--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী গায়িকাৰ ৰহস্যজনক মৃত্যুৱে এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে। সেই সময়ত মঞ্চৰ সন্মুখত আছিল  শ শ দৰ্শক। সকলোৱে অপেক্ষা কৰি আছিল  তেওঁলোকৰ প্ৰিয় গায়িকাৰ আগমনৰ বাবে। কিন্তু তেওঁ মঞ্চলৈ উঠি  অহা নাছিল। তেওঁ হঠাতে  ক'লৈ গ’ল ?  

চাৰিওফালে সকলোৱে গায়িকাক বিচাৰিবলৈ  আৰম্ভ কৰিলে। অৱশেষত জনপ্ৰিয় কোৰিয়ান গায়িকাগৰাকীৰ  মৃতদেহ শৌচালয়ত উদ্ধাৰ হয়। 

মৃত গায়কগৰাকীৰ নাম লী চাং য়ুন। বয়স ৪৬ বছৰ। তেওঁ কোৰিয়ান সংগীত উদ্যোগত লী জিজ হিচাপে জনপ্ৰিয়। শিল্পীগৰাকীয়ে  ১৯৮০ ৰ দশকত তেওঁৰ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেনেছ স্কুল অৱ মিউজিকত সংগীতৰ বিষয়ে  অধ্যয়ন কৰিছিল আৰু সংগীত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। 

পিছত তেওঁ কোৰিয়ালৈ উভতি আহিছিল আৰু তেওঁৰ কেৰিয়াৰ পুনৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ একাধিক জনপ্ৰিয় এলবাম মুকলি কৰিছিল। কিন্তু কি পৰিস্থিতিত অনুযষ্ঠান পৰিবেশনৰ মাত্ৰ কেই মুহূৰ্তমান পূৰ্বে গায়িকাগৰাকীয়ে মৃত্যুক সাৱটিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। গায়িকাগৰাকীক হত্যা কৰা হ’ল নে তেওঁ আত্মহত্যা কৰিছে তাকেলৈয়ো অনুৰাগীসকল বিপাঙত পৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস