--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি সমগ্ৰ অসমতে ক্ষোভৰ জ্বলোৱাৰ পাছত কৃতকৰ্মৰ ফল ভুগিছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে। ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতেই জামিনবিহীন ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় বহুবল্কী বিধায়কজনক। ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১৫৩(ক), ২৯৪, ৫০০ ধাৰাৰ অধীনত বিধায়কজনক গ্ৰেপ্তাৰ কৰি ৩৫৯৮/২১ নম্বৰত এক গোচৰ ৰুজু কৰা হয়।

সাধাৰণ অপৰাধীৰ দৰে পাণবজাৰ থানাত ৰখা হৈছে বিধায়ক শ্বেৰমান আলীক৷ থানাৰ ভিতৰেৰে খাদ্য খাবলৈ দিয়া হৈছে শ্বেৰমান আলীক৷ লকআপৰ বাহিৰত চকীত বহুৱাই ৰখা হৈছে বিধায়কগৰাকীক৷ মধুমেহ, উচ্চ ৰক্তচাপ,হৃদৰোগত আক্ৰান্ত হৈ থকাৰ বাবে শ্বেৰমান আলীক কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব MMCHলৈ৷

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি শ্বেৰমান আলীক নিলম্বনৰো নিৰ্দেশ দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই স্বাক্ষৰ কৰা বিবৃতিত কোৱা হৈছে যে দলীয় শৃংখলা ভংগৰ অভিযোগতে শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা