--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সোমবাৰে কয় যে কিছু তত্ব, যিয়ে ভাৰতৰ বিকাশৰ পথত বাধাৰ সৃষ্টি কৰি আছে।সেই তত্বসমূহ অতি ভয়ংকৰ ৷কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ ছত্ৰপতি শিৱাজী মহাৰাজৰ সময়তো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও ধৰ্মৰ শক্তি ব্যৱহাৰ কৰি ইয়াৰ সৈতে মোকাবিলা কৰা হয়।’ 

ভাগৱতে কয় যে ‘আগতে ভাৰতৰ ওপৰত বহিঃৰাজ্যৰ আক্ৰমণ প্ৰায়ে দেখা গৈছিল, সেয়েহে জনসাধাৰন সজাগ ৷কিন্তু বৰ্তমান বিভিন্ন ৰূপত তেওঁলোক সন্মুখলৈ আহিছে।’

ভাগৱতে ড০ মিলিন্দ পাৰাডকাৰৰ ৰচনা ‘থাঞ্জাৱৰ্চে মাৰাঠে’ নামৰ গ্ৰন্থখন মুক্তি অনুষ্ঠানত এই মন্তব্য দিয়ে ৷ আৰএছএছৰ মুৰব্বীজনে ক’লে যে ‘যেতিয়া ৰামায়ণৰ এজন ৰাক্ষসী তাড়কাই আক্ৰমণ কৰিছিল তেতিয়া যথেষ্ট বিশৃংখলতা হৈছিল আৰু মাত্ৰ এটা কাঁড়েৰে তেওঁক ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল, একেদৰে শিশু কৃষ্ণকো মাহীৰ বেশত পুতনা নামৰ ৰাক্ষসীয়ে স্তনপানৰ চলেৰে হত্যা কৰিবলৈ আহিছিল , কিন্তু শিশু কৃষ্ণই তেওঁক বধ কৰে ৷ ভাগৱতে কয় যে আজিৰ পৰিস্থিতিও একেই। আক্ৰমণ আহি আছে আৰু ই অৰ্থনৈতিক, আধ্যাত্মিক বা ৰাজনৈতিকে হওক সকলো দিশতে বিধ্বংসী।’

মোহন ভাগৱতে কয় যে ভাৰতক সংজ্ঞায়িত কৰা উৎস হ’ল ‘জীৱন শক্তি’। তেওঁ কয় যে জীৱন শক্তি আমাৰ জাতিৰ আধাৰ আৰু ই ধৰ্মৰ ওপৰত ভিত্তি কৰি সদায় থাকিব। আৰএছএছৰ মুৰব্বী ভাগৱতে কয় যে ধৰ্ম সৃষ্টিৰ আৰম্ভণিতে আছিল আৰু শেষলৈকে ধৰ্মৰ প্ৰয়োজন হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ