--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিক যুগত অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীৰ উত্তীৰ্ণৰ শতাংশৰ প্ৰতি অতি বিশেষভাৱে গুৰুত্ব দিয়ে, বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত আৰু ইয়াৰ ফলত ল’ৰা-ছোৱালীৰ ওপৰত বহুত হেঁচা পৰে। এই চাপে তেওঁলোকক ভাল নম্বৰ পোৱাত সহায় কৰিব পাৰে যদিও দীৰ্ঘকালীনভাৱে এনে চাপে তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।

সাধাৰণতে আমি দেখিছো অভিভাৱকে নিজৰ ল'ৰা-ছোৱালীয়ে পৰীক্ষাত উচ্চ নম্বৰ লাভ কৰিলে তেওঁলোকৰ সফলতাক উদযাপন কৰে কিন্তু ছাত্ৰ বিশাল কাৰাদৰ অভিভাৱকসকলে এক ডাঙৰ আদৰ্শ দাঙি ধৰিছে৷তেওঁলোকৰ পুত্ৰই ৬টা বিষয়তে ৩৫ শতাংশ নম্বৰ লাভ কৰাৰ পাছত অতি হাস্যবদনে উদযাপন কৰে৷

পৰীক্ষাত উত্তীৰ্ণৰ হোৱা বিশালৰ ন্যূনতম শতাংশ ৩৫ শতাংশ আৰু মুম্বাইৰ থানে অঞ্চলৰ মাৰাঠী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ বিশাল কাৰাদে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথাও নিশ্চিত নাছিল। বিশালৰ দশম শ্ৰেণীৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ ঠিক সময়তে বিশালৰ পৰিয়ালটো শিৱৈ নগৰৰ পৰা উত্তৰসৰলৈ আহিছিল।বিশাল দৰিদ্ৰ পৰিয়ালৰ এজন কিশোৰ কাৰণ পিতৃ অটোৰিক্সা চালক আৰু মাক ঘৰুৱা কাম কৰা এগৰাকী মহিলা৷এই আৰ্থিক সমস্যাৰ মাজতো বিশালৰ পিতৃ-মাতৃয়ে পঢ়া-শুনাৰ লগত আপোচ কৰা নাছিল। বিশালে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰি থকাৰ বাবেই তেওঁ পৰীক্ষা উত্তীৰ্ণ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ কয় যে তেওঁ পিতৃ-মাতৃক উন্নত ভৱিষ্যত দিয়াৰ স্বাৰ্থত আৰু অধিক পঢ়া-শুনা কৰিব বিচাৰিব।

বিশালৰ দেউতাকে কয় যে বহুতে নিজৰ ল’ৰাৰ উচ্চ নম্বৰ পোৱাৰ উদযাপন কৰে কিন্তু তেওঁলোকৰ বাবে বিশালৰ ৩৫ শতাংশ অতি উল্লেখযোগ্য কাৰণ তেওঁলোকৰ পুত্ৰই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকক গৌৰান্বিত কৰিছে।বিশাল আৰু তেওঁৰ পিতৃ-মাতৃলৈ অভিনন্দন!







FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত