--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু অভিনেত্ৰী জেনিফাৰ এনিষ্টনৰ মাজত প্ৰেমৰ জল্পনা-কল্পনাই সকলোকে আচৰিত কৰি তুলিছে। আজি আমি আপোনালোকক ক'বলৈ ওলাইছো এই সুন্দৰী আচলতে কোন আৰু কি কৰে তেওঁ।

আচলতে জেনিফাৰ এনিষ্টন হলীউডৰ এগৰাকী অভিনেত্ৰী। যিয়ে বহুতো বিখ্যাত ছিৰিজ আৰু ছবিত কাম কৰিছে। ‘ফ্ৰেণ্ডছ’ ৱেজ ছিৰিজৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। য’ত জেনিফাৰে নিজৰ কামৰ বাবে বহুত প্ৰশংসা লাভ কৰিছিল।

বিগত দিনত প্ৰকাশ পোৱা বাতৰি অভিনেত্ৰীগৰাকীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে। অৱশ্যে এই খবৰ নাকচ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

যোৱা বছৰৰ অক্টোবৰ মাহত অভিনেত্ৰীগৰাকীয়ে জিমি কিমেলৰ শ্ব’ত এই উৰাবাতৰিৰ বিষয়ে কৈছিল। তেওঁ কৈছিল, 'মই তেওঁক (ওবামা) মাত্ৰ এবাৰহে লগ পাইছো, মই মিচেলক তেওঁতকৈ বেছি চিনি পাওঁ...'

উল্লেখ্য যে জেনিফাৰ এনিষ্টনৰ দুবাৰ বিবাহ বিচ্ছেদ হৈছে। তেওঁৰ প্ৰথম বিবাহ হলীউডৰ অভিনেতা ব্ৰেড পিটৰ সৈতে হৈছিল। যিটো পাঁচ বছৰ ধৰি চলিছিল। ব্ৰেডৰ পিছত জেনিফাৰে ২০১৫ চনত তেওঁতকৈ দুবছৰ সৰু জাষ্টিন থেৰ’কক বিয়া কৰায়। কিন্তু দুবছৰৰ ভিতৰতে দুয়োৰে বিবাহৰ অন্ত পৰিল। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় জেনিফাৰ এনিষ্টন। য'ত প্ৰতিদিনে তেওঁ ধুনীয়া ধুনীয়া ফটোবোৰ অনুৰাগীৰ লগত শ্বেয়াৰ কৰে। জেনিফাৰৰ ইনষ্টাগ্ৰামত প্ৰবল ফেন ফ’ল’ৱাৰ আছে। তেওঁৰ পিছত ৪৪ নিযুততকৈও অধিক ফ’ল’ৱাৰছ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু