--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙলবাৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে সমস্যাত পৰিছে ভাৰতীয় শিবিৰ। বিগত কিছুদিন ধৰি দলৰ বাহিৰত থকাৰ পিছত দললৈ প্ৰত্যাৱৰ্তন ঘটাবলৈ সাজু হোৱা ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামী ক'ভিদত আক্ৰান্ত হোৱাৰ ফলত বাহিৰ হৈছে টি-২০ শৃংখলাৰ পৰা। ইয়াৰ ফলস্বৰূপে ভাৰতৰ টি-২০ দললৈ প্ৰত্যাৱৰ্তনত বিলম্ব ঘটিব ছামীৰ। বিচিচিআইৰ এগৰাকী বিষয়ববীয়াই আজি ছামীৰ ক'ভিদ সংক্ৰমণৰ বিষয়ে সদৰী কৰিছে। 

"হয়, ছামী ক’ভিদ-১৯ত আক্ৰান্ত হৈছে। অৱশ্যে চিন্তাৰ বিশেষ কোনো কাৰণ নাই, ক'ভিদৰ কিছু সাধাৰণ লক্ষণহে তেওঁৰ শৰীৰত ধৰা পৰিছে। কিন্তু তেওঁ কিছুদিন আইচ’লেশ্যনত থাকিব লাগিব আৰু পুনৰ ক’ভিদ পৰীক্ষাত ক’ভিদ মুক্ত প্ৰমাণ হ’লে ছামীয়ে দলত পুনৰ যোগদান কৰিব।"- সংবাদ মাধ্যমৰ আগত বিচিচিআইৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে কয়।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ পাছতে হ’বলগীয়া দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ছামী অৱশ্যে সুস্থ হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। "আমি আশা কৰিছো যে ছামী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী শৃংখলাৰ বাবে ফিট হ'ব। সেই শৃংখলা আৰম্ভ হ’বলৈ এতিয়াও ১০ দিন আছে। গতিকে আমি যথেষ্ট আশাবাদী।"— তেওঁ লগতে কয়।

ইফালে ছামীৰ আঘাতে প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰিছে আন এগৰাকী পেচাৰ উমেশ যাদৱৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেই ২০১৯ চনত অন্তিমখন টি-২০ মেচ খেলা  উমেশ যাদৱে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত পুনৰ দললৈ উভতি আহিছে। ৩৫ বৰ্ষীয় উমেশ যাদৱৰ প্ৰত্যাৱৰ্তন বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে।

বৰ্তমানলৈকে মাত্ৰ ৭ খন আন্ত: ৰাষ্ট্ৰীয় টি-২০ মেচ খেলা যাদৱ চলিত বৰ্ষৰ আৰম্ভণিতে হোৱা আই পি এলত আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ পাছতে সুস্থ হৈ যাদৱে মিডলচেক্সৰ হৈ কাউণ্টি ক্ৰিকেটত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল। মিডলচেক্সৰ হৈ যাদৱে ৰয়েল লণ্ডন কাপত ৭ খন মেচত ১৬ টা উইকেট দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান