--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া আৰু ভাৰতে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হ’ব। কিংম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এই ভৱিষ্যৎবাণী প্ৰকাশ কৰিছে।

গাভাস্কাৰে ষ্টাৰ স্পৰ্টছৰ আগত সোমবাৰে কয় যে নিশ্চিতভাৱে ভাৰতে ফাইনেলত উপনীত হ’ব। ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়াৰ নামো তেওঁ লয়।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ টম মুডীয়েও গাভাস্কাৰৰ মন্তব্যক আদৰণী জনাইছে। কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাটো নিশ্চিত।

মুডীয়ে এইক্ষেত্ৰত চাৰিটা দলৰ নাম লয়। সেইকেইটা হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান আৰু ভাৰত। কিন্তু এইকেইটা দলৰ ভিতৰত ভাৰত আৰু অষ্ট্ৰেলিয়াই ফাইনেলত উপনীত হ’ব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে বিশ্বকাপত ভাৰতে ২৩ অক্টোবৰৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিব। মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত প্ৰথমখন মেচ খেলিব পাকিস্তানৰ বিৰুদ্ধে।

ইতিমধ্যে অষ্ট্ৰেলিয়াৰ স’তে হোৱা ৱাৰ্ম ৱাপ মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ফৰ্মৰ শিখৰত থকা সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল, মহম্মদ ছামীৰ ওপৰত ভৰসা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক