--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হ’ল  দুখনকৈ  যুঁজাৰু বিমান ম। মাজ আকাশতে বিমান দুখনৰ মাজত  সংঘৰ্ষ হয়। লগে লগে বিমান দুয়ো খন জ্বলি উঠে আৰু  দুজন পাইলটৰ মৃত্যু হয়।এই ভয়ংকৰ ঘটনাটো কলম্বিয়াত ঘটিছে। ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা প্ৰমাণ কৰা নাই।

কলম্বিয়া ডব্লিউ ৰেডিঅ'ৰ মতে এপি বায়ু সেনা ঘাটিত  যুঁজাৰু বিমানৰ প্ৰশিক্ষণ অনুশীলন চলি আছিল। সেই সময়তে এখন বিমানে আন এখন বিমানৰ নিচেই কাষেৰে পাৰ হৈ যায়। তেনে সময়তে দুয়োখন বিমানৰ পাংখাৰ মাজত সংঘৰ্ষ হয়।  লগে লগে বিমান দুখনত  জুই লাগে। লগে লগে  এটা বিস্ফোৰণো হয় । কলম্বিয়াৰ বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে  দুৰ্ঘটনাটোত দুয়োজন পাইলট নিহত হৈছে।

বায়ুসেনাৰ এজন বিষয়াই কয়, "প্ৰাথমিক ভাৱে দুয়োখন বিমানৰ মাজত হোৱা  সংঘৰ্ষৰ বাবেই দুৰ্ঘটনাটো হোৱা বুলি  ধাৰণা কৰা হৈছে।" অৱশ্যে, প্ৰকৃততে কি ঘটিছিল আৰু কোনো যান্ত্ৰিক ত্ৰুটি আছিল নেকি সেয়া অনুসন্ধান কৰা হ'ব। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান দুখন  আছিল টি-২৭ ছিৰিজৰ বিমান।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান