--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লী পুলিচৰ এক শ্বাসৰূদ্ধকাৰী অভিযানত জালত পৰিছে এটা দুৰ্ধৰ্ষ চোৰ। এগৰাকী মহিলা এছআইৰ সাহসীকতা আৰু বীৰত্বৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰে অপৰাধীজনক।

দ্বাৰকাৰ ডিচিপি শংকৰ চৌধাৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিগত কিছুদিনধৰি দ্বাৰকা আৰু ইয়াৰ ওচৰ-পাজৰৰ জিলাত এজন যুৱকে মহিলাৰ চেইন চুৰ কৰি তাণ্ডৱ চলাই আহিছিল। চোৰটোক কৰায়ত্ত কৰিবলৈ দিল্লী আৰক্ষীয়ে এগৰাকী মহিলা উপ পৰিদৰ্শকক লগত লৈ 'হম ভি হ্যে' নামেৰে এক অভিযান আৰম্ভ কৰে। ১৩ নৱেম্বৰত আৰক্ষীয়ে দ্বাৰকাৰ চেক্টৰ-১৩ লৈ চোৰজন অহাৰ খবৰ লাভ কৰে। ইয়াৰ পাছতে উপ পৰিদৰ্শক সৰোজ সিঙক এডাল সুদৃশ্য চেইন পিন্ধাই ৰাস্তাত ঘূৰা-ফুৰা কৰিবলৈ দিয়া হয় আৰু বাকী আৰক্ষীসকল ওচৰতে চোপ লৈ থাকে। ক্ষন্তেক পাছতেই অভিযুক্ত অৰমানে মহিলা এছআই গৰাকীৰ ডিঙিৰ চেইনডাল টানিবলৈ চেষ্টা চলায়। তৎপৰতাৰে মহিলা আৰক্ষীগৰাকীয়ে চোৰটোক ধৰিবলৈ চেষ্টা কৰে আৰু লগে লগে চোপ লৈ থকা অন্য আৰক্ষীসকলো ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘেৰি ধৰাত অৰমানে গুলীচালনা কৰে বুলিও আৰক্ষীয়ে জনায়। প্ৰত্যুত্তৰত সাহসী এছআই সৰোজ সিঙে নিজৰ পিষ্টল উলিয়াই অৰমানৰ ভৰিত গুলী কৰি কৰায়ত্ত কৰে।


উল্লেখ্য যে, ২২ বছৰীয়া অপৰাধী অৰমানৰ বিৰুদ্ধে দিল্লী আৰু গুৰুগ্ৰামত ৬০ তকৈও অধিক গোচৰ ৰুজু হৈ আছে। চোৰটোক কৰায়ত্ত কৰাৰ ফলত দ্বাৰকা জিলাৰ ৩৬ টাকৈ গোচৰ সমাধান হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক