--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা হ’ল চিনেমা জগতৰ আটাইতকৈ সন্মানীয় বঁটা ‘অস্কাৰ’ৰ বিভিন্ন শিতানৰ বাবে মনোনীতসকলৰ তালিকা। লাইভ একচন চৰ্ট মুভি শাখাত মনোনয়ন লাভ কৰি ‘অনুজা’ই ছবিখনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।ছবিখন প্ৰযোজনা কৰিছে গুনীত মংগা আৰু সহযোগী প্ৰযোজক হিচাপে আছে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। ইতিপূৰ্বে গুনীত মংগাৰ প্ৰযোজিত তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’- এ ২০২৩ বৰ্ষৰ অস্কাৰ বঁটা লাভ কৰিছিল। 

‘অনুজা’ ছবিখনৰ পৰিচালনা কৰিছে এডাম জে গ্ৰেভছে। অস্কাৰলৈ মনোনীত হোৱা এই ছবিখন এখন ভাৰতীয়-আমেৰিকান ছবি। ছবিখনৰ কাহিনী মূলতঃ ৯ বছৰীয়া এগৰাকী কন্যা ‘অনুজা’ৰ আধাৰত আগবাঢ়িছে।ছবিখনৰ মুখ্যচৰিত্ৰ অনুজাই নিজৰ জ্যেষ্ঠ ভগ্নী পলকৰ দৰেই কাৰখানাত কাম কৰা বা শিক্ষাগ্ৰহণ দুয়োটাৰ ভিতৰত যিকোনো এটা নিৰ্বাচনৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ বাখ্যাৰে এই ছবিখন কাহিনী আগবাছে। আৰু অনুজাই বৰ্ডিং স্কুলত পঢ়াৰ এক সোণালী সুযোগ লাভ কৰে আৰু এই সুযোগে ‘অনুজা’ক নিজৰ লগতে জ্যেষ্ঠ ভগ্নীৰ জীৱনৰ গতি সলনি কৰাৰ দিশত এক জটিল সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিদৰে চিন্তাত পেলায়, সেয়া বৰ্ণনা কৰা হৈছে। 

ছবিখনৰ মুখ্য চৰিত্ৰ ‘অনুজা’ৰ চৰিত্ৰত অভিনয় কৰিছে ৯ বছৰীয়া শিশু সাজদা পাঠানে। ইয়াৰ পূৰ্বে সাজদাই ‘দ্য ব্ৰেড’ ছবিত অভিনয়েৰে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। অনন্যা ছানভাগে ‘অনুজা’ত সাজদা পাঠানৰ জ্যেষ্ঠ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে৷ ইয়াৰ বিপৰীতে নাগেশ ভোছালে আৰু গুলচন ৱালিয়াকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ছবিখনত।‘অনুজা’ৰ লগতে এই শিতানত মনোনীত আন ছবিকেইখন বৈছে ‘এ লিয়েন’, ‘আই এম নট এ ৰবট’, ‘দ্য লাষ্ট ৰেঞ্জাৰ’ আৰু ‘এ মেন হু কুড নট ৰিমেইন চাইলেণ্ট’ৰ দৰে ছবি।

উল্লেখ্য যে ১৭ জানুৱাৰীতে ‘অস্কাৰ’ৰ মনোনয়নৰ তালিকা ঘোষণা কৰাৰ কথা আছিল। কিন্তু অগ্নিকাণ্ডৰ বাবে সেই সময়ত ঘোষণা স্থগিত ৰাখিবলগা হোৱাৰ পিছত, বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত এই তালিকা ঘোষণা কৰা হৈছে। অহা ২ মাৰ্চত এই সন্মানীয় ‘অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ