--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱকৰ সৈতে পলাই গ'ল কন্যা। এই কথাত মৰ্মান্তিক আঘাত পালে পিতৃ-মাতৃয়ে। কন্যাৰ কৰ্মত দুখিত হৈ তেওঁলোকে ল'লে এক কঠোৰ সিদ্ধান্ত। জীৱিত কন্যাক মৃত ঘোষণা কৰিলে পিতৃ-মাতৃয়ে। ৰাজস্থানৰ ভিলৱাৰা জিলাত ঘটিছে এই ঘটনা। 

নিজ জাতিৰ যুৱকৰ সৈতেই পলাই গৈছিল প্ৰিয়া জাট নামৰ যুৱতীগৰাকী। পৰিয়ালৰ অভিযোগত আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰে। পৰিয়ালৰ লোকৰ উপস্থিতিত প্ৰিয়াৰ সৈতে কথা পাতিছিল আৰক্ষীয়ে। প্ৰিয়আই পৰিয়ালৰ লোকক চিনি পাবলৈ অস্বীকাৰ কৰিছিল আৰু যুৱকজনৰ লগত গুচি গৈছিল।

কন্যাৰ এই সিদ্ধান্তত পৰিয়ালটোৱে ইমানেই আঘাত পাইছিল যে তেওঁলোকে নিজৰ কন্যাক মৃত বুলি গণ্য কৰি এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে। কন্যা মৃত বুলি শোক বাৰ্তা ছপা কৰিলে পৰিয়ালৰ লোকে। য'ত যুৱতী গৰাকীৰ ফটোও আছে আৰু জীৱিত অৱস্থাতে মৃত বুলি উল্লেখ কৰিছে। যুৱতী গৰাকীৰ ১ জুনত মৃত্যু হয় আৰু ১৩ দিনৰ পাছত মৎস্যস্পৰ্শৰ আয়োজন কৰা হৈছে বুলি লিখা হৈছে। সকলোকে উক্ত অনুষ্ঠানত অংশ ল'বলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। চিনাকি আৰু আত্মীয়ৰ মাজত এই কাৰ্ডসমূহ বিতৰণ কৰা হৈছে।

পৰিয়ালৰ এই সিদ্ধান্ত আৰু শোকবাৰ্তা থকা কাৰ্ডখনৰ বিষয়ে ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে। কাৰ্ডখনৰ ছবি ভাইৰেল হৈ পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস