--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'অসম দেশৰ বিষম কথা'- নানা জাতি-জনজাতীয়ৰে পৰিপুষ্ট ৰাজ্যখনত বিগত কেইদিনমান ধৰি শ্বেৰমানৰ প্ৰশংগই বাতৰিৰ শিৰোনাম দখল কৰিছে৷ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীয়ে উত্তাল কৰিছিল ৰাজ্যৰ ৰাজপথ৷ অৱশেষত ছহিদক অপমান কৰি শনিবাৰে সন্ধিয়া বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান৷ গ্ৰেপ্তাৰ হোৱাৰ কিছু ঘণ্টাৰ পাছতেই বিধায়কগৰাকীৰ মুক্তিৰ দাবী তোলে একাংশই৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক মুক্তিৰ দাবীত কলগাছিয়াৰ মইনবড়ীত ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম আৰক্ষীয়ে শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছত জাঙুৰ খাই উঠিছে বাঘবৰ সমষ্টিৰ একাংশ ৰাইজ। শনিবাৰে নিশাৰ ভাগত মইনবড়ী বজাৰত বিধায়ক আলীৰ মুক্তিৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্থ কৰে ৰাইজে ৷ প্ৰতিবাদকাৰী সকলৰ মতে, বিধায়ক শ্বেৰমান আলীক বিনা চৰ্তে মুক্তি দিয়ক, শ্বেৰমান আলী জিন্দাবাদ আদি শ্লগানেৰে উত্তাল কৰি তোলে মইনবড়ী বজাৰ৷ নহ'লে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ ৰাইজৰ৷

ইতিমধ্যে পানবজাৰ থানাত আৰক্ষীৰ জিম্মাত আছে আলী৷ কেইবাটাও গোচৰত গ্ৰেপ্তাৰ হয় বিধায়ক শ্বেৰমান৷ তেওঁৰ ওপৰত ৰুজু কৰিছে কেইবাটাও ধাৰা৷ গীতানগৰ থানাত ৰুজু IPC 407 নং ধাৰাৰ গোচৰ, পানবজাৰ থানাত ৰুজু IPC ৫১০ নং ধাৰাৰ গোচৰ৷ আনহাতে দিছপুৰ থানাতো ৰুজু হৈ আছে গোচৰ৷ উল্লেখ্য যে, দয়া শৰ্মাসহ ৮ জন ছহিদক ঘাতক আখ্যা দিছিল শ্বেৰমানে৷ আৰু তাৰপাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ৷ যাৰবাবে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ বিধায়কজনক৷ নিশাই মনেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত শ্বেৰমান আলীৰ স্বাস্থ্য পৰীক্ষা কৰায়৷ নিশা পাণবজাৰ থানাত ৰখা হয় আলীক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু