--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙলবাৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে সমস্যাত পৰিছে ভাৰতীয় শিবিৰ। বিগত কিছুদিন ধৰি দলৰ বাহিৰত থকাৰ পিছত দললৈ প্ৰত্যাৱৰ্তন ঘটাবলৈ সাজু হোৱা ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামী ক'ভিদত আক্ৰান্ত হোৱাৰ ফলত বাহিৰ হৈছে টি-২০ শৃংখলাৰ পৰা। ইয়াৰ ফলস্বৰূপে ভাৰতৰ টি-২০ দললৈ প্ৰত্যাৱৰ্তনত বিলম্ব ঘটিব ছামীৰ। বিচিচিআইৰ এগৰাকী বিষয়ববীয়াই আজি ছামীৰ ক'ভিদ সংক্ৰমণৰ বিষয়ে সদৰী কৰিছে। 

"হয়, ছামী ক’ভিদ-১৯ত আক্ৰান্ত হৈছে। অৱশ্যে চিন্তাৰ বিশেষ কোনো কাৰণ নাই, ক'ভিদৰ কিছু সাধাৰণ লক্ষণহে তেওঁৰ শৰীৰত ধৰা পৰিছে। কিন্তু তেওঁ কিছুদিন আইচ’লেশ্যনত থাকিব লাগিব আৰু পুনৰ ক’ভিদ পৰীক্ষাত ক’ভিদ মুক্ত প্ৰমাণ হ’লে ছামীয়ে দলত পুনৰ যোগদান কৰিব।"- সংবাদ মাধ্যমৰ আগত বিচিচিআইৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে কয়।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ পাছতে হ’বলগীয়া দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ছামী অৱশ্যে সুস্থ হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। "আমি আশা কৰিছো যে ছামী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী শৃংখলাৰ বাবে ফিট হ'ব। সেই শৃংখলা আৰম্ভ হ’বলৈ এতিয়াও ১০ দিন আছে। গতিকে আমি যথেষ্ট আশাবাদী।"— তেওঁ লগতে কয়।

ইফালে ছামীৰ আঘাতে প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰিছে আন এগৰাকী পেচাৰ উমেশ যাদৱৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেই ২০১৯ চনত অন্তিমখন টি-২০ মেচ খেলা  উমেশ যাদৱে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত পুনৰ দললৈ উভতি আহিছে। ৩৫ বৰ্ষীয় উমেশ যাদৱৰ প্ৰত্যাৱৰ্তন বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে।

বৰ্তমানলৈকে মাত্ৰ ৭ খন আন্ত: ৰাষ্ট্ৰীয় টি-২০ মেচ খেলা যাদৱ চলিত বৰ্ষৰ আৰম্ভণিতে হোৱা আই পি এলত আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ পাছতে সুস্থ হৈ যাদৱে মিডলচেক্সৰ হৈ কাউণ্টি ক্ৰিকেটত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল। মিডলচেক্সৰ হৈ যাদৱে ৰয়েল লণ্ডন কাপত ৭ খন মেচত ১৬ টা উইকেট দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু