--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জনপ্ৰিয় অভিনেতা আমিৰ খানৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি লাল সিং চড্ডাক কেন্দ্ৰ কৰি বিতৰ্কৰ অন্ত পৰা নাই৷ সমান্তৰালভাৱে তীব্ৰ সমালোচনাৰো সন্মুখীন হ’ব লগীয়া হৈছে ছবিখন। টুইটাৰতো চলিছে “বয়কট লাল সিং চড্ডা” ট্ৰেণ্ড। এই বিতৰ্ক -প্ৰতিবাদে প্ৰভাৱ পেলাইছে ছবিখনৰ ব্যৱসায়িক ক্ষেত্ৰতো।  আমিৰ খান অভিনীত আন ছবিসমূহ ব্যৱসায়িকভাৱে সফল হোৱাৰ বিপৰীতে এই ছবিখন বিফল হোৱা দেখা গৈছে৷ কিন্তু ইয়াৰ মাজতে অস্কাৰৰ অফিচিয়েল পেজে সমৰ্থন আগবঢ়ালে লাল সিং চড্ডালৈ৷

ইয়াৰোপৰি চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে লাল সিং চড্ডাৰ ক্লিপ৷উল্লেখযোগ্য যে লাল সিং চড্ডা অস্কাৰ বিজয়ী চিনেমা ফৰেষ্ট গাম্পৰ আধাৰত নিৰ্মাণ কৰা হৈছিল৷  দুয়োখন চিনেমাৰে সাদৃশ্য থকা দৃশ্যাংশ সমূহো প্ৰচাৰ কৰিছে অস্কাৰৰ অফিচিয়েল পেজে৷ লগতে ফৰেষ্ট গাম্পৰ ভাৰতীয় সংস্কৰণক প্ৰশংসাও কৰিলে অস্কাৰৰ অফিচিয়েল পেজে৷ 

উল্লেখ্য যে, ফৰেষ্ট গাম্প ছবিখন ১৯৮৬ চনত প্ৰকাশিত ফৰেষ্ট গাম্প উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল। ছবিখনে বহু কেইটা সন্মানীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ লগতে বক্স অফিচত ৬৭৮.২ মিলিয়ন টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?