--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰত মনোনীত হৈ ইতিহাসৰ সৃষ্টি কৰিলে প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ অভিনেত্ৰীয়ে। অস্কাৰ ২০২৫ৰ মনোনয়নত আধিপত্য বিস্তাৰ কৰিছিল থ্ৰিলাৰ ছবি ‘এমিলিয়া পেৰেজ’য়ে। ১৩টা শাখাত মনোনয়ন লাভ কৰিছে ছবিখনে। 
Who is Karla Sofía Gascón, Emilia Pérez star, first openly transgender  actor to get an Oscar nomination | Hollywood - Hindustan Times
এই ছবিখনৰ বাবে কাৰ্লা ছফিয়া গাস্কনক শ্ৰেষ্ঠ অভিনেত্ৰী শাখাত মনোনীত কৰা হৈছে। কিন্তু আপুনি জানেনে যে কাৰ্লাই একাডেমী বঁটাত মনোনয়ন লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিছে। 

আচলতে কাৰ্লা হৈছে অস্কাৰৰ মনোনয়ন লাভ কৰা প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ অভিনেত্ৰী। তেওঁ এগৰাকী স্পেনিছ অভিনেত্ৰী। ‘এমিলিয়া পেৰেজ’ত তেওঁৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছে। কাঁ চলচ্চিত্ৰ মহোৎসৱত ‘এমিলিয়া পেৰেজ’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছে কাৰ্লা ছফিয়া গাস্কনে। 
Karla Sofía Gascón Emilia Pérez, Film's Backlash, Oscars, Transphobia
২০২৪ চনৰ গোল্ডেন গ্ল’ব বঁটাৰ বাবেও তেওঁ মনোনীত হৈছিল। এতিয়া কাৰ্লাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হ’ব নে নোৱাৰে, সেয়া ৩ মাৰ্চত প্ৰকাশ পাব। 

কাৰ্লাৰ যাত্ৰা কেনেকৈ আৰম্ভ হ’ল?

১৯৭২ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰিছিল কাৰ্লাই। ১৬ বছৰ বয়সত তেওঁ অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিল। কাৰ্লাই মাদ্ৰিদৰ ইচিএএম (স্কুল অৱ চিনেমেট’গ্ৰাফী এণ্ড অডিঅ’ভিজুৱেল অৱ দ্য কমিউনিটি অৱ মাদ্ৰিদ)ৰ পৰা অভিনয়ৰ ডিগ্ৰী লাভ কৰিছিল আৰু লণ্ডনৰ বিবিচিত ভাষা শিকাৰ শিশুৰ অনুষ্ঠান শিকোৱাৰ কাম কৰিছিল। ২০০০ চনত স্পেনিছ দৈনিক অনুষ্ঠানত অভিনয় কৰে। তেওঁ বহু আমেৰিকান চিনেমাতো কাম কৰিছে। কমিক ছবি ‘দ্য নোবেল ফেমিলি’ৰ পৰা কাৰ্লা সকলোৰে দৃষ্টিত পৰে। ২০১৪ চনৰ ‘এল ছেনিয়ৰ দে লছ চিয়েলছ’ ছবিখনত তেওঁৰ অভিনয়ে উচ্চ প্ৰশংসা লাভ কৰিছিল।
Karla Sofía Gascón, primera actriz trans nominada al Oscar: "Todo lo que  imagino se materializa"
২০১৮ চনত কাৰ্লাই নিজৰ লিংগ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল। জন্মৰ নামত আত্মজীৱনী কাৰ্চিয়া: এণ এক্সট্ৰাঅৰ্ডিনেৰী ষ্ট’ৰী মুকলি কৰিছিল। ইয়াৰ মাজতে তেওঁ ঘোষণা কৰিলে নিজৰ নতুন নাম কাৰ্লা। লিংগ পৰিৱৰ্তনৰ সন্দৰ্ভত সন্মুখীন হোৱা সংগ্ৰাম আৰু প্ৰত্যাহ্বানৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। অভিনেত্ৰীগৰাকীৰ বিবাহ হৈছে মাৰিছা গুটিয়েৰেজৰ সৈতে। এটা নাইট ক্লাবত দুয়ো লগ পাইছিল। দুয়োৰে ২০১১ চনত এগৰাকী কন্যা সন্তান জন্ম হৈছিল। যাৰ বয়স ১৪ বছৰ।
Karla Sofía Gascón: ऑस्कर नॉमिनेशन पाने वाली पहली ट्रांसजेंडर एक्ट्रेस,  'एमिलिया पेरेज' फेम के नाम 3 रिकॉर्ड्स
‘এমিলিয়া পেৰেজ’ ছবিখনৰ পৰাই কাৰ্লাই বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল। চিনেমাখনত তেওঁ ভয়ংকৰ ড্ৰাগছ কাৰ্টেলৰ নেত্ৰী এমিলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। অধিবক্তাৰ সহায়ত কেনেদৰে তাই নিজৰ মৃত্যুৰ নাটক ৰচনা কৰিছিল সেয়া ছবিখনত দেখুওৱা হৈছে।  কাৰ্লাৰ উপৰিও চেলিনা গোমেজ, এড্ৰিয়ানা পাজ, মাৰ্ক ইভানিৰ আৰু এডগাৰ ৰামিৰেজেও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল