--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী গায়িকাৰ ৰহস্যজনক মৃত্যুৱে এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে। সেই সময়ত মঞ্চৰ সন্মুখত আছিল  শ শ দৰ্শক। সকলোৱে অপেক্ষা কৰি আছিল  তেওঁলোকৰ প্ৰিয় গায়িকাৰ আগমনৰ বাবে। কিন্তু তেওঁ মঞ্চলৈ উঠি  অহা নাছিল। তেওঁ হঠাতে  ক'লৈ গ’ল ?  

চাৰিওফালে সকলোৱে গায়িকাক বিচাৰিবলৈ  আৰম্ভ কৰিলে। অৱশেষত জনপ্ৰিয় কোৰিয়ান গায়িকাগৰাকীৰ  মৃতদেহ শৌচালয়ত উদ্ধাৰ হয়। 

মৃত গায়কগৰাকীৰ নাম লী চাং য়ুন। বয়স ৪৬ বছৰ। তেওঁ কোৰিয়ান সংগীত উদ্যোগত লী জিজ হিচাপে জনপ্ৰিয়। শিল্পীগৰাকীয়ে  ১৯৮০ ৰ দশকত তেওঁৰ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেনেছ স্কুল অৱ মিউজিকত সংগীতৰ বিষয়ে  অধ্যয়ন কৰিছিল আৰু সংগীত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। 

পিছত তেওঁ কোৰিয়ালৈ উভতি আহিছিল আৰু তেওঁৰ কেৰিয়াৰ পুনৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ একাধিক জনপ্ৰিয় এলবাম মুকলি কৰিছিল। কিন্তু কি পৰিস্থিতিত অনুযষ্ঠান পৰিবেশনৰ মাত্ৰ কেই মুহূৰ্তমান পূৰ্বে গায়িকাগৰাকীয়ে মৃত্যুক সাৱটিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। গায়িকাগৰাকীক হত্যা কৰা হ’ল নে তেওঁ আত্মহত্যা কৰিছে তাকেলৈয়ো অনুৰাগীসকল বিপাঙত পৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান