--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধু দেশ পাকিস্তানক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে চীনে পাকিস্তানত এটা অভিলাষী 'নদীবান্ধ'ৰ কাম দ্ৰুতগতিত কৰাৰ পৰিকল্পনা কৰিছে। পহলগাম-কাণ্ডৰ পাছত ভাৰতে সিন্ধু জল চুক্তি স্থগিতকৰণৰ সিদ্ধান্ত লোৱাৰ কেইবা সপ্তাহৰ পাছত চীনে মিত্ৰদেশ পাকিস্তানক সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত লৈছে। 

চীনৰ চৰকাৰী চীনা এনার্জি ইঞ্জিনিয়েৰিং কৰ্প'ৰেশ্যনে ২০১৯ চনৰ পৰা উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্রদেশত মহম্মদ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম কৰি আছে। শনিবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা চি চি টিভিৰ ফুটেজত নদীবান্ধটোৰ 'কংক্রিট ফিলিঙ 'ৰ কাম দ্রুতগতিত চলি থকা পৰিলক্ষিত হৈছে। হংকং-ভিত্তিক 'ছাউথ চাইনা মর্নিং প'ষ্টে' প্রকাশ কৰা অনুসৰি, পাকিস্তানৰ ৰাষ্ট্ৰীয় বজাবাহী প্রকল্পটোৰ কাম চীনে ত্বৰান্বিত কৰিছে। আনহাতে, এই বিষয়ৰ মাজতে পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ঈশ্বাক ডাৰে সোমবাৰে বেইজিং ভ্ৰমণলৈ গৈ চীনৰ শীর্ষ কূটনীতিবিদ ৱাং য়ীৰ সৈতে আলোচনাত মিলিত হয়। 

ভাৰতৰ 'অপাৰেশ্যন সিন্দূৰ'ৰ পাছত প্রথমগৰাকী পাক উচ্চ স্তৰীয় মন্ত্রীয়ে মিত্রদেশ চীন ভ্ৰমণ কৰাটোৱে তাৎপর্য বহন কৰিছে। পাক বিদেশ মন্ত্ৰীৰ এই তিনিদিনীয়া চীন ভ্ৰমণৰ সময়ত দেশখনৰ উচচন্তৰীয় কূটনীতিবিদৰ সৈতে সিন্ধু জল চুক্তি স্থগিতকৰণৰ লগতে ভাৰতৰ সৈতে থকা বিভিন্ন বিবদমান বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ