--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষত বৃদ্ধি পাইছে জনসমৰ্থন৷ ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলে এইবাৰ অৱস্থান গ্ৰহণ কৰিছে মল্লযুঁজাৰুৰ পক্ষত৷ 

ব্ৰীজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগে অস্বস্তিত পেলাইছে বিজেপিকো৷ বেকফুটলৈ আহি জনসভা বাতিল কৰিবলগীয়া হৈছে বিজেপিয়ে৷ আনহাতে, প্ৰধানমন্ত্ৰীয়ে ব্ৰীজভূষণক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে৷ প্ৰতিবাদী মল্লযুঁজাৰুৰ পক্ষ শক্তিশালী হোৱাত ক্ৰমাৎ বেকফুটলৈ WFIৰ বিতৰ্কিত সভাপতি ব্ৰীজভূষণ সিং। যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিজেপি সাংসদ তথা WFIৰ সভাপতি ব্ৰীজভূষণ চৰণ সিং৷ 

ব্ৰীজভূষণক গ্ৰেপ্তাৰৰ দাবীত এমাহতকৈও অধিক সময় ধৰি প্ৰতিবাদ কৰি আহিছে মল্লযুঁজাৰুসকলে। আজি প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ পক্ষত মুকলিকৈ অৱস্থান গ্ৰহণ কৰে ’৮৩ৰ বিশ্বকাপ ক্ৰিকেট জয়ী ভাৰতীয় দল। প্ৰতিবাদী মল্লযুঁজাৰু সাক্ষী মালিক, বিনেশ ফোগাটকে ধৰি প্ৰতিবাদী মল্লযুঁজাৰুসকলক ন্যায় প্ৰদানৰ দাবী তোলে ’৮৩ৰ কিংবদন্তী ক্ৰিকেট দলটোৱে। 

মল্লযুঁজাৰুসকলৰ পক্ষত বক্তব্য দিয়ে বিশ্বকাপ জয়ী ক্ৰিকেটাৰ মদনলাল, কীৰ্তি আজাদে। অলিম্পিক, এছিয়ান গেমছৰ পদক গংগাত বিসৰ্জনৰ মল্লযোদ্ধাসকলৰ সিদ্ধান্তত উদ্বেগ প্ৰকাশ কৰে ক্ৰিকেটাৰসকলে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা মল্লযোদ্ধাসকলৰ সন্মান হানিত উদ্বিগ্নতা প্ৰকাশ কৰে ক্ৰিকেটাৰসকলে। 

আনহাতে, ব্ৰীজভূষণৰ বিৰুদ্ধে নতুনকৈ দাখিল কৰা হৈছে দুখনকৈ এজাহাৰ। আন্তঃৰাষ্ট্রীয় প্ৰতিযোগিতাত পদক বিজয়ী মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ পুনৰ অভিযোগ উঠিল ব্ৰীজভূষণৰ বিৰুদ্ধে। মহিলা মল্লযোদ্ধাক সততে অশালীন আচৰণ কৰাৰ অভিযোগো উঠিছে WFIৰ সভাপতিজনৰ বিৰুদ্ধে। 

এই এজাহাৰ দাখিলৰ পাছতে বেকফুটলৈ আহিছে বিজেপি সাংসদ ব্ৰীজভূষণ। ব্ৰীজভূষণে ৫ জুনত অযোধ্যাত এখন বিশাল ৰেলী আয়োজনৰ প্ৰস্তুতি চলাইছিল। কিন্তু পুনৰ যৌন নিৰ্যাতনৰ অভিযোগৰ এজাহাৰ দাখিল হোৱাত জনসভা বাতিল কৰে বিজেপি সাংসদজনে। আনহাতে, মল্লযুঁজাৰুসকলৰ পক্ষত টুইট কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰীজভূষণক সুৰক্ষা দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ। ২৫টা আন্তঃৰাষ্ট্রীয় পদক জয় কৰা মহিলা মল্লযুঁজাৰুৱে পথত ন্যায়ৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাহুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement