--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ আনন্দ উদযাপনত ব্যস্ত হৈ থকাৰ সময়তে দেশৰ ৰাজধানী দিল্লীত এগৰাকী মহিলাৰ জীৱনলৈ নামি আহিছিল অমানিশা। গণৰাজ্য দিৱসৰ দিনাই এগৰাকী যুৱতীক অপৰহণ কৰি নি দলবদ্ধ বলাৎকাৰ কৰিছিল কেইজনমান লোকে। দিল্লী আৰক্ষীয়ে আজি এই ঘটনাত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ বিবেক বিহাৰ এলেকাত এই ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। এই ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশৰ ৰাজধানী দিল্লীত এনে দলবদ্ধ বলাৎকাৰৰ ঘটনা নতুন কথা নহয়। নিৰ্ভয়া কাণ্ডৰ দৰে কলংকই দিল্লীৰ ইতিহাসক নতজানু কৰি ৰাখিছে। শেহতীয়াকৈ এনে ধৰণৰ ঘটনা কিছু হ্ৰাস হোৱা বুলি ধাৰণা কৰিলেও গণৰাজ্য দিৱসৰ দিনাই দিল্লীত সংঘটিত এটা ঘটনাই পুনৰ দেশৰ ৰাজধানীখনক কলংকিত কৰি তুলিলে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্তৰ সৈতে মহিলাগৰাকীৰ ব্যক্তিগত শত্ৰুতাৰ পৰিণতিতে এই ঘটনা সংঘটিত হয়। অভিযুক্তকেইজনে যুৱতীগৰাকীৰ চুলি খলপা-খলপকৈ কাটি পেলোৱাৰ লগতে তেওঁক জোতাৰ মালা পিন্ধাই ৰাস্তাত খোজ কাঢ়িবলৈও বাধ্য কৰোঁৱা বুলি অভিযোগ উঠিছে। মহিলাগৰাকী বিবাহিতা আৰু তেওঁৰ এটি সন্তানো আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনাৰ সূত্ৰপাত ঘটে এজন যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি। মহিলাগৰাকীক তেওঁৰ চুবুৰীয়া এজন যুৱকে অনুসৰণ কৰিছিল আৰু যোৱা নৱেম্বৰ মাহত যুৱকজনে আত্মহত্যা কৰে। যুৱকজনৰ পৰিয়ালে তেওঁৰ আত্মহত্যাৰ বাবে মহিলাগৰাকীক অভিযুক্ত কৰি তেওঁ ধৰি বান্ধি নিয়ে আৰু তাৰ পাছতে তেওঁৰ ওপৰত এই নাৰকীয় নিৰ্যাতন চলোৱা হয়। এই ঘটনাক লৈ তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে এই ঘটনাক অতি গভীৰভাৱে লৈ তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। ইফালে দিল্লীৰ মহিলা আয়োগেও ঘটনাটো সম্পৰ্কত দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি