--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ আনন্দ উদযাপনত ব্যস্ত হৈ থকাৰ সময়তে দেশৰ ৰাজধানী দিল্লীত এগৰাকী মহিলাৰ জীৱনলৈ নামি আহিছিল অমানিশা। গণৰাজ্য দিৱসৰ দিনাই এগৰাকী যুৱতীক অপৰহণ কৰি নি দলবদ্ধ বলাৎকাৰ কৰিছিল কেইজনমান লোকে। দিল্লী আৰক্ষীয়ে আজি এই ঘটনাত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ বিবেক বিহাৰ এলেকাত এই ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। এই ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশৰ ৰাজধানী দিল্লীত এনে দলবদ্ধ বলাৎকাৰৰ ঘটনা নতুন কথা নহয়। নিৰ্ভয়া কাণ্ডৰ দৰে কলংকই দিল্লীৰ ইতিহাসক নতজানু কৰি ৰাখিছে। শেহতীয়াকৈ এনে ধৰণৰ ঘটনা কিছু হ্ৰাস হোৱা বুলি ধাৰণা কৰিলেও গণৰাজ্য দিৱসৰ দিনাই দিল্লীত সংঘটিত এটা ঘটনাই পুনৰ দেশৰ ৰাজধানীখনক কলংকিত কৰি তুলিলে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্তৰ সৈতে মহিলাগৰাকীৰ ব্যক্তিগত শত্ৰুতাৰ পৰিণতিতে এই ঘটনা সংঘটিত হয়। অভিযুক্তকেইজনে যুৱতীগৰাকীৰ চুলি খলপা-খলপকৈ কাটি পেলোৱাৰ লগতে তেওঁক জোতাৰ মালা পিন্ধাই ৰাস্তাত খোজ কাঢ়িবলৈও বাধ্য কৰোঁৱা বুলি অভিযোগ উঠিছে। মহিলাগৰাকী বিবাহিতা আৰু তেওঁৰ এটি সন্তানো আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনাৰ সূত্ৰপাত ঘটে এজন যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি। মহিলাগৰাকীক তেওঁৰ চুবুৰীয়া এজন যুৱকে অনুসৰণ কৰিছিল আৰু যোৱা নৱেম্বৰ মাহত যুৱকজনে আত্মহত্যা কৰে। যুৱকজনৰ পৰিয়ালে তেওঁৰ আত্মহত্যাৰ বাবে মহিলাগৰাকীক অভিযুক্ত কৰি তেওঁ ধৰি বান্ধি নিয়ে আৰু তাৰ পাছতে তেওঁৰ ওপৰত এই নাৰকীয় নিৰ্যাতন চলোৱা হয়। এই ঘটনাক লৈ তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে এই ঘটনাক অতি গভীৰভাৱে লৈ তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। ইফালে দিল্লীৰ মহিলা আয়োগেও ঘটনাটো সম্পৰ্কত দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত