--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষত বৃদ্ধি পাইছে জনসমৰ্থন৷ ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলে এইবাৰ অৱস্থান গ্ৰহণ কৰিছে মল্লযুঁজাৰুৰ পক্ষত৷ 

ব্ৰীজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগে অস্বস্তিত পেলাইছে বিজেপিকো৷ বেকফুটলৈ আহি জনসভা বাতিল কৰিবলগীয়া হৈছে বিজেপিয়ে৷ আনহাতে, প্ৰধানমন্ত্ৰীয়ে ব্ৰীজভূষণক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে৷ প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষ শক্তিশালী হোৱাত ক্ৰমাৎ বেকফুটলৈ WFIৰ বিতৰ্কিত সভাপতি ব্ৰীজভূষণ সিং। যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিজেপি সাংসদ তথা WFIৰ সভাপতি ব্ৰীজভূষণ চৰণ সিং৷ 

ব্ৰীজভূষণক গ্ৰেপ্তাৰৰ দাবীত এমাহতকৈও অধিক সময় ধৰি প্ৰতিবাদ কৰি আহিছে মল্লযুঁজাৰুসকলে। আজি প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ পক্ষত মুকলিকৈ অৱস্থান গ্ৰহণ কৰে ’৮৩ৰ বিশ্বকাপ ক্ৰিকেট জয়ী ভাৰতীয় দল। প্ৰতিবাদী মল্লযুঁজাৰু সাক্ষী মালিক, বিনেশ ফোগাটকে ধৰি প্ৰতিবাদী মল্লযুঁজাৰুসকলক ন্যায় প্ৰদানৰ দাবী তোলে ’৮৩ৰ কিংবদন্তী ক্ৰিকেট দলটোৱে। 

মল্লযুঁজাৰুসকলৰ পক্ষত বক্তব্য দিয়ে বিশ্বকাপ জয়ী ক্ৰিকেটাৰ মদনলাল, কীৰ্তি আজাদে। অলিম্পিক, এছিয়ান গেমছৰ পদক গংগাত বিসৰ্জনৰ মল্লযোদ্ধাসকলৰ সিদ্ধান্তত উদ্বেগ প্ৰকাশ কৰে ক্ৰিকেটাৰসকলে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা মল্লযোদ্ধাসকলৰ সন্মান হানিত উদ্বিগ্নতা প্ৰকাশ কৰে ক্ৰিকেটাৰসকলে। 

আনহাতে, ব্ৰীজভূষণৰ বিৰুদ্ধে নতুনকৈ দাখিল কৰা হৈছে দুখনকৈ এজাহাৰ। আন্তঃৰাষ্ট্রীয় প্ৰতিযোগিতাত পদক বিজয়ী মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ পুনৰ অভিযোগ উঠিল ব্ৰীজভূষণৰ বিৰুদ্ধে। মহিলা মল্লযোদ্ধাক সততে অশালীন আচৰণ কৰাৰ অভিযোগো উঠিছে WFIৰ সভাপতিজনৰ বিৰুদ্ধে। 

এই এজাহাৰ দাখিলৰ পাছতে বেকফুটলৈ আহিছে বিজেপি সাংসদ ব্ৰীজভূষণ। ব্ৰীজভূষণে ৫ জুনত অযোধ্যাত এখন বিশাল ৰেলী আয়োজনৰ প্ৰস্তুতি চলাইছিল। কিন্তু পুনৰ যৌন নিৰ্যাতনৰ অভিযোগৰ এজাহাৰ দাখিল হোৱাত জনসভা বাতিল কৰে বিজেপি সাংসদজনে। আনহাতে, মল্লযুঁজাৰুসকলৰ পক্ষত টুইট কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰীজভূষণক সুৰক্ষা দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ। ২৫টা আন্তঃৰাষ্ট্রীয় পদক জয় কৰা মহিলা মল্লযুঁজাৰুৱে পথত ন্যায়ৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাহুলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?