--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব বুলি চৰ্চা চলিছিল যদিও আজি এই সম্ভাৱনা নাকচ কৰিছে বিচিচিআইৰ সচিব জয় শ্বাহে। আজি মুম্বাইত অনুষ্ঠিত ৯১ সংখ্যক বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্বাহে ভাৰতীয় ক্ৰিকেট দলটোৱে ২০২৩ চনৰ এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে বুলি জানিবলৈ দিয়ে। যোৱা সপ্তাহত বিচিচিআইৰ এক সূত্ৰই ২০২৩ চনৰ এছিয়া কাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলক পঠিয়াবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু জয় শ্বাহৰ এই ঘোষণাৰ পাছত এই চৰ্চাৰ অন্ত পৰে।

এছিয়ান ক্ৰিকেট পৰিষদৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা শ্বাহে লগতে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে কোনো নিৰপেক্ষ স্থানত খেলা হ'ব পাৰে বুলিও এক ইঙ্গিত দিয়ে। উল্লেখ্য যে আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহ তথা এছিয়া কাপৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। 

মূলত: ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দীৰ্ঘদিন ধৰি দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ পৰা আঁতৰি আছে দুই চুবুৰীয়া ক্ৰিকেট শক্তি। এনে ৰাজনৈতিক কাৰণতে দেশ দুখনে পাৰস্পৰিক ভূমিত কোনো ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সূত্ৰই যোৱা সপ্তাহত দিয়া ইঙ্গিতে এই পৰম্পৰাৰ সমাপ্তি ঘটাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল। অৱশ্যে ব’ৰ্ডৰ এই ইচ্ছাই চৰকাৰৰ সন্মতি পোৱাৰ পিছতহে চূড়ান্ত ৰূপ ল’ব বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছিল। 

উল্লেখ্য যে এছিয়ান ক্ৰিকেট কাউন্সিলে পাকিস্তানক ২০২৩ চনত ৫০ অভাৰৰ এছিয়া কাপ আয়োজনৰ স্বত্ব দিছিল। এছিয়া কাপৰ পিছতে ভাৰতত বিশ্বকাপ অনুষ্ঠিত হ'ব। এতিয়া ভাৰতে পাকিস্তানত এছিয়া কাপ নেখেলাৰ সিদ্ধান্ত লোৱাৰ পিছত পাকিস্তানে বিশ্বকাপত ভাগ লোৱাৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

স্মৰ্তব্য যে, ভাৰত আৰু পাকিস্তানে ২০১২-১৩ বৰ্ষৰ পৰা কোনো দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত অৱতীৰ্ণ হোৱা নাই। ২০১২ চনত পাকিস্তানে তিনিখনকৈ টি-২০ আৰু এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ইফালে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে ২০০৫-০৬ বৰ্ষত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। অৱশ্যে, ২০০৮ চনত এছিয়া কাপৰ বাবে ভাৰতে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement