--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়ান ভূমিত চলি থকা টি-২০ বিশ্বকাপৰ ৰাউণ্ড -১ পৰ্যায়ৰ আজি অনুষ্ঠিত হোৱা এখন মেচত ইউনাইটেড আৰৱ আমিৰাতক ৭৯ ৰানত পৰাস্ত কৰি মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ সম্ভাৱনা জীয়াই ৰাখিছে এছিয়ান চেম্পিয়ন শ্ৰীলংকাই। মেচখনত পৰাস্ত হ'লেও ইউনাইটেড আৰৱ আমিৰাতৰ ক্ৰিকেট ইতিহাসত এক নতুন অভিলেখ গঢ়ি তুলিলে এগৰাকী নৱোদিত তাৰকাই। মেচখনত শ্ৰীলংকাৰ ইনিংছত হেট্ৰিক অৰ্জনেৰে আজি চমক সৃষ্টি কৰে ইউ এ ই- ৰ লেগ স্পিনাৰ কাৰ্তিক মেয়াপ্পানে। এইদৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ এখন সম্পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰা সহযোগী ৰাষ্ট্ৰৰ প্ৰথমগৰাকী খেলুৱৈত পৰিণত হয় মেয়াপ্পান। 

মেয়াপ্পানে শ্ৰীলংকান মিডল অৰ্ডাৰ বেটাৰত্ৰয় ভানুকা ৰাজপাক্ষে, চৰিথ আছলংকা আৰু দচুন চনাকাক পেভিলিয়নৰ পথ দেখুওৱাই হেট্ৰিক সম্পূৰ্ণ কৰে। এইদৰে চলিত টি-২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী বলাৰৰ লগতে মেয়াপ্পান সামগ্ৰিকভাৱে ব্ৰেট লী, কেগিচো ৰাবাডা, ৱানিন্দু হাচাৰাঙ্গা আৰু কাৰ্টিছ কেম্ফাৰৰ পিছত টি-২০ বিশ্বকাপৰ ইতিহাসত হেট্ৰিক অৰ্জন কৰা পঞ্চমগৰাকী বলাৰ হিচাপে পৰিগণিত হয়। 

পিছে ইউ এ ই- ৰ হৈ হেট্ৰিক অৰ্জন কৰি তাৰকাত পৰিণত হোৱা মেয়াপ্পানৰ ভাৰতৰ সৈতে আছে এক বিশেষ সম্পৰ্ক। আৰৱক প্ৰতিনিধিত্ব কৰিলেও মেয়াপ্পানৰ জন্মস্থান হৈছে ভাৰত। ২০০০ চনৰ ৮ অক্টোবৰত চেন্নাইত জন্মগ্ৰহণ কৰিছিল মেয়াপ্পানে। এইফালৰ পৰা মেয়াপ্পানে আন এক ৰেকৰ্ডো নিজৰ নামত সন্নিৱিষ্ট কৰে। ভাৰতীয় দলৰ কোনো বলাৰে এই পৰ্যন্ত টি-২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় মূলৰ খেলুৱৈ হৈ পৰিছে মেয়াপ্পান। 

উল্লেখ্য যে ক’ভিদৰ বাবে ২০২০ বৰ্ষৰ আই পি এল সংযুক্ত আৰৱ আমিৰাতত অনুষ্ঠিত হৈছিল। আই পি এল ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে আৰৱত প্ৰশিক্ষণৰ বাবে দুগৰাকী স্থানীয় বলাৰক নেটত বলিঙৰ বাবে সুযোগ দিছিল। তেওঁলোকৰ মাজৰ এগৰাকী আছিল তেতিয়াৰ ইউ.এ.ই. দলৰ অধিনায়ক আহমেদ ৰাজা আৰু আনগৰাকী আছিল মেয়াপ্পান। সেই তেতিয়া ২০ বৰ্ষীয় মেয়াপ্পানে বিৰাট কোহলী আৰু এ বি ডি ভিলিয়ৰ্ছৰ দৰে তাৰকা ক্ৰিকেটাৰৰ বিৰুদ্ধে বলিং কৰাৰ এক সোণালী সুযোগ লাভ কৰে। 

তাৰ পিছৰ বৰ্ষতো ইউ.এ.ই.- ত আই পি এল অনুষ্ঠিত হোৱাৰ সময়ত চেন্নাই চুপাৰ কিংছে প্ৰতিযোগিতাখনৰ বাবে মেয়াপ্পানক দলৰ এগৰাকী নেট বলাৰ হিচাপে চুক্তিবদ্ধ কৰিছিল। তেতিয়া মেয়াপ্পানে লাভ কৰিছিল ধোনীৰ দৰে তাৰকাৰ সন্মুখত বলিং কৰাৰ সুযোগ।  ২০২০ চনৰ আই পি এল-ৰ পিছতে এক সাক্ষাৎকাৰত মেয়াপ্পানে আই পি এলত অংশ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

কাৰ্তিক মেয়াপ্পানে যোৱা বৰ্ষত ডুবাইৰ আইচিচি একাডেমী গ্ৰাউণ্ডত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। নিজৰ অভিষেক টি-২০ মেচতে দুৰন্ত স্পেলেৰ ২৫ ৰানত চাৰিটা উইকেট লাভ কৰি দলৰ জয়ত মূল ভূমিকা লৈছিল মেয়াপ্পানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক