--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব বুলি চৰ্চা চলিছিল যদিও আজি এই সম্ভাৱনা নাকচ কৰিছে বিচিচিআইৰ সচিব জয় শ্বাহে। আজি মুম্বাইত অনুষ্ঠিত ৯১ সংখ্যক বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্বাহে ভাৰতীয় ক্ৰিকেট দলটোৱে ২০২৩ চনৰ এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে বুলি জানিবলৈ দিয়ে। যোৱা সপ্তাহত বিচিচিআইৰ এক সূত্ৰই ২০২৩ চনৰ এছিয়া কাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলক পঠিয়াবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু জয় শ্বাহৰ এই ঘোষণাৰ পাছত এই চৰ্চাৰ অন্ত পৰে।

এছিয়ান ক্ৰিকেট পৰিষদৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা শ্বাহে লগতে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে কোনো নিৰপেক্ষ স্থানত খেলা হ'ব পাৰে বুলিও এক ইঙ্গিত দিয়ে। উল্লেখ্য যে আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহ তথা এছিয়া কাপৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। 

মূলত: ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দীৰ্ঘদিন ধৰি দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ পৰা আঁতৰি আছে দুই চুবুৰীয়া ক্ৰিকেট শক্তি। এনে ৰাজনৈতিক কাৰণতে দেশ দুখনে পাৰস্পৰিক ভূমিত কোনো ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সূত্ৰই যোৱা সপ্তাহত দিয়া ইঙ্গিতে এই পৰম্পৰাৰ সমাপ্তি ঘটাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল। অৱশ্যে ব’ৰ্ডৰ এই ইচ্ছাই চৰকাৰৰ সন্মতি পোৱাৰ পিছতহে চূড়ান্ত ৰূপ ল’ব বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছিল। 

উল্লেখ্য যে এছিয়ান ক্ৰিকেট কাউন্সিলে পাকিস্তানক ২০২৩ চনত ৫০ অভাৰৰ এছিয়া কাপ আয়োজনৰ স্বত্ব দিছিল। এছিয়া কাপৰ পিছতে ভাৰতত বিশ্বকাপ অনুষ্ঠিত হ'ব। এতিয়া ভাৰতে পাকিস্তানত এছিয়া কাপ নেখেলাৰ সিদ্ধান্ত লোৱাৰ পিছত পাকিস্তানে বিশ্বকাপত ভাগ লোৱাৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

স্মৰ্তব্য যে, ভাৰত আৰু পাকিস্তানে ২০১২-১৩ বৰ্ষৰ পৰা কোনো দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত অৱতীৰ্ণ হোৱা নাই। ২০১২ চনত পাকিস্তানে তিনিখনকৈ টি-২০ আৰু এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ইফালে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে ২০০৫-০৬ বৰ্ষত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। অৱশ্যে, ২০০৮ চনত এছিয়া কাপৰ বাবে ভাৰতে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু