--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ধুনীয়া প্ৰাণীবোৰৰ মাজৰে সাপো এবিধ। বাৰিষাৰ বতৰত আমাৰ দেশৰ লগতে বিশ্বৰ আন বহু দেশত লাখ লাখ লোক সংৰ্প দংশৰ চিকাৰ হৈ আহিছে। সঠিক সময়ত আদুনিক চিকিৎসা বিজ্ঞানৰ সহায়ত সৰ্প দংশনৰ চিকাৰ হোৱা লোকক বচাব পৰা যায়। এই খিনিতে এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে কেৱল জীৱন্ত সাপেই দংশন নকৰে, মৃত সাপেও দংশন কৰিব পাৰে! সাপ এডাল মৰাৰৰ পিছতো ইয়াৰ দংশনৰ ক্ষমতা থাকে বুলি প্ৰমাণ পাইছে বিজ্ঞানীসকলে। 

কোব্ৰা চুপ চীনত অতি জনপ্ৰিয়। কিছুদিন পূৰ্বে  চীনৰ এজন ৰান্ধনিয়ে  ফেঁটী সাপৰ চুপ বনাবলৈ সাপডাল কাটি থকাৰ সময়তে মৰা সাপডালে তেওঁক  দংশন কৰিছিল। ফলত তেওঁৰ মৃত্যু ঘটিছিল।মৃত সাপে দংশন কৰাৰ কথাটো  আচহুৱা যেন লাগিলেও এয়া সঁচা। বৈজ্ঞানিক পৰীক্ষাই দেখুৱাইছে যে সাধাৰণতে সাপে  মৃত্যুৰ পিছতো বহু সময় ধৰি ইয়াৰ  প্ৰতিক্ৰিয়া বজাই  ৰাখিব পাৰে। অৰ্থাৎ মৃত্যুৰ পিছতো বহু সময় ধৰি সাপৰ মগজুটো সক্ৰিয় হৈ থাকে। 

 আৰ্কানচাছ বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ অধ্যাপক ষ্টিভেন বিউপ্ৰেয়ে কয় য বহুতো শীতলৰক্তী প্ৰাণীৰ ক্ষেত্ৰত মৃত্যুৰ পিছতো মগজু বহু সময় সক্ৰিয় হৈ থাকে। ইয়াক ৰিফ্লেক্ট এক্সন বুলি কোৱা হয়। বিষাক্ত সাপবোৰৰ  ৰিফ্লেক্স এক্সন আন কিছুমান মাংসভোজী প্ৰাণীতকৈ অধিক শক্তিশালী বুলি বিউপ্ৰেয়ে কয় । মৃত্যুৰ পিছতো প্ৰায় চাৰিঘণ্টা বা তাতোকৈয়ো বেছি সময় ধৰি  সাপৰ ৰিফ্লেক্ট এক্সন চলি থাকিব পাৰে। অৰ্থাৎ এই সময়ছোৱাত মৃত সাপে জীৱন্ত সাপৰ দৰেই দংশন কৰি বিপদ ঘটাব পাৰে। 

যেতিয়া নতুনকৈ মৰা সাপৰ স্নায়ু উদ্দীপিত হয় তেতিয়া স্নায়ুৰ মাজেৰে আয়নবোৰ পাৰ হয়।  ই এক বৈদ্যুতিক আৱেগ সৃষ্টি কৰে। যাৰ ফলত  দংশন কৰাৰ দৰে  কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয় ।সেয়ে মৃত সাপ বুলিয়েই সেয়া হাৰে চুবলৈ বা অতি বেছি কাষলৈ যাবলৈ চেষ্টা কৰিব নালাগে।  সাপে দংশন কৰিলেই লগে লগে চিকিৎসালয়লৈ গৈ এণ্টিভেনম গ্ৰহণ কৰিলে বিপদৰ পৰা ৰক্ষা পৰিব পাৰি। অনাহকতে বেজ-কবিৰাজৰ শৰণাপন্ন হৈ মূল্যবান সময় কেতিয়াও নষ্ট কৰিব নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান