--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুথায়া মুৰুলিধৰণ, গ্লেন মেক্সৱেল, শ্ব’ন টেইট, ছোৱেইব মালিকৰ দৰে তাৰকাৰ পাছত এইবাৰ কাগিছ’ ৰাবাডা। ভাৰতৰ জোঁৱাই হ’বলৈ ওলাইছে দক্ষিণ আফ্ৰিকাৰ স্পীডষ্টাৰজন।

টি-২০ বিশ্বকাপৰ পূৰ্বে সেয়ে ভাৰতত থকা তেওঁৰ প্ৰেয়সী আৰজে কৰিশ্মা তথা ভাবী শহুৰেকৰ ঘৰত উপস্থিতি হয় আৰু ভাবৰ আদান-প্ৰদান কৰে। কিন্তু শহুৰৰ ঘৰত উপস্থিত হৈয়েই নাৰ্ভাছ হৈ পৰাৰ উপক্ৰম হৈছিল খেলপথাৰত বাঘা বাঘা বেটাৰৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰা ৰাবাডা।

সামাজিক মাধ্যমত দিয়া এটা প’ষ্টত দেখা গৈছে প্ৰেয়সী কৰিশ্মাক লগত লৈ ভাবী শহুৰেকৰ আগত কৰজোৰে নিবেদন জনাইছে ৰাবাডাই। স্পীডষ্টাৰগৰাকীয়ে হিন্দীত এইদৰে কোৱা শুনা গৈছে- “নমস্তে! মই আপোনালোকৰ পৰিয়ালক লগ পাই ধন্য হৈ পৰিছো।”

ৰাবাডাই হিন্দীত কথাখিনি ক’লেও তেওঁৰ মুখত হিন্দী সলসলীয়াকৈ ফুটা নাই। ধন্য শব্দটো উচ্চাৰণ তেওঁ ধনিয়া হিচাপে কৰিছে- “মে আপকে পৰিবাৰ ক’ পাকে ধনিয়া হ’ গেয়া হু’।

আৰু বহুকেইটা হিন্দী শব্দ তেওঁ ভুলকৈ উচ্চাৰণ কৰিছে। যেনে-  সেইসমূহ প্ৰেয়সী কৰিশ্মাই সংশোধন কৰি দিয়া ভিডিঅ’টোত দেখা গৈছে। ৰাবাডাৰ এই বিনয়ী আচৰণে মুগ্ধ কৰে সকলোকে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু