--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্টেইন বিক্ৰম বাত্ৰাৰ সাহস আৰু বীৰত্বৰ ওপৰত নিৰ্মাণ কৰা হৈছিল বলীউডৰ জনপ্ৰিয় চিনেমা শ্বেৰশ্বাহ। বিক্ৰমে এই পৃথিৱীত এৰি থৈ গৈছে অদম্য বিক্ৰমৰ কাহিনী। বিক্ৰম বাত্ৰাৰ চৰিত্ৰটো ৰূপায়ন কৰিছে সিদ্ধাৰ্থ মালহোত্ৰাই আৰু সিদ্ধাৰ্থৰ বিপৰীতে নায়িকাৰ ভূমিকা ৰূপায়ন কৰিছে কিয়াৰা আদৱানীয়ে। শ্বেৰশ্বাহক দৰ্শকে ব্যাপক ৰূপত আঁকোৱালি ল'লে। বিক্ৰম বাত্ৰাৰ বীৰত্বৰ কাহিনী জানি গৌৰৱত বুকু ফুলি উঠিল প্ৰতিজন ভাৰতীয়ৰ। বিক্ৰম বাত্ৰা এজন অতি সাহসী সেনা জোৱান আছিল। কাৰ্গিল যুদ্ধ চলি থাকোতে এজন পাকিস্তানী সেনাই বিক্ৰম বাত্ৰাক কৈছিল-''আমাক মাধুৰী দিক্ষীতক দি দে..আল্লাৰ কচম আমি এতিয়াই এই স্থানৰ পৰা গুচি যাম। পাকিস্তানীৰ মুখত এগৰাকী ভাৰতীয় নাৰীৰ কথা এনেদৰে শুনি খঙত ফাটি পৰিছিল ভাৰতীয় সেনা বিক্ৰম বাত্ৰা। তেওঁ পাকিস্তানী সেনাজনলৈ চাই ক্ষোভত কৈছিল- ''বৰ্তমান মাধুৰী দিক্ষীত শ্বুটিঙত ব্যস্ত আছে...সদ্যহতে তই এইটোকে গ্ৰহণ কৰ'' বুলি পাকিস্তানী সেনাজনক গুলীয়াই দিয়ে বিক্ৰমে। তাৰপাছত গুলীবিদ্ধ পাকিস্তানী সেনাজনলৈ চাই বিক্ৰমে কৈছিল- ''ল বেটা মাধুৰী দিক্ষীতৰ ফালৰ পৰা তোলৈ উপহাৰ।'' বিক্ৰম বাত্ৰাই কেৱল ভাৰতভূমিকে শ্ৰদ্ধা কৰা নাছিল, তেওঁৰ মনত প্ৰতিজন ভাৰতীয়ৰ প্ৰতি আছিল অপৰিসীম শ্ৰদ্ধা আৰু মৰম, সেয়েহে শত্ৰু দেশৰ এজন লোকে মাধুৰী দিক্ষীতৰ কথা তেনেকৈ কোৱাত সহ্য কৰিব পৰা নাছিল বিক্ৰমে। ইয়াৰ পৰাই বুজা যায় ভাৰতীয় নাৰীক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো পিছ পৰি নৰৈছিল এইজন সাহসী সেনা। উল্লেখ্য যে বিক্ৰম বাত্ৰাৰ জন্ম হৈছিল ১৯৭৪ চনৰ ৯ ছেপ্তেম্বৰত হিমাচল প্ৰদেশৰ পালামপুৰত। ১৯৯৯ চনৰ ৭ জুলাইত মাঁথো ২৪ বছৰ বয়সতে কাৰ্গিল যুদ্ধত শ্বহীদ হয় বিক্ৰম। ১৯৯৭ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল বিক্ৰমে। মাত্ৰ ২ বছৰীয়া কাৰ্যকালতে মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত নিজ জীৱন বলিদান দিলে বিক্ৰমে। বিক্ৰম বাত্ৰাক পৰমবীৰ চক্ৰৰ সন্মানেৰে সন্মানিত কৰা হয়। বিক্ৰম বাত্ৰাৰ চৰিত্ৰ ৰূপায়ন কৰাৰ পাছত সিদ্ধাৰ্থ মালহোত্ৰাৰ কেৰিয়াৰ গ্ৰাফডালো উৰ্ধগামী হৈছে। আৰু পঢ়কঃ পিতৃয়ে চাফাইকৰ্মীৰ কাম কৰা হোটেলখন কিনি নিজৰ কৰিলে এইজন ছুপাৰষ্টাৰে!  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি