--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসাৰ জুইত জ্বলিছে মণিপুৰ ৷বৰ্তমান মণিপুৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰএএফক নিমন্ত্ৰণ জনাইছে চৰকাৰে । প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি আৰক্ষীক পিছুৱাই যাবলৈ বাধ্য কৰাইছে। শিলগুটি নিক্ষেপ অবিৰতভাৱে চলি আছে। প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়েও কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰিছে। ১৫ ছেপ্টেম্বৰলৈকে সমগ্ৰ মণিপুৰত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। আৰু লগতে ইম্ফলসহ ৩খন চহৰত সান্ধ্যআইন জাৰি কৰিছে

এই সমগ্ৰ যুঁজ কুকি আৰু মাইটাই নামৰ দুটা জনগোষ্ঠীৰ মাজত। মেইটাই সম্প্ৰদায়ৰ অধিকাংশ লোকে উপত্যকাত বাস কৰাৰ লগতে কুকি সম্প্ৰদায়ৰ লোকসকলে পাহাৰত বাস কৰে। হিংসাত্মক পৰিস্থিতিৰ পিছত এই দুয়োটা সম্প্ৰদায়ে ইজনে সিজনৰ ঠাইলৈ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। এই বিচ্ছিন্নতাও হিংসা বন্ধ নোহোৱাৰ এটা প্ৰধান কাৰণ।

দুয়োটাৰে ভিন্ন স্থানৰ বাবে সমগ্ৰ অঞ্চলটো সীমান্তলৈ পৰিণত হৈছে। প্ৰতিবেদন অনুসৰি দুয়োজনে নিজৰ বাবে নিৰাপদ বাংকাৰ নিৰ্মাণ কৰিছে। দুয়োৰে হাতত সহস্ৰ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আছে। যাৰ বাবেই যেতিয়াই সুযোগ পায় ইজনে সিজনক আক্ৰমণ কৰে আৰু তাৰ পিছত বাংকাৰত লুকাই থাকে। উপত্যকা আৰু পাহাৰৰ বাবে তেওঁলোকক ৰখাবলৈ টান।

২০২৩ চনৰ জুলাই-আগষ্ট মাহত হোৱা হিংসাৰ দৰেই এইবৰ্ষতো মণিপুৰত দেখা গৈছে একে ধৰণৰ হিংসাত্মক ঘটনা। ড্ৰ’নৰ দ্বাৰা আকাশী বোমা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি আৰপিজি নিক্ষেপ আৰু আধুনিক অস্ত্ৰ ব্যৱহাৰে সংবেদনশীল পৰিস্থিতিৰ সৃষ্টি কৰিছে । উপত্যকাত সংঘটিত হত্যাকাণ্ডৰ পিছত সমন্বয়ক সমিতিয়ে ‘ৰাজহুৱা জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰিছে।


মণিপুৰ অখণ্ডতাৰ সমন্বয়ক সমিতিৰ দাবী যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাঁচ দিনৰ ভিতৰত সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ কৰিব লাগিব । ইয়াৰ ওপৰিও তেওঁলোকে জনায় যে ইয়াৰ ব্যৰ্থ হ’লে মণিপুৰৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰকে ধৰি নিজৰ লগতে খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ বাবে ৰাইজে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।


২০২৩ চনৰ ৩ মে’ৰ পৰা আৰম্ভ হৈছিল সং হিংসাত্মক ঘটনা। কিন্তু ১৬ মাহৰ পাছতো ৰাজ্যত শান্তি ঘূৰি নাহিল। শনিবাৰে জিৰিবাম জিলাত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। মণিপুৰৰ পৰিস্থিতিৰ গুৰুত্ব এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তাত হিংসাৰ লগত জড়িত দুয়োটা সম্প্ৰদায়ৰ হাতত এতিয়া এনে অস্ত্ৰ-শস্ত্ৰ আছে যিবোৰ সাধাৰণতে যুদ্ধত ব্যৱহাৰ কৰা হয়। সেনা ইমানেই অসহায় যে তেওঁলোকে এণ্টি ড্ৰ’ন ব্যৱস্থা স্থাপন কৰিবলগীয়া হৈছে। পাহাৰ আৰু উপত্যকাত মানুহে বাংকাৰ সাজিছে।

মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত আয়োজন কৰা ‘আদিবাসী সংহতি মৰ্চাৰ’ পিছত যোৱা বছৰৰ ৩ মে’ত জাতিগত হিংসাৰ সূচনা হোৱাৰ পাছৰে পৰা মণিপুৰত ২০০ৰো অধিক লোকৰ মৃত্যু হয়। 

মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকল,তেওঁলোক বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে, আনহাতে ৪০ শতাংশ নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে মূলতঃ পাহাৰীয়া জিলাত বাস কৰে। উল্লেখ্য যে এই হিংসাৰ বাবে হাজাৰ হাজাৰ লোক সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement