিচাপে কাম কৰা বাংলাদেশৰ চিলেট বিভাগত অৱস্থিত সুনামগঞ্জ জিলাত থিয় হৈ আছে। ইয়াৰ পিছত তেওঁ ভাৰতলৈ যোৱা পথ এটাও দেখুৱাইছে। তেওঁ লগতে প্ৰকাশ কৰে যে এই পথটো লবলৈ বাছি লোৱা লোকসকলে পৰিণতিৰ সন্মুখীন হব লাগিব, যেনে বি এছ এফৰ বিষয়াৰ মুখৰ আগত পৰা৷

 

ভিডিঅটোৰ পিছৰ অংশত ইউটিউবাৰে ভাৰতত থকা সীমান্ত নিৰাপত্তা বাহিনীৰ (বিএছএফ) শিবিৰ দেখুৱাই তাৰ পিছত কেইটামান সুৰংগ উপস্থাপন কৰে যাৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিব পাৰে। যদিও তেওঁ মানুহক অবৈধভাৱে দেশত প্ৰৱেশ নকৰিবলৈ, আৰু বাংলাদেশৰ নাম কলংকিত নকৰিবলৈ সকীয়াই দিয়ে, তথাপিও ভিডিঅটোত বিতৰ্কৰ সৃষ্টি হৈছে, কিয়নো ইয়াৰ প্ৰতি কেইবাজনো ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

 

যোৱা ২৬ জুলাইত ইনষ্টাগ্ৰামত পুনৰ উত্থাপিত হোৱাৰ পিছৰে পৰা ইউটিউবাৰৰ পুৰণি ভিডিঅটোৱে দুই লাখৰো অধিক ভিউ লাভ কৰিছে। ৭ হাজাৰৰো অধিক লাইক আৰু অসংখ্য মন্তব্যও আছে।

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ