--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱকৰ সৈতে পলাই গ'ল কন্যা। এই কথাত মৰ্মান্তিক আঘাত পালে পিতৃ-মাতৃয়ে। কন্যাৰ কৰ্মত দুখিত হৈ তেওঁলোকে ল'লে এক কঠোৰ সিদ্ধান্ত। জীৱিত কন্যাক মৃত ঘোষণা কৰিলে পিতৃ-মাতৃয়ে। ৰাজস্থানৰ ভিলৱাৰা জিলাত ঘটিছে এই ঘটনা। 

নিজ জাতিৰ যুৱকৰ সৈতেই পলাই গৈছিল প্ৰিয়া জাট নামৰ যুৱতীগৰাকী। পৰিয়ালৰ অভিযোগত আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰে। পৰিয়ালৰ লোকৰ উপস্থিতিত প্ৰিয়াৰ সৈতে কথা পাতিছিল আৰক্ষীয়ে। প্ৰিয়আই পৰিয়ালৰ লোকক চিনি পাবলৈ অস্বীকাৰ কৰিছিল আৰু যুৱকজনৰ লগত গুচি গৈছিল।

কন্যাৰ এই সিদ্ধান্তত পৰিয়ালটোৱে ইমানেই আঘাত পাইছিল যে তেওঁলোকে নিজৰ কন্যাক মৃত বুলি গণ্য কৰি এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে। কন্যা মৃত বুলি শোক বাৰ্তা ছপা কৰিলে পৰিয়ালৰ লোকে। য'ত যুৱতী গৰাকীৰ ফটোও আছে আৰু জীৱিত অৱস্থাতে মৃত বুলি উল্লেখ কৰিছে। যুৱতী গৰাকীৰ ১ জুনত মৃত্যু হয় আৰু ১৩ দিনৰ পাছত মৎস্যস্পৰ্শৰ আয়োজন কৰা হৈছে বুলি লিখা হৈছে। সকলোকে উক্ত অনুষ্ঠানত অংশ ল'বলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। চিনাকি আৰু আত্মীয়ৰ মাজত এই কাৰ্ডসমূহ বিতৰণ কৰা হৈছে।

পৰিয়ালৰ এই সিদ্ধান্ত আৰু শোকবাৰ্তা থকা কাৰ্ডখনৰ বিষয়ে ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে। কাৰ্ডখনৰ ছবি ভাইৰেল হৈ পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক