--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে মাঁথো হৃদয় চিনে। প্ৰেম কেতিয়া কাৰ লগত হৈ যায় সেয়া কোনেও কব নোৱাৰে। শেহতীয়াকৈ এক প্ৰেমৰ খবৰে বিশ্বজুৰি চৰ্চা লাভ কৰিছে। প্ৰেমিকৰ বয়স ৮০ আৰু প্ৰেমিকাৰ বয়স ৩৬ বছৰ। ৰোলিং ষ্টোনছ বেণ্ডৰ তাৰকা মিক জেগাৰে প্ৰেমিকা মেলানি হেমৰিকৰ সৈতে বাগদান সম্পন্ন কৰিছে।

২০১৪ চনৰ পৰা মিক জেগাৰ আৰু মেলানি হেমৰিক প্ৰেমৰ সম্পৰ্কত আছে। তেওঁলোকৰ এটা সন্তানো আছে। বিবাহৰ পূৰ্বেই এটি সন্তানৰ পিতৃ-মাতৃ হল এই দম্পতী। ২০১৬ চনত সন্তানটি জন্ম দিছিল মেলানি হেমৰিকে। 
Mick Jagger (and Ballet) Inspired His Partner Melanie Hamrick's Erotic  Novel | Vanity Fair
বৰ্তমান তেওঁলোকৰ আঙুঠি পিন্ধোৱা পৰ্ব সমাপন হৈছে। যদি এই বিয়াখন হয় তেন্তে মেলানিয়া হ’ব মিক জেগাৰৰ তৃতীয় পত্নী। ১৯৭১ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় মিক। বিয়াংকা পেৰেজ মোৰা মেচিয়াছৰ সৈতে মিক জেগাৰে ৭ বছৰ সংসাৰ কৰিছিল। ইয়াৰ পাছত মিকে মডেল জেৰী হলক বিয়া পাতে। প্ৰায় ২২ বছৰ জেৰী হলৰ লগত সংসাৰ কৰিছিল মিক জেগাৰে। কিন্তু ১৯৯৯ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।

Mick Jagger buys Florida mansion for girlfriend Melanie Hamrick
ইয়াৰ বাহিৰেও তেওঁৰ জীৱনলৈ বাৰে বাৰে প্ৰেম আহিছে। অভিনেত্ৰী মাৰ্ছা হাণ্ট আৰু মডেল লুচিয়ানা মৰাড গিমেনেজৰ সৈতে মিকৰ বাগদান হৈছিল যদিও পিছত বিয়া পতা নাছিল। মিক এতিয়া আঠটা সন্তানৰ পিতৃ। তেওঁৰ প্ৰথম সন্তানৰ নাম কেৰিছ হাণ্ট। তেওঁৰ বয়স ৫৩ বছৰ। 
Mick Jagger, 73, and girlfriend welcome baby | Page Six
মিক জেগাৰ আৰু মেলানি হেমৰিকৰ লগ হৈছিল জাপানত। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত এক অনুষ্ঠানপ বাবে দুয়ো টকিঅ'ত ভ্ৰমণলৈ গৈছিল। সেই চিনাকিয়ে পাছলৈ প্ৰেমৰ ৰূপ লয় আৰু দুয়ো দীৰ্ঘ সময় ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস