--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া আৰু ভাৰতে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হ’ব। কিংম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এই ভৱিষ্যৎবাণী প্ৰকাশ কৰিছে।

গাভাস্কাৰে ষ্টাৰ স্পৰ্টছৰ আগত সোমবাৰে কয় যে নিশ্চিতভাৱে ভাৰতে ফাইনেলত উপনীত হ’ব। ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়াৰ নামো তেওঁ লয়।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ টম মুডীয়েও গাভাস্কাৰৰ মন্তব্যক আদৰণী জনাইছে। কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাটো নিশ্চিত।

মুডীয়ে এইক্ষেত্ৰত চাৰিটা দলৰ নাম লয়। সেইকেইটা হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান আৰু ভাৰত। কিন্তু এইকেইটা দলৰ ভিতৰত ভাৰত আৰু অষ্ট্ৰেলিয়াই ফাইনেলত উপনীত হ’ব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে বিশ্বকাপত ভাৰতে ২৩ অক্টোবৰৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিব। মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত প্ৰথমখন মেচ খেলিব পাকিস্তানৰ বিৰুদ্ধে।

ইতিমধ্যে অষ্ট্ৰেলিয়াৰ স’তে হোৱা ৱাৰ্ম ৱাপ মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ফৰ্মৰ শিখৰত থকা সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল, মহম্মদ ছামীৰ ওপৰত ভৰসা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু