--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯৫ সংখ্যক একাডেমী বঁটাত 'দ্য এলিফেন্ট হুইচপাৰছ'-এ  অস্কাৰ লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুনীত মঙ্গাৰ  প্ৰযোজিত এই ছবিখনে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ শ্ৰেণীত মনোনীত হৈছিল। 

তামিল ভাষাৰ তথ্যচিত্ৰখনে 'হাউ টু মেজাৰ এ ইয়েৰ', 'ষ্ট্ৰেঞ্জাৰ এট দ্য গেট'ৰ দৰে চলচ্চিত্ৰক চেৰ পেলাই  অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ ভাৰতৰ পৰা তিনিটা মনোনয়ন আছিল। এছ এছ ৰাজামৌলীৰ 'আৰআৰআৰ'ৰ 'নাটু নাটু' গানটোও শ্ৰেষ্ঠ গীতৰ শ্ৰেণীত মনোনীত হৈছে। বঙালী পৰিচালক শৌনক সেনৰ ছবি 'অল দ্যাট ব্ৰিডছ' ফিচাৰ ডকুমেণ্টৰী শ্ৰেণীত আছিল। অৱশ্যে, শৌনাকে বঁটা  জিকিব নোৱাৰিলে। জয়ৰ পিছত গুনিতে ইনষ্টাগ্ৰামত লিখিছে, "এই বিজয় সকলো মহিলাৰ বাবে। ''

গুনিত মংগাৰ দ্বাৰা প্ৰযোজিত আৰু এই বছৰ কাৰ্তিকি গনচালভেছৰ দ্বাৰা পৰিচালিত, 'দ্য এলিফেন্ট হুইচপাৰছ' হৈছে ভাৰতলৈ অস্কাৰ অনা প্ৰথম ভাৰতীয় চুটি ছবি । এইবাৰ  অস্কাৰ দুগৰাকী মহিলাৰ হাতলৈ আহিল। হাতীৰ পোৱালী ৰঘু আৰু দুটা মাউতৰ  জীৱন কাহিনীলৈ এই ছবি খন নিৰ্মাণ কৰা হৈছে। ছবি খনৰ পৰিচালক কাৰ্তিকে গনচালভেছেকয় যে ছবিখন নেটফ্লিক্সতউপভোগ কৰিব পৰা  যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ