--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জনপ্ৰিয় অভিনেতা আমিৰ খানৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি লাল সিং চড্ডাক কেন্দ্ৰ কৰি বিতৰ্কৰ অন্ত পৰা নাই৷ সমান্তৰালভাৱে তীব্ৰ সমালোচনাৰো সন্মুখীন হ’ব লগীয়া হৈছে ছবিখন। টুইটাৰতো চলিছে “বয়কট লাল সিং চড্ডা” ট্ৰেণ্ড। এই বিতৰ্ক -প্ৰতিবাদে প্ৰভাৱ পেলাইছে ছবিখনৰ ব্যৱসায়িক ক্ষেত্ৰতো।  আমিৰ খান অভিনীত আন ছবিসমূহ ব্যৱসায়িকভাৱে সফল হোৱাৰ বিপৰীতে এই ছবিখন বিফল হোৱা দেখা গৈছে৷ কিন্তু ইয়াৰ মাজতে অস্কাৰৰ অফিচিয়েল পেজে সমৰ্থন আগবঢ়ালে লাল সিং চড্ডালৈ৷

ইয়াৰোপৰি চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে লাল সিং চড্ডাৰ ক্লিপ৷উল্লেখযোগ্য যে লাল সিং চড্ডা অস্কাৰ বিজয়ী চিনেমা ফৰেষ্ট গাম্পৰ আধাৰত নিৰ্মাণ কৰা হৈছিল৷  দুয়োখন চিনেমাৰে সাদৃশ্য থকা দৃশ্যাংশ সমূহো প্ৰচাৰ কৰিছে অস্কাৰৰ অফিচিয়েল পেজে৷ লগতে ফৰেষ্ট গাম্পৰ ভাৰতীয় সংস্কৰণক প্ৰশংসাও কৰিলে অস্কাৰৰ অফিচিয়েল পেজে৷ 

উল্লেখ্য যে, ফৰেষ্ট গাম্প ছবিখন ১৯৮৬ চনত প্ৰকাশিত ফৰেষ্ট গাম্প উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল। ছবিখনে বহু কেইটা সন্মানীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ লগতে বক্স অফিচত ৬৭৮.২ মিলিয়ন টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ