--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আহিল ভাল খবৰটো। দীৰ্ঘদিনৰ পৰা পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছজাতীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত দামবৃদ্ধিয়ে জনসাধাৰণক জীয়াতু ভুগাইছিল! মোদী চৰকাৰে আবকাৰী শুল্কত দাম হ্ৰাস কৰি ডাঙৰ সিদ্ধান্ত লৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজেই টুইট কৰিছিল যে, পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক ৮ টকা হ্ৰাস কৰা হ’ব আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ৭ টকা হ্ৰাস কৰা হ’ব। 

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ’লৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক প্ৰতিলিটাৰত ৮ টকা আৰু ডিজেলৰ ওপৰত প্ৰতিলিটাৰত ৬ টকা হ্ৰাস কৰিছে। ইয়াৰ ফলত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯.৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭ টকা হ্ৰাস পাব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে।

লগতে, এইবছৰ ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ৰ ৯ কোটিৰো অধিক হিতাধিকাৰীক প্ৰতি গেছ চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। 

চৰকাৰে লগতে প্লাষ্টিকৰ সামগ্ৰীৰ বাবে কেঁচা সামগ্ৰী আৰু মধ্যস্থতাকাৰীৰ ওপৰত শুল্ক হ্ৰাস কৰি ভাৰতৰ আমদানি নিৰ্ভৰশীলতা অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইস্পাতৰ কিছুমান কেঁচা সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হ’ব। কিছুমান তীখাসামগ্ৰীৰ ওপৰত ৰপ্তানি শুল্ক আৰোপ কৰা হ'ব। চিমেণ্টৰ উপলব্ধতা উন্নত কৰাৰ বাবে আৰু চিমেণ্টৰ ব্যয় হ্ৰাস কৰি উন্নত লজিষ্টিকৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। 

কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, এতিয়ালৈকে যি হাৰত পেট্ৰ’ল-ডিজেলৰ সামগ্ৰীৰ দামবৃদ্ধি পালে তাৰ তুলনাত এই হ্ৰাসৰ খুবেই নগণ্য। ২০১৮ৰ পৰা ২০২২লৈকে পেট্ৰ’লজাত সামগ্ৰীৰ দামবৃদ্ধি পাই আহিছে, তাৰ পৰিৱৰ্তে খুব কমবাৰৰ বাবেহে দাম হ্ৰাস পাইছিল। বাৰু যি কি নহওক পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাসৰ খবৰে এতিয়া সকলো লোককে সাময়িকভাৱে হ’লেও সকাহ দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ