--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিক যুগত অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীৰ উত্তীৰ্ণৰ শতাংশৰ প্ৰতি অতি বিশেষভাৱে গুৰুত্ব দিয়ে, বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত আৰু ইয়াৰ ফলত ল’ৰা-ছোৱালীৰ ওপৰত বহুত হেঁচা পৰে। এই চাপে তেওঁলোকক ভাল নম্বৰ পোৱাত সহায় কৰিব পাৰে যদিও দীৰ্ঘকালীনভাৱে এনে চাপে তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।

সাধাৰণতে আমি দেখিছো অভিভাৱকে নিজৰ ল'ৰা-ছোৱালীয়ে পৰীক্ষাত উচ্চ নম্বৰ লাভ কৰিলে তেওঁলোকৰ সফলতাক উদযাপন কৰে কিন্তু ছাত্ৰ বিশাল কাৰাদৰ অভিভাৱকসকলে এক ডাঙৰ আদৰ্শ দাঙি ধৰিছে৷তেওঁলোকৰ পুত্ৰই ৬টা বিষয়তে ৩৫ শতাংশ নম্বৰ লাভ কৰাৰ পাছত অতি হাস্যবদনে উদযাপন কৰে৷

পৰীক্ষাত উত্তীৰ্ণৰ হোৱা বিশালৰ ন্যূনতম শতাংশ ৩৫ শতাংশ আৰু মুম্বাইৰ থানে অঞ্চলৰ মাৰাঠী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ বিশাল কাৰাদে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথাও নিশ্চিত নাছিল। বিশালৰ দশম শ্ৰেণীৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ ঠিক সময়তে বিশালৰ পৰিয়ালটো শিৱৈ নগৰৰ পৰা উত্তৰসৰলৈ আহিছিল।বিশাল দৰিদ্ৰ পৰিয়ালৰ এজন কিশোৰ কাৰণ পিতৃ অটোৰিক্সা চালক আৰু মাক ঘৰুৱা কাম কৰা এগৰাকী মহিলা৷এই আৰ্থিক সমস্যাৰ মাজতো বিশালৰ পিতৃ-মাতৃয়ে পঢ়া-শুনাৰ লগত আপোচ কৰা নাছিল। বিশালে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰি থকাৰ বাবেই তেওঁ পৰীক্ষা উত্তীৰ্ণ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ কয় যে তেওঁ পিতৃ-মাতৃক উন্নত ভৱিষ্যত দিয়াৰ স্বাৰ্থত আৰু অধিক পঢ়া-শুনা কৰিব বিচাৰিব।

বিশালৰ দেউতাকে কয় যে বহুতে নিজৰ ল’ৰাৰ উচ্চ নম্বৰ পোৱাৰ উদযাপন কৰে কিন্তু তেওঁলোকৰ বাবে বিশালৰ ৩৫ শতাংশ অতি উল্লেখযোগ্য কাৰণ তেওঁলোকৰ পুত্ৰই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকক গৌৰান্বিত কৰিছে।বিশাল আৰু তেওঁৰ পিতৃ-মাতৃলৈ অভিনন্দন!







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস