--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বহু সমীকৰণ সলনি হৈছে। ৰাছিয়াৰ ওপৰত আমেৰিকাই আৰোপ কৰা অৰ্থনৈতিক নিষেধাজ্ঞাই বিশ্ব বাণিজ্যৰ এক বৃহৎ পৰিৱৰ্তন আনিলে। ইয়াৰ ফলত চীনৰ সুবিধা হৈছে। কাৰণ আমেৰিকাৰ স’তে ৰাছিয়াৰ অৰ্থনৈতিক সম্পৰ্ক চ্ছিন্ন হোৱাৰ পাছত ডলাৰৰ ব্যৱহাৰো ৰাছিয়াই নকৰা হ’ল। ফলস্বৰূপে ৰাছিয়াৰ স’তে সম্পৰ্ক থকা দেশসমূহেও লেন দেনত ডলাৰ ব্যৱহাৰ কৰিব পৰা নাই। সেয়ে বহু দেশে আমেৰিকান ডলাৰৰ বিকল্প হিচাপে চীনৰ মুদ্ৰা ইউয়ান ব্যৱহাৰ কৰিছে।

কিন্তু চীনে বিভিন্ন দেশৰ ওপৰত আমেৰিকাই দিয়া নিষেধাজ্ঞাক ভাল দৃষ্টিৰে চোৱা নাই। তেওঁলোকৰ বিভিন্ন সংস্থাৰ কাম-কাজতো ই  বাধাৰ সৃষ্টি কৰিছে। এই সমস্যাৰ স্থায়ী সমাধান বিচাৰিবলৈ বেইজিঙে আগ্ৰহী। এই সমস্যা সমাধানৰ বাবে চীনে আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বৰ বিৰুদ্ধে আইনী "প্ৰতিশোধ"ৰ পৰিকল্পনা কৰিছে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ নেতৃত্বত চীনে বৈদেশিক নীতিৰ নতুন আইন প্ৰণয়ন কৰিছে।

নতুন আইনখনত চীনৰ পুৰণি আন্তঃৰাষ্ট্ৰীয় নীতিৰ আইনখনৰ সৈতে কিছু নতুন নিয়মৰ সংমিশ্ৰণ ঘটিছে। ইয়াৰ জৰিয়তে ছি জিনপিঙে আমেৰিকা আৰু অন্যান্য "শত্ৰু" দেশৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ কঁকাল বান্ধি লৈছে। নতুন আইনখনত ছি জিনপিঙে অৰ্থনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত বেছি গুৰুত্ব দিছে। আইনখনত ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ শব্দটো সাতবাৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু ‘অৰ্থনীতি’ মাত্ৰ দুবাৰহে আছে।

২৮ জুনত চীনৰ নেচনেল পিপলছ কংগ্ৰেছে বৈদেশিক সম্পৰ্কৰ নতুন আইন গৃহীত কৰে। এতিয়াৰ পৰা বেইজিঙে সেই আইনখন বিভিন্ন দেশৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিব। নতুন আইনখনত কি আছে? বেইজিঙে এই নতুন আইনখনক নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ আইনী অস্ত্ৰ হিচাপে ব্যাখ্যা কৰিছে। ইয়াৰ জৰিয়তে ছি জিনপিঙে প্ৰয়োজন হ’লে যিকোনো দেশৰ বিৰুদ্ধে কঠোৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

শেহতীয়াকৈ আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশ (ইউৰোপীয় সংঘ) চীনৰ কোম্পানীসমূহৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা জাৰি কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে চীনৰ বিদেশৰ ব্যৱসায়। যিকোনো দেশৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞাই যদি কোনো ধৰণে চীনৰ স্বাৰ্থত আঘাত কৰে, তেন্তে বেইজিঙে নতুন আইনখনৰ জৰিয়তে সেই অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ সক্ষম হ’ব।

আমেৰিকাৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই চীনেও আমেৰিকাৰ বিভিন্ন কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ডলাৰৰ উত্থানৰ বাবে চীনে লাঠি জোকাৰিলেও বিশেষ লাভ হোৱা নাই। সেইবাবেই এইবাৰ আইনৰ পথত খোজ দিবলৈ ওলাইছে ছি জিনপিঙে। এই নতুন আইনখনে চীনৰ বাবে আমেৰিকাৰ নিষেধাজ্ঞাক অৱমাননা কৰাত সহজ কৰি তুলিছে।

চীনৰ নতুন আইনখন নিঃসন্দেহে আমেৰিকা আৰু ইউৰোপীয় সংঘক লক্ষ্য কৰি লোৱা হৈছে। কিন্তু ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বৰ মধুৰ নহয়। গতিকে নতুন দিল্লীৰো এই ক্ষেত্ৰত চিন্তাৰ যথেষ্ট কাৰণ আছে। নতুন আইনখনৰ জৰিয়তে বেইজিঙে ইচ্ছা কৰিলে ভাৰতৰ বিৰুদ্ধে কঠোৰ হ’ব পাৰে। চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিলে বেইজিঙে নতুন আইনখন কাৰ্যকৰী কৰি ভাৰতৰ বিৰুদ্ধে কঠোৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক লেনদেন সৰু-সুৰা নহয়। বেইজিঙৰ বাণিজ্যিক স্বাৰ্থত আঘাত হানিলে নতুন দিল্লীৰ বিৰুদ্ধে কঠোৰ হ’ব পাৰে চীন। চীনৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিত পৰিব বুলি আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস