--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিক আৰু শিক্ষা-দীক্ষা। দেশৰ অশিক্ষিত ৰাজনীতিক সন্দৰ্ভত মন্ত্ব্য কৰাৰাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে  অভিনেত্ৰী কাজলে তেওঁৰ বক্তব্যৰ বাবে এক স্পষ্টীকৰণ দাঙি ধৰিছে।শেহতীয়াকৈ  এক সাক্ষাৎকাৰৰ সময়ত, কাজলে অশিক্ষিত ৰাজনীতিকসকলৰ দৃষ্টিভংগীৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিল। কাজলৰ মন্তব্যই ৰাজনৈতিক ক্ষেত্ৰ খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। 

কাৰণ অৰবিন্দ কেজৰিৱালৰ দৰে নেতায়ো খোদ প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অৰ্হতাকলৈ প্ৰশ্ন উত্থাপন কৰিছে। কাজলৰ কথাৰ সুৰো কেজৰিৱালৰ সৈতে মিলি যোৱাত বহুতে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এনে সময়তে হিতে বিপৰীত হ’ব ভাবিয়েই হয়তো কাজলে এতিয়া স্পষ্ট কৰি দিছে যে কোনো ৰাজনীতিকক অপমান কৰাটো তেওঁৰ উদ্দেশ্য নাছিল। একে সময়তে তেওঁ কয় যে আমাৰ দেশত এনে কিছুমান উজ্জ্বল ৰাজনীতিক আছে যিয়ে দেশখন সঠিক পথত চলাই আছে।

বলীউডৰ অভিনেত্ৰী কাজলে নতুন ছৱি ‘দ্য ট্ৰাইল’ৰ প্ৰচাৰৰ সময়ত কৰা এটা মন্তব্যক লৈ চৰ্চা চলিছিল। তেওঁ কৰা মন্তব্যৰ বাবে কাজলক অনেকে আক্ৰমণো কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উদ্ধৱ থাকৰে শিৱিৰৰ শিৱসেনায়ো।

শেহতীয়াকৈ  এক সাক্ষাৎকাৰত কাজলে কৈছিল - “বিশেষকৈ ভাৰতৰ দৰে দেশত পৰিৱৰ্তন লেহেমীয়া। ই অতি অতি লেহেমীয়া ।কাৰণ আমি আমাৰ পৰম্পৰাত ডুব গৈছো অৱশ্যেই শিক্ষাও একেধৰণৰেই হৈ আছে।’’

কাজলে লগতে কৈছিল- ‘'এনে ৰাজনৈতিক নেতা আছে, যাৰ বুনিয়াদী শিক্ষাই নাই। ক্ষমা কৰিব, কিন্তু মই তেনেকৈয়ে কওঁ। মোক এনে কিছু নেতাই শাসন কৰি আছে, তাৰ মাজৰে বহুতৰে সেই দৃষ্টিভংগী নাই, যিটো দৃষ্টিভংগী শিক্ষাই দিব পাৰে, অন্ততঃ বেলেগ বেলেগ দৃষ্টিভংগীৰ প্ৰতি সজাগ কৰিব পৰাকৈ।’’

শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কাজলক সমৰ্থন কৰিছে। টুইটাৰত প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “কাজলে কৈছে যে আমি এনে নেতাৰ দ্বাৰা পৰিচালিত হৈছো যিসকল অশিক্ষিত আৰু তেওঁলোকৰ কোনো দৃষ্টিভংগী নাই। কাজলৰ কথাত কোনো ক্ষোভিত 
হোৱা নাই, তেওঁ কাৰো নাম উল্লেখ কৰা নাই কিন্তু সকলো ভক্তই ক্ষোভিত হৈ পৰা দেখা গৈছে।’’ইয়াৰ দ্বাৰা মূলতঃ প্ৰিয়ংকাই প্ৰধানমন্ত্ৰীলৈকে আঙুলি টোঁৱাইছে বুলি বহুতে আলোচনা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস