--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত পুনৰ সংঘটিত হৈছে ৰে’লত অঘটন। ৰাজ্য খনত এইবাৰ পুৰী-দূৰ্গ এক্সপ্ৰেছৰ এচি দবাৰ  ব্ৰেক পেডত জুই লগাত আতংকিত হৈ পৰে যাত্ৰীসকল।

 ইষ্ট কোষ্ট ৰেলৱেই এক বিবৃতিত কয় যে বৃহস্পতিবাৰে সন্ধিয়া খাৰিয়াৰ ৰোড ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰে'লখনৰ বি-৩ দবাত ধোঁৱা ওলাই থকা  ধৰা পৰে। বিষয়াসকলৰ মতে ঘৰ্ষণৰ বাবেই ব্ৰেক পেডত জুই লাগে।খাৰিয়াৰ ৰোড ষ্টেচনত সংঘটিত এই ঘটনাৰ পিছতে দবাটো আঁতৰাই পেলোৱা হয়।

 অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।   বৃহস্পতিবাৰে নিশা ১১:০০ বজাত ৰেলখনে পুনৰ ষ্টেছনটোৰ পৰা  প্ৰস্থান কৰে। উল্লেখ্য ওড়িশাত শেহতীয়াকৈ সংঘটিত কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত ২৮৮ গৰাকী যাত্ৰী নিহত হৈছে। এতিয়াও ১০১ টা মৃতদেহ চিনাক্ত নোহোৱাকৈয়ে মৰ্গত পৰি ৰৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত