--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসাৰ জুইত জ্বলিছে মণিপুৰ ৷বৰ্তমান মণিপুৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰএএফক নিমন্ত্ৰণ জনাইছে চৰকাৰে । প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি আৰক্ষীক পিছুৱাই যাবলৈ বাধ্য কৰাইছে। শিলগুটি নিক্ষেপ অবিৰতভাৱে চলি আছে। প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰিছে। ১৫ ছেপ্টেম্বৰলৈকে সমগ্ৰ মণিপুৰত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। আৰু লগতে ইম্ফলসহ ৩খন চহৰত সান্ধ্যআইন জাৰি কৰিছে ৷

এই সমগ্ৰ যুঁজ কুকি আৰু মাইটাই নামৰ দুটা জনগোষ্ঠীৰ মাজত। মেইটাই সম্প্ৰদায়ৰ অধিকাংশ লোকে উপত্যকাত বাস কৰাৰ লগতে কুকি সম্প্ৰদায়ৰ লোকসকলে পাহাৰত বাস কৰে। হিংসাত্মক পৰিস্থিতিৰ পিছত এই দুয়োটা সম্প্ৰদায়ে ইজনে সিজনৰ ঠাইলৈ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। এই বিচ্ছিন্নতাও হিংসা বন্ধ নোহোৱাৰ এটা প্ৰধান কাৰণ।

দুয়োটাৰে ভিন্ন স্থানৰ বাবে সমগ্ৰ অঞ্চলটো সীমান্তলৈ পৰিণত হৈছে। প্ৰতিবেদন অনুসৰি দুয়োজনে নিজৰ বাবে নিৰাপদ বাংকাৰ নিৰ্মাণ কৰিছে। দুয়োৰে হাতত সহস্ৰ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আছে। যাৰ বাবেই যেতিয়াই সুযোগ পায় ইজনে সিজনক আক্ৰমণ কৰে আৰু তাৰ পিছত বাংকাৰত লুকাই থাকে। উপত্যকা আৰু পাহাৰৰ বাবে তেওঁলোকক ৰখাবলৈ টান।

২০২৩ চনৰ জুলাই-আগষ্ট মাহত হোৱা হিংসাৰ দৰেই এইবৰ্ষতো মণিপুৰত দেখা গৈছে একে ধৰণৰ হিংসাত্মক ঘটনা। ড্ৰ’নৰ দ্বাৰা আকাশী বোমা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি আৰপিজি নিক্ষেপ আৰু আধুনিক অস্ত্ৰ ব্যৱহাৰে সংবেদনশীল পৰিস্থিতিৰ সৃষ্টি কৰিছে । উপত্যকাত সংঘটিত হত্যাকাণ্ডৰ পিছত সমন্বয়ক সমিতিয়ে ‘ৰাজহুৱা জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰিছে।


মণিপুৰ অখণ্ডতাৰ সমন্বয়ক সমিতিৰ দাবী যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাঁচ দিনৰ ভিতৰত সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ কৰিব লাগিব । ইয়াৰ ওপৰিও তেওঁলোকে জনায় যে ইয়াৰ ব্যৰ্থ হ’লে মণিপুৰৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰকে ধৰি নিজৰ লগতে খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ বাবে ৰাইজে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।


২০২৩ চনৰ ৩ মে’ৰ পৰা আৰম্ভ হৈছিল সং হিংসাত্মক ঘটনা। কিন্তু ১৬ মাহৰ পাছতো ৰাজ্যত শান্তি ঘূৰি নাহিল। শনিবাৰে জিৰিবাম জিলাত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। মণিপুৰৰ পৰিস্থিতিৰ গুৰুত্ব এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তাত হিংসাৰ লগত জড়িত দুয়োটা সম্প্ৰদায়ৰ হাতত এতিয়া এনে অস্ত্ৰ-শস্ত্ৰ আছে যিবোৰ সাধাৰণতে যুদ্ধত ব্যৱহাৰ কৰা হয়। সেনা ইমানেই অসহায় যে তেওঁলোকে এণ্টি ড্ৰ’ন ব্যৱস্থা স্থাপন কৰিবলগীয়া হৈছে। পাহাৰ আৰু উপত্যকাত মানুহে বাংকাৰ সাজিছে।

মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত আয়োজন কৰা ‘আদিবাসী সংহতি মৰ্চাৰ’ পিছত যোৱা বছৰৰ ৩ মে’ত জাতিগত হিংসাৰ সূচনা হোৱাৰ পাছৰে পৰা মণিপুৰত ২০০ৰো অধিক লোকৰ মৃত্যু হয়। 

মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকল,তেওঁলোক বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে, আনহাতে ৪০ শতাংশ নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে মূলতঃ পাহাৰীয়া জিলাত বাস কৰে। উল্লেখ্য যে এই হিংসাৰ বাবে হাজাৰ হাজাৰ লোক সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু