--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা হ’ল চিনেমা জগতৰ আটাইতকৈ সন্মানীয় বঁটা ‘অস্কাৰ’ৰ বিভিন্ন শিতানৰ বাবে মনোনীতসকলৰ তালিকা। লাইভ একচন চৰ্ট মুভি শাখাত মনোনয়ন লাভ কৰি ‘অনুজা’ই ছবিখনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।ছবিখন প্ৰযোজনা কৰিছে গুনীত মংগা আৰু সহযোগী প্ৰযোজক হিচাপে আছে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। ইতিপূৰ্বে গুনীত মংগাৰ প্ৰযোজিত তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’- এ ২০২৩ বৰ্ষৰ অস্কাৰ বঁটা লাভ কৰিছিল। 

‘অনুজা’ ছবিখনৰ পৰিচালনা কৰিছে এডাম জে গ্ৰেভছে। অস্কাৰলৈ মনোনীত হোৱা এই ছবিখন এখন ভাৰতীয়-আমেৰিকান ছবি। ছবিখনৰ কাহিনী মূলতঃ ৯ বছৰীয়া এগৰাকী কন্যা ‘অনুজা’ৰ আধাৰত আগবাঢ়িছে।ছবিখনৰ মুখ্যচৰিত্ৰ অনুজাই নিজৰ জ্যেষ্ঠ ভগ্নী পলকৰ দৰেই কাৰখানাত কাম কৰা বা শিক্ষাগ্ৰহণ দুয়োটাৰ ভিতৰত যিকোনো এটা নিৰ্বাচনৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ বাখ্যাৰে এই ছবিখন কাহিনী আগবাছে। আৰু অনুজাই বৰ্ডিং স্কুলত পঢ়াৰ এক সোণালী সুযোগ লাভ কৰে আৰু এই সুযোগে ‘অনুজা’ক নিজৰ লগতে জ্যেষ্ঠ ভগ্নীৰ জীৱনৰ গতি সলনি কৰাৰ দিশত এক জটিল সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিদৰে চিন্তাত পেলায়, সেয়া বৰ্ণনা কৰা হৈছে। 

ছবিখনৰ মুখ্য চৰিত্ৰ ‘অনুজা’ৰ চৰিত্ৰত অভিনয় কৰিছে ৯ বছৰীয়া শিশু সাজদা পাঠানে। ইয়াৰ পূৰ্বে সাজদাই ‘দ্য ব্ৰেড’ ছবিত অভিনয়েৰে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। অনন্যা ছানভাগে ‘অনুজা’ত সাজদা পাঠানৰ জ্যেষ্ঠ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে৷ ইয়াৰ বিপৰীতে নাগেশ ভোছালে আৰু গুলচন ৱালিয়াকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ছবিখনত।‘অনুজা’ৰ লগতে এই শিতানত মনোনীত আন ছবিকেইখন বৈছে ‘এ লিয়েন’, ‘আই এম নট এ ৰবট’, ‘দ্য লাষ্ট ৰেঞ্জাৰ’ আৰু ‘এ মেন হু কুড নট ৰিমেইন চাইলেণ্ট’ৰ দৰে ছবি।

উল্লেখ্য যে ১৭ জানুৱাৰীতে ‘অস্কাৰ’ৰ মনোনয়নৰ তালিকা ঘোষণা কৰাৰ কথা আছিল। কিন্তু অগ্নিকাণ্ডৰ বাবে সেই সময়ত ঘোষণা স্থগিত ৰাখিবলগা হোৱাৰ পিছত, বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত এই তালিকা ঘোষণা কৰা হৈছে। অহা ২ মাৰ্চত এই সন্মানীয় ‘অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু