--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰত মনোনীত হৈ ইতিহাসৰ সৃষ্টি কৰিলে প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ অভিনেত্ৰীয়ে। অস্কাৰ ২০২৫ৰ মনোনয়নত আধিপত্য বিস্তাৰ কৰিছিল থ্ৰিলাৰ ছবি ‘এমিলিয়া পেৰেজ’য়ে। ১৩টা শাখাত মনোনয়ন লাভ কৰিছে ছবিখনে। 
Who is Karla Sofía Gascón, Emilia Pérez star, first openly transgender  actor to get an Oscar nomination | Hollywood - Hindustan Times
এই ছবিখনৰ বাবে কাৰ্লা ছফিয়া গাস্কনক শ্ৰেষ্ঠ অভিনেত্ৰী শাখাত মনোনীত কৰা হৈছে। কিন্তু আপুনি জানেনে যে কাৰ্লাই একাডেমী বঁটাত মনোনয়ন লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিছে। 

আচলতে কাৰ্লা হৈছে অস্কাৰৰ মনোনয়ন লাভ কৰা প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ অভিনেত্ৰী। তেওঁ এগৰাকী স্পেনিছ অভিনেত্ৰী। ‘এমিলিয়া পেৰেজ’ত তেওঁৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছে। কাঁ চলচ্চিত্ৰ মহোৎসৱত ‘এমিলিয়া পেৰেজ’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছে কাৰ্লা ছফিয়া গাস্কনে। 
Karla Sofía Gascón Emilia Pérez, Film's Backlash, Oscars, Transphobia
২০২৪ চনৰ গোল্ডেন গ্ল’ব বঁটাৰ বাবেও তেওঁ মনোনীত হৈছিল। এতিয়া কাৰ্লাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হ’ব নে নোৱাৰে, সেয়া ৩ মাৰ্চত প্ৰকাশ পাব। 

কাৰ্লাৰ যাত্ৰা কেনেকৈ আৰম্ভ হ’ল?

১৯৭২ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰিছিল কাৰ্লাই। ১৬ বছৰ বয়সত তেওঁ অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিল। কাৰ্লাই মাদ্ৰিদৰ ইচিএএম (স্কুল অৱ চিনেমেট’গ্ৰাফী এণ্ড অডিঅ’ভিজুৱেল অৱ দ্য কমিউনিটি অৱ মাদ্ৰিদ)ৰ পৰা অভিনয়ৰ ডিগ্ৰী লাভ কৰিছিল আৰু লণ্ডনৰ বিবিচিত ভাষা শিকাৰ শিশুৰ অনুষ্ঠান শিকোৱাৰ কাম কৰিছিল। ২০০০ চনত স্পেনিছ দৈনিক অনুষ্ঠানত অভিনয় কৰে। তেওঁ বহু আমেৰিকান চিনেমাতো কাম কৰিছে। কমিক ছবি ‘দ্য নোবেল ফেমিলি’ৰ পৰা কাৰ্লা সকলোৰে দৃষ্টিত পৰে। ২০১৪ চনৰ ‘এল ছেনিয়ৰ দে লছ চিয়েলছ’ ছবিখনত তেওঁৰ অভিনয়ে উচ্চ প্ৰশংসা লাভ কৰিছিল।
Karla Sofía Gascón, primera actriz trans nominada al Oscar: "Todo lo que  imagino se materializa"
২০১৮ চনত কাৰ্লাই নিজৰ লিংগ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল। জন্মৰ নামত আত্মজীৱনী কাৰ্চিয়া: এণ এক্সট্ৰাঅৰ্ডিনেৰী ষ্ট’ৰী মুকলি কৰিছিল। ইয়াৰ মাজতে তেওঁ ঘোষণা কৰিলে নিজৰ নতুন নাম কাৰ্লা। লিংগ পৰিৱৰ্তনৰ সন্দৰ্ভত সন্মুখীন হোৱা সংগ্ৰাম আৰু প্ৰত্যাহ্বানৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। অভিনেত্ৰীগৰাকীৰ বিবাহ হৈছে মাৰিছা গুটিয়েৰেজৰ সৈতে। এটা নাইট ক্লাবত দুয়ো লগ পাইছিল। দুয়োৰে ২০১১ চনত এগৰাকী কন্যা সন্তান জন্ম হৈছিল। যাৰ বয়স ১৪ বছৰ।
Karla Sofía Gascón: ऑस्कर नॉमिनेशन पाने वाली पहली ट्रांसजेंडर एक्ट्रेस,  'एमिलिया पेरेज' फेम के नाम 3 रिकॉर्ड्स
‘এমিলিয়া পেৰেজ’ ছবিখনৰ পৰাই কাৰ্লাই বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল। চিনেমাখনত তেওঁ ভয়ংকৰ ড্ৰাগছ কাৰ্টেলৰ নেত্ৰী এমিলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। অধিবক্তাৰ সহায়ত কেনেদৰে তাই নিজৰ মৃত্যুৰ নাটক ৰচনা কৰিছিল সেয়া ছবিখনত দেখুওৱা হৈছে।  কাৰ্লাৰ উপৰিও চেলিনা গোমেজ, এড্ৰিয়ানা পাজ, মাৰ্ক ইভানিৰ আৰু এডগাৰ ৰামিৰেজেও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement