--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'অসম দেশৰ বিষম কথা'- নানা জাতি-জনজাতীয়ৰে পৰিপুষ্ট ৰাজ্যখনত বিগত কেইদিনমান ধৰি শ্বেৰমানৰ প্ৰশংগই বাতৰিৰ শিৰোনাম দখল কৰিছে৷ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীয়ে উত্তাল কৰিছিল ৰাজ্যৰ ৰাজপথ৷ অৱশেষত ছহিদক অপমান কৰি শনিবাৰে সন্ধিয়া বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান৷ গ্ৰেপ্তাৰ হোৱাৰ কিছু ঘণ্টাৰ পাছতেই বিধায়কগৰাকীৰ মুক্তিৰ দাবী তোলে একাংশই৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক মুক্তিৰ দাবীত কলগাছিয়াৰ মইনবড়ীত ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম আৰক্ষীয়ে শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছত জাঙুৰ খাই উঠিছে বাঘবৰ সমষ্টিৰ একাংশ ৰাইজ। শনিবাৰে নিশাৰ ভাগত মইনবড়ী বজাৰত বিধায়ক আলীৰ মুক্তিৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্থ কৰে ৰাইজে ৷ প্ৰতিবাদকাৰী সকলৰ মতে, বিধায়ক শ্বেৰমান আলীক বিনা চৰ্তে মুক্তি দিয়ক, শ্বেৰমান আলী জিন্দাবাদ আদি শ্লগানেৰে উত্তাল কৰি তোলে মইনবড়ী বজাৰ৷ নহ'লে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ ৰাইজৰ৷

ইতিমধ্যে পানবজাৰ থানাত আৰক্ষীৰ জিম্মাত আছে আলী৷ কেইবাটাও গোচৰত গ্ৰেপ্তাৰ হয় বিধায়ক শ্বেৰমান৷ তেওঁৰ ওপৰত ৰুজু কৰিছে কেইবাটাও ধাৰা৷ গীতানগৰ থানাত ৰুজু IPC 407 নং ধাৰাৰ গোচৰ, পানবজাৰ থানাত ৰুজু IPC ৫১০ নং ধাৰাৰ গোচৰ৷ আনহাতে দিছপুৰ থানাতো ৰুজু হৈ আছে গোচৰ৷ উল্লেখ্য যে, দয়া শৰ্মাসহ ৮ জন ছহিদক ঘাতক আখ্যা দিছিল শ্বেৰমানে৷ আৰু তাৰপাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ৷ যাৰবাবে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ বিধায়কজনক৷ নিশাই মনেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত শ্বেৰমান আলীৰ স্বাস্থ্য পৰীক্ষা কৰায়৷ নিশা পাণবজাৰ থানাত ৰখা হয় আলীক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ