--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হ’ল  দুখনকৈ  যুঁজাৰু বিমান ম। মাজ আকাশতে বিমান দুখনৰ মাজত  সংঘৰ্ষ হয়। লগে লগে বিমান দুয়ো খন জ্বলি উঠে আৰু  দুজন পাইলটৰ মৃত্যু হয়।এই ভয়ংকৰ ঘটনাটো কলম্বিয়াত ঘটিছে। ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা প্ৰমাণ কৰা নাই।

কলম্বিয়া ডব্লিউ ৰেডিঅ'ৰ মতে এপি বায়ু সেনা ঘাটিত  যুঁজাৰু বিমানৰ প্ৰশিক্ষণ অনুশীলন চলি আছিল। সেই সময়তে এখন বিমানে আন এখন বিমানৰ নিচেই কাষেৰে পাৰ হৈ যায়। তেনে সময়তে দুয়োখন বিমানৰ পাংখাৰ মাজত সংঘৰ্ষ হয়।  লগে লগে বিমান দুখনত  জুই লাগে। লগে লগে  এটা বিস্ফোৰণো হয় । কলম্বিয়াৰ বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে  দুৰ্ঘটনাটোত দুয়োজন পাইলট নিহত হৈছে।

বায়ুসেনাৰ এজন বিষয়াই কয়, "প্ৰাথমিক ভাৱে দুয়োখন বিমানৰ মাজত হোৱা  সংঘৰ্ষৰ বাবেই দুৰ্ঘটনাটো হোৱা বুলি  ধাৰণা কৰা হৈছে।" অৱশ্যে, প্ৰকৃততে কি ঘটিছিল আৰু কোনো যান্ত্ৰিক ত্ৰুটি আছিল নেকি সেয়া অনুসন্ধান কৰা হ'ব। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান দুখন  আছিল টি-২৭ ছিৰিজৰ বিমান।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস