--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ধুনীয়া প্ৰাণীবোৰৰ মাজৰে সাপো এবিধ। বাৰিষাৰ বতৰত আমাৰ দেশৰ লগতে বিশ্বৰ আন বহু দেশত লাখ লাখ লোক সংৰ্প দংশৰ চিকাৰ হৈ আহিছে। সঠিক সময়ত আদুনিক চিকিৎসা বিজ্ঞানৰ সহায়ত সৰ্প দংশনৰ চিকাৰ হোৱা লোকক বচাব পৰা যায়। এই খিনিতে এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে কেৱল জীৱন্ত সাপেই দংশন নকৰে, মৃত সাপেও দংশন কৰিব পাৰে! সাপ এডাল মৰাৰৰ পিছতো ইয়াৰ দংশনৰ ক্ষমতা থাকে বুলি প্ৰমাণ পাইছে বিজ্ঞানীসকলে। 

কোব্ৰা চুপ চীনত অতি জনপ্ৰিয়। কিছুদিন পূৰ্বে  চীনৰ এজন ৰান্ধনিয়ে  ফেঁটী সাপৰ চুপ বনাবলৈ সাপডাল কাটি থকাৰ সময়তে মৰা সাপডালে তেওঁক  দংশন কৰিছিল। ফলত তেওঁৰ মৃত্যু ঘটিছিল।মৃত সাপে দংশন কৰাৰ কথাটো  আচহুৱা যেন লাগিলেও এয়া সঁচা। বৈজ্ঞানিক পৰীক্ষাই দেখুৱাইছে যে সাধাৰণতে সাপে  মৃত্যুৰ পিছতো বহু সময় ধৰি ইয়াৰ  প্ৰতিক্ৰিয়া বজাই  ৰাখিব পাৰে। অৰ্থাৎ মৃত্যুৰ পিছতো বহু সময় ধৰি সাপৰ মগজুটো সক্ৰিয় হৈ থাকে। 

 আৰ্কানচাছ বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ অধ্যাপক ষ্টিভেন বিউপ্ৰেয়ে কয় য বহুতো শীতলৰক্তী প্ৰাণীৰ ক্ষেত্ৰত মৃত্যুৰ পিছতো মগজু বহু সময় সক্ৰিয় হৈ থাকে। ইয়াক ৰিফ্লেক্ট এক্সন বুলি কোৱা হয়। বিষাক্ত সাপবোৰৰ  ৰিফ্লেক্স এক্সন আন কিছুমান মাংসভোজী প্ৰাণীতকৈ অধিক শক্তিশালী বুলি বিউপ্ৰেয়ে কয় । মৃত্যুৰ পিছতো প্ৰায় চাৰিঘণ্টা বা তাতোকৈয়ো বেছি সময় ধৰি  সাপৰ ৰিফ্লেক্ট এক্সন চলি থাকিব পাৰে। অৰ্থাৎ এই সময়ছোৱাত মৃত সাপে জীৱন্ত সাপৰ দৰেই দংশন কৰি বিপদ ঘটাব পাৰে। 

যেতিয়া নতুনকৈ মৰা সাপৰ স্নায়ু উদ্দীপিত হয় তেতিয়া স্নায়ুৰ মাজেৰে আয়নবোৰ পাৰ হয়।  ই এক বৈদ্যুতিক আৱেগ সৃষ্টি কৰে। যাৰ ফলত  দংশন কৰাৰ দৰে  কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয় ।সেয়ে মৃত সাপ বুলিয়েই সেয়া হাৰে চুবলৈ বা অতি বেছি কাষলৈ যাবলৈ চেষ্টা কৰিব নালাগে।  সাপে দংশন কৰিলেই লগে লগে চিকিৎসালয়লৈ গৈ এণ্টিভেনম গ্ৰহণ কৰিলে বিপদৰ পৰা ৰক্ষা পৰিব পাৰি। অনাহকতে বেজ-কবিৰাজৰ শৰণাপন্ন হৈ মূল্যবান সময় কেতিয়াও নষ্ট কৰিব নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস