--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লী পুলিচৰ এক শ্বাসৰূদ্ধকাৰী অভিযানত জালত পৰিছে এটা দুৰ্ধৰ্ষ চোৰ। এগৰাকী মহিলা এছআইৰ সাহসীকতা আৰু বীৰত্বৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰে অপৰাধীজনক।

দ্বাৰকাৰ ডিচিপি শংকৰ চৌধাৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিগত কিছুদিনধৰি দ্বাৰকা আৰু ইয়াৰ ওচৰ-পাজৰৰ জিলাত এজন যুৱকে মহিলাৰ চেইন চুৰ কৰি তাণ্ডৱ চলাই আহিছিল। চোৰটোক কৰায়ত্ত কৰিবলৈ দিল্লী আৰক্ষীয়ে এগৰাকী মহিলা উপ পৰিদৰ্শকক লগত লৈ 'হম ভি হ্যে' নামেৰে এক অভিযান আৰম্ভ কৰে। ১৩ নৱেম্বৰত আৰক্ষীয়ে দ্বাৰকাৰ চেক্টৰ-১৩ লৈ চোৰজন অহাৰ খবৰ লাভ কৰে। ইয়াৰ পাছতে উপ পৰিদৰ্শক সৰোজ সিঙক এডাল সুদৃশ্য চেইন পিন্ধাই ৰাস্তাত ঘূৰা-ফুৰা কৰিবলৈ দিয়া হয় আৰু বাকী আৰক্ষীসকল ওচৰতে চোপ লৈ থাকে। ক্ষন্তেক পাছতেই অভিযুক্ত অৰমানে মহিলা এছআই গৰাকীৰ ডিঙিৰ চেইনডাল টানিবলৈ চেষ্টা চলায়। তৎপৰতাৰে মহিলা আৰক্ষীগৰাকীয়ে চোৰটোক ধৰিবলৈ চেষ্টা কৰে আৰু লগে লগে চোপ লৈ থকা অন্য আৰক্ষীসকলো ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘেৰি ধৰাত অৰমানে গুলীচালনা কৰে বুলিও আৰক্ষীয়ে জনায়। প্ৰত্যুত্তৰত সাহসী এছআই সৰোজ সিঙে নিজৰ পিষ্টল উলিয়াই অৰমানৰ ভৰিত গুলী কৰি কৰায়ত্ত কৰে।

উল্লেখ্য যে, ২২ বছৰীয়া অপৰাধী অৰমানৰ বিৰুদ্ধে দিল্লী আৰু গুৰুগ্ৰামত ৬০ তকৈও অধিক গোচৰ ৰুজু হৈ আছে। চোৰটোক কৰায়ত্ত কৰাৰ ফলত দ্বাৰকা জিলাৰ ৩৬ টাকৈ গোচৰ সমাধান হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা