--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আহিল ভাল খবৰটো। দীৰ্ঘদিনৰ পৰা পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছজাতীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত দামবৃদ্ধিয়ে জনসাধাৰণক জীয়াতু ভুগাইছিল! মোদী চৰকাৰে আবকাৰী শুল্কত দাম হ্ৰাস কৰি ডাঙৰ সিদ্ধান্ত লৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজেই টুইট কৰিছিল যে, পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক ৮ টকা হ্ৰাস কৰা হ’ব আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ৭ টকা হ্ৰাস কৰা হ’ব। 

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ’লৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক প্ৰতিলিটাৰত ৮ টকা আৰু ডিজেলৰ ওপৰত প্ৰতিলিটাৰত ৬ টকা হ্ৰাস কৰিছে। ইয়াৰ ফলত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯.৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭ টকা হ্ৰাস পাব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে।

লগতে, এইবছৰ ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ৰ ৯ কোটিৰো অধিক হিতাধিকাৰীক প্ৰতি গেছ চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। 

চৰকাৰে লগতে প্লাষ্টিকৰ সামগ্ৰীৰ বাবে কেঁচা সামগ্ৰী আৰু মধ্যস্থতাকাৰীৰ ওপৰত শুল্ক হ্ৰাস কৰি ভাৰতৰ আমদানি নিৰ্ভৰশীলতা অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইস্পাতৰ কিছুমান কেঁচা সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হ’ব। কিছুমান তীখাসামগ্ৰীৰ ওপৰত ৰপ্তানি শুল্ক আৰোপ কৰা হ'ব। চিমেণ্টৰ উপলব্ধতা উন্নত কৰাৰ বাবে আৰু চিমেণ্টৰ ব্যয় হ্ৰাস কৰি উন্নত লজিষ্টিকৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। 

কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, এতিয়ালৈকে যি হাৰত পেট্ৰ’ল-ডিজেলৰ সামগ্ৰীৰ দামবৃদ্ধি পালে তাৰ তুলনাত এই হ্ৰাসৰ খুবেই নগণ্য। ২০১৮ৰ পৰা ২০২২লৈকে পেট্ৰ’লজাত সামগ্ৰীৰ দামবৃদ্ধি পাই আহিছে, তাৰ পৰিৱৰ্তে খুব কমবাৰৰ বাবেহে দাম হ্ৰাস পাইছিল। বাৰু যি কি নহওক পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাসৰ খবৰে এতিয়া সকলো লোককে সাময়িকভাৱে হ’লেও সকাহ দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন